Thursday 29 May 2014

লা ইলা-হা ইল্লাহৰ ক্ষমতা


মূল: ডঃ ছালেহ বিন ফাওযান আল ফাওযান
অনুবাদঃ হাফিজ ৰফিকুল ইছলাম ৰিয়াজী

লা ইলা-হা ইল্লাল্লাহ্‌

অর্থাৎ, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এই কথা যদি কোনো ব্যক্তিয়ে সত্যতাৰ সৈতে অন্তৰৰ অন্তঃস্থলৰ পৰা উচ্চাৰণ কৰে, এই কথাৰ অর্থ ও দাবী অনুযায়ী জীৱন পৰিচালনা কৰে, বিশ্বাস আৰু আমলত এই কথাক বাস্তৱিক ৰূপদান কৰে তেন্তে ব্যক্তি ও সমাজ উভয় জীৱনতেই এই কথাৰ প্রভাৱ প্রকৃততেই প্রশংসনীয়।

“ লা ইলাহা ইল্লাল্লাহ”ৰ তিনিটা উল্লেখযোগ্য ক্ষমতাঃ

[১] গোটেই মুছলিম উম্মতক একত্রীকৰণঃ

এই কথা গোটেই মুছলিম উম্মতক ঈমানৰ শক্তিৰে শক্তিশালী কৰিব। ফলত সিহঁত বাতিল শক্তি তথা সিহঁতৰ শত্রু সকলৰ বিপক্ষে সংগ্রামত বিজয়ী হব। আৰু এইটো তেতিয়াই সম্ভৱ যেতিয়া আমি সকলোৱেই আল্লাহ ৰাব্বুল ‘আলামীন কর্তৃক মনোনীত একমাত্র সত্য ধর্ম ইছলামক অনুসৰণ কৰিম, মানি চলিম। যেতিয়া আমাৰ আকীদাহ তথা ধর্মীয় বিশ্বাস হব এক ও অভিন্ন।

মহান আল্লাহ্‌ ৰাব্বুল ‘আলামীনে কৈছেঃ

“ আৰু তোমলোক আটায়ে মিলি সমবেত ভাৱে আল্লাহৰ ৰছীত সুদৃঢ়ৰূপে খামুচী ধৰা আৰু তোমালোক বিভক্ত নহবা।” [ছুৰা আল ইমৰান; ৩:১০৩]

“আৰু সিহঁত যদি তোমাক প্রতাৰিত কৰাৰ ইচ্ছা কৰে তেন্তে তোমাৰ বাবে আল্লাহেই যথেষ্ট, তেৱেঁই তোমাক নিজ সাহায্য দ্বাৰা আৰু মু’মিন সকলৰ দ্বাৰা শক্তিশালী কৰিছে। আৰু তেৱেঁই মু’মিন সকলৰ অন্তৰত প্রীতি ও ঐক্য স্থাপন কৰিছে, যদি তুমি পৃথিৱীৰ গোটেই সম্পদ ব্যয় কৰিলাহেতেন তথাপিও সিহঁতৰ অন্তৰত প্রীতি, সদ্ভাৱ ও ঐক্য স্থাপন কৰিব নোৱাৰিলাহেতেন ; কিন্তু আল্লাহে সিহঁতৰ পৰস্পৰৰ মাজত প্রীতি ও সদ্ভাৱ স্থাপন কৰি দিছে, নিঃসন্দেহে তেওঁ মহাশক্তিমান, মহাকৌশলী।” [ছুৰা আনফাল; ৮:৬২-৬৩]

আকীদাহ তথা বিশ্বাসগত পার্থক্যৰ কাৰণেই মুছলিম উম্মাহৰ মাজত আজি ইমান বিভেদ, অনৈক্য, বিভ্রান্তি আৰু বিশৃঙ্খলা। একমাত্র এই কাৰনেই মুছলিম উম্মাহৰ ভিতৰত আজি ইমান হাইকাজীয়াৰ সৃষ্টি হৈছে।

মহান আল্লাহ্‌ ৰাব্বুল ‘আলামীনে কৈছেঃ

“ নিশ্চয় যিহঁতে নিজৰ ধর্মক খণ্ড-বিখণ্ড কৰিছে আৰু বিভিন্ন দল ও উপদলত বিভক্ত হৈছে, সিহঁতৰ লগত আপোনাৰ কোনো সম্পর্ক নাই, সিহঁতৰ বিষয়টো নিশ্চয় আল্লাহ্‌ৰ অধীনত, অৱশেষত তেওঁ সিহঁতক সিহঁতৰ কার্যকলাপ সম্পর্কে অৱহিত কৰিব।”[ছুৰা আন’আম; ৬:১৫৯]

“ কিন্তু সিহঁত নিজৰ মাজতে নিজ ধর্মক বহুভাগত বিভক্ত কৰিছে; প্রত্যেক দলেই সিহঁতৰ ওচৰত যি আছে সেইটো লৈ আনন্দিত।”[ছুৰা মু’মিনূন; ২৩:৫৩]


আৰু সেয়ে মানুহ তেতিয়া লৈকে প্রকৃত অর্থত ঐক্যবদ্ধ হব নোৱাৰিব যেতিয়া লৈকে সিহঁত ঈমান ও আকীদাহ্‌ সম্পর্কে যথার্থ আৰু বিশুদ্ধ উপলব্ধি অর্জন কৰিব নোৱাৰিব। ইয়াতেই নিহিত আছে “লা ইলা-হা ইল্লাল্লাহ্‌” ৰ তাৎপর্য। এই কথাৰ তাৎপর্য উপলব্ধি নকৰি কাৰো পক্ষে ঈমান ও আকীদাহ্‌গত পৰিশুদ্ধি অর্জন কৰা সম্ভৱ নহয়। ইছলামৰ আৱির্ভাব হোৱাৰ পূর্বে আৰু পিছত আৰব দেশৰ অৱস্থাৰ প্রতি দৃষ্টিপাত কৰিলেই বুজিব পাৰি যে “লা ইলাহা ইল্লাল্লাহ”ৰ কি ক্ষমতা।

[২] শান্তি ও নিৰাপত্তা অর্জন:

যি সমাজ “লা ইলা-হা ইল্লাল্লাহ্‌”ৰ শিক্ষাত বিশ্বাসী আৰু ইয়াৰ শিক্ষাক বাস্তৱ ৰূপ দিয়ে সেই সমাজত বিৰাজ কৰে কেৱল শান্তি ও নিৰাপত্তা। এনে সমাজৰ প্রতিজন মানুহেই কেৱলমাত্র সেই কামৰ প্রতি যত্নশীল হব যিটো আল্লাহ ৰাব্বুল ‘আলামীনে সিহঁতৰ বাবে হালাল বা বৈধ ঘোষণা কৰিছে। পক্ষান্তৰে, সিহঁত সেই সকলো কাম পৰিহাৰ কৰিব যিটো তেওঁ হাৰাম বা অবৈধ ঘোষণা কৰিছে। সমাজৰ প্রতিজন মানুহেই তেতিয়া সিহঁতৰ এক ও অভিন্ন আকীদাহ্‌ তথা ধর্মীয় বিশ্বাসক অনুসৰণ কৰি সকলো কাম সম্পাদন কৰিব। কাৰণ“লা ইলাহা ইল্লাল্লাহ্‌”ৰ দাবী হৈছে, যিয়ে এই কথাৰ মৌখিক স্বীকৃতি দিব তাৰ কর্তব্য হ’ল কার্যৰ দ্বাৰা ইয়াৰ সত্যতা বাস্তবায়ন কৰা। কর্মহীন মৌখিক স্বীকৃতি হৈছে এটা অন্তৰ শূন্য স্লোগান । গতিকে কালিমাৰ শিক্ষাত বিশ্বাসী আৰু সেই শিক্ষাক মানি চলা এনে সমাজৰ লোকসকলৰ দ্বাৰা কেতিয়াও জুলুম-অত্যাচাৰ, অন্যায়, পাৰস্পাৰিক হানাহানি ইত্যাদি সংঘটিত হব নোৱাৰে। এনে সমাজৰ লোক সকলে গভীৰ ভ্রাতৃত্বৰ বন্ধনত আবদ্ধ হৈ সৎকর্ম সম্পাদনৰ বাবে পৰস্পৰক সহযোগিতা কৰিব আৰু ভাল পাব। আৰু সিহঁতৰ এই পাৰস্পাৰিক সহযোগিতা ও ভালপোৱা হব কেৱলমাত্র আল্লাহ্‌ ৰাব্বুল ‘আলামীনৰ বাবে, তেওঁৰ সন্তুষ্টি অর্জনৰ বাবে।
আল্লাহ্‌ ৰাব্বুল ‘আলামীন কৈছেঃ

“মু’মিনসকল পৰস্পৰ ভাই-ভাই।”
[ছুৰা হুজুৰাত; ৪৯:১০]

বিষয়টো অত্যন্ত সুস্পষ্টভাৱে প্রতিফলিত সেই সকল আৰবীয়ানৰ জীৱনত যিহঁত একসময়ত ইছলাম মানি চলা নাছিল। অথচ “লা ইলা-হা ইল্লাল্লাহ্‌” ৰ স্বীকৃতিয়ে আনিছিল সিহঁতৰ জীৱনত এক আমূল পৰিবর্তন। ইছলাম পূর্ব সময়ত সিহঁতৰ জীৱন আছিল পাৰস্পাৰিক কাজিয়া, হিংসা বিদ্বেষ, দ্বন্দ্ব-সংঘাত, খুনাখুনি, লুটতৰাজ ইত্যাদিৰে জর্জৰিত। সেই সকল লোকেই যেতিয়া ইছলাম গ্রহণ কৰিলে তেতিয়া সকলো পৰিবর্তন হৈ গ’ল। যিহঁত তেজৰ বিনিময়ত তেজ কামনা কৰিছিল সিহঁত ইছলামৰ বাবেই শান্তি ও সম্প্রীতিৰ এক অমায়িক বন্ধনত আবদ্ধ হল। যিহঁত আছিল চৰম শত্রু সিহঁতেই হল পৰম বন্ধু। এই হল ইছলাম তথা “লা ইলা-হা ইল্লাল্লাহ্‌”ৰ ক্ষমতা।
আল্লাহ্‌ ৰাব্বুল ‘আলামীনে কৈছেঃ

“ মুহাম্মাদ ছাল্লাল্লা-হু আলাইহি অছাল্লাম আল্লাহ্‌ৰ ৰাছুল; আৰু যিহঁত তেওঁৰ লগত আছে সিহঁত কাফিৰ সকলৰ বিৰুদ্ধে কঠোৰ আৰু পৰস্পৰে সহানুভূতিশীল…। ”
[ছুৰা ফাত্‌হ; ৮৪:২৯]

“ আৰু তোমালোকৰ প্রতি আল্লাহ্‌ৰ যি অনুগ্রহ আছে সেয়া স্মৰণ কৰা, যেতিয়া তোমালোক পৰস্পৰে শত্রু আছিলা তেতিয়া তেৱেঁই তোমালোকৰ অন্তৰত প্রীতি স্থাপন কৰিছিল, তাৰ পিছত তোমালোক তেওঁৰ অনুগ্রহত ভ্রাতৃত্ব বোধত আবদ্ধ হলা…।”
[ছুৰা আল-ইমৰান; ৩:১০৩]

[৩] সুমহান লক্ষ্য অর্জন:

প্রকৃত সুখ-শান্তি অর্জন, পৃথিৱীত খিলাফাত (ইছলামিক কর্তৃত্ব ও শাসন ব্যৱস্থা) প্রতিষ্ঠা, ইছলামৰ বিশুদ্ধ চর্চা আৰু সকলো বাতিল ও চয়তানি অপশক্তিৰ আক্রমণৰ বিৰুদ্ধে ধৈর্য আৰু নিষ্ঠাৰ সৈতে সংগ্রাম চলাই যোৱা- “লা ইলা-হা ইল্লাল্লাহ্‌”ৰ বাস্তৱিক প্রয়োগ বিহীন ইয়াৰ এটাও সম্ভৱ নহয়।
আল্লাহ্‌ ৰাব্বুল ‘আলামীন কৈছেঃ

“তোমালোকৰ মাজত যিহঁত ঈমান আনিব ও সৎকর্ম কৰিব আল্লাহ্‌ সিহঁতক প্রতিশ্রুতি দিছে যে, তেওঁ সিহঁতক পৃথিৱীত খিলাফাত (প্রতিনিধিত্ব) অৱশ্যই প্রদান কৰিব, যেনে তেওঁ (প্রতিনিধিত্ব) প্রদান কৰিছিল সিহঁতৰ পূর্বৱর্তী লোক সকলক আৰু তেওঁ অৱশ্যই সুদৃঢ় কৰিব সিহঁতৰ ধর্মক যিটো সিহঁতৰ বাবে মনোনীত কৰিছে আৰু সিহঁতৰ ভয়-ভীতিৰ পৰিবর্তে সিহঁতক নিশ্চয় নিৰাপত্তা দান কৰিব; সিহঁত কেৱল মোৰেই ইবাদত কৰিব, মোৰ লগত আন কাকো অংশী নকৰিব, আৰু যিহঁত অকৃতজ্ঞ হব সিহঁত ফাছিক ।”
[ছুৰা নূৰ; ২৪:৫৫]

গতিকে আল্লাহ্‌ ৰাব্বুল ‘আলামীনে উল্লেখিত সুমহান লক্ষ্যসমূহৰ অর্জনক আমাৰ বাবে চর্ত কৰি দিছে। অর্থাৎ, আমি এইবোৰ কেৱল মাত্র তেতিয়াই অর্জন কৰিবলৈ সমর্থ হম যেতিয়া আমি কেৱলমাত্র তেওঁৰেই ইবাদত ও আনুগত্য কৰিম, তেওঁ প্রদান কৰা বিধানক প্রশ্নাতীতভাৱে মানি চলিম আৰু তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰিম । আৰু এটোৱেই হল “লা ইলা-হা ইল্লাল্লাহ্‌”ৰ নিহিত তাত্‍পর্য।

আল-ইছতিক্বামাহ্‌, ইছু নং-১

[১] লা ইলাহা ইল্লালাহ্‌, মা ’না'হা, মাকানাতুহা ওয়া ফাজলুহা (পৃষ্ঠা নং:৩৬-৩৯) ৰ পৰা সংক্ষিপ্ত কৰা হৈছে।

0 comments:

Post a Comment

 
Template designed by Rafique Habib