Thursday 13 November 2014

তাই এজনী ভাল মুছলিমা হ'ব বিছাৰে

প্ৰশ্ন:
মই প্ৰকৃত ইছলাম অনুসাৰী নাৰী হ'ব বিছাৰো। মই কেনেকৈ আৰম্ভ কৰিম। মই এতিয়াও তেনে বেয়া নহয়। কিন্ত পাঁচ ওৱাক্ত নামাজৰ আটাইখিনি আদাই কৰিব নোৱাৰো। এতিয়াও সম্পুৰ্ণ ভাৱে ইছলামী পোছাক পৰিধান নকৰো ।মই এতিয়া কেনেকৈ আৰম্ভ কৰিম ।

উত্তৰ:
 সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে। 
প্ৰকৃত ইছলাম মানেই হৈছে ইছলামৰ সকলো হুকুম-আহকাম মানি চলা। ইয়াৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে- নামাজ। যিহেতু নামাজ হৈছে- ইছলাম ধর্মৰ মূলভিত্তি। কিয়ামতৰ দিনা বান্দাক সর্বপ্রথম নামাজ সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। নামাজ হৈছে- ঈমানদাৰ আৰু কাফিৰৰ মাজত পাৰ্থক্য কাৰী অঙ্গীকাৰ। এতেকে যি ব্যক্তি নামাজ ত্যাগ কৰে সি যেন কুফৰ কৰে । গতিকে আপোনাৰ অপৰিহাৰ্য কৰ্তব্য হৈছে- যথাসময়ত নামাজ আদায় কৰা আৰু এই বিষয়ে কোনো ধৰণৰ অৱহেলা নকৰা। 
ইয়াৰ পিছত চৰিয়তৰ আন আন বিধিবিধান পালন কৰাও আপোনাৰ কৰ্তব্য। যেনে- হিজাব কৰা। যি সমূহ উপায় উপকৰণ গ্রহণ কৰিলে ইছলামী বিধিবিধান পালন কৰা সহজ হয় তাৰ মাজত আছে- কোৰআন তিলাৱাত কৰা, নবী ছাল্লাল্লা-হু আলািইহি অছাল্লামৰ জীৱনী পঢ়া, পূণ্যবান লোক সকলৰ জীৱনী আৰু সিহঁতৰ বিভিন্ন ঘটনা সমূহ পঢ়া আৰু আমি আপোনাক কিছুমান মুছলিম সৎ বান্ধৱী নির্বাচন কৰিবলৈ উপদেশ দিওঁ। সৎসঙ্গৰ মাধ্যমত আল্লাহৰ ইচ্ছাত আপুনি ইছলামৰ ওপৰত অবিচল থাকিব পাৰিব।  
প্রিয় বাইদেউ, আপোনাৰ উচিত হ'ব- আত্মসমালোচনা কৰা। আল্লাহ তাআলা কৈছে: মুমিনসকল, তোমালোকে আল্লাহক ভয় কৰা। প্রত্যেক ব্যক্তিৰ উচিত, অহা কালিৰ বাবে সি কি প্রেৰণ কৰিলে, সেইটো চিন্তা কৰা। আল্লাহক ভয় কৰা । তোমালোক যি কৰা, আল্লাহ সেই বিষয়ে অৱগত।[ছুৰা হাছৰ, ৫৯:১৮]
 এই আয়াতত দু দুবাৰ আল্লাহক ভয় কৰাৰ (তাকৱাৰ) নির্দেশ দিয়া হৈছে আৰু এই দুই নির্দেশৰ মাজত আত্মসমালোচনা কৰাৰ আদেশ দিয়া হৈছে। এতেকে ভাবি চাওক, অহাকালিৰ বাবে আপুনি কি কি ভালকাম কৰিছে আৰু কি কি বেয়া কাম পৰিহাৰ কৰিছে। এই আত্মসমালোচনা নিজকে পৰিবৰ্তণ কৰাৰ আটাইতকৈ ডাঙৰ উপায়। কিয়ামতৰ দিন বৰ কঠিন, অতি দীৰ্ঘ, চৰম ভীতিপ্রদ, সেই দিনা মূখমণ্ডল সেমেকা পৰি যাব। এতেকে ভাবি চাওক আপুনি সেই দিনৰ বাবে কি কি নেক আমল প্রস্তুত কৰিছে । বেছি বেছি নেক আমল কৰক। নিয়্যতক একনিষ্ঠ কৰক। সকলো ধৰণৰ পাপকার্য এৰি দিয়ক। পাপ কাম হৈছে- সেইদিনৰ সবাতোকৈ বেয়া প্রস্তুতি। আপুনি আপোনাৰ আটাইতকৈ ভাল আমল লৈ আখিৰাতৰ উদ্দেশ্যে যাত্রা কৰাৰ চেষ্টা কৰক। আল্লাহৰ ওচৰত দুআ কৰিবলৈ নাপাহৰিব । যেন আল্লাহে আপোনাক সৰল পথৰ হিদায়ত দিয়ে আৰু ইয়াৰ ওপৰত আপোনাক অবিচল ৰাখে। 
আমি আল্লাহৰ ওচৰত আমাৰ বাবে আৰু আপোনাৰ বাবে তাওফিক প্রাৰ্থনা কৰিছোঁ, হিদায়ত আৰু ভাল মৃত্যুৰ দুআ কৰিছোঁ। আমাৰ প্ৰিয় নবী মুহাম্মদ ছাল্লাল্লা-হু আলািইহি অছাল্লামৰ  ওপৰত আল্লাহৰ ৰহমত বর্ষিত হওক।
শ্বাইখ মুহাম্মদ ছালেহ আল-মুনাজ্জিদ

0 comments:

Post a Comment

 
Template designed by Rafique Habib