Tuesday 23 September 2014

কোৰবানী জবেহ কৰাৰ সময়ত মৌখিক নিয়্যত কৰা বৈধনে?


  প্ৰশ্নঃ  মৌখিক নিয়ত কৰা বৈধনে? উদাহৰণ স্বৰুপে যদি মই মোৰ মৰহুম পিতৃৰ ফালৰ পৰা কোৰবানী কৰিব বিছাৰো আৰু কওঁঃ হে আল্লাহ এইটো মোৰ পিতৃৰ ফালৰ পৰা তেন্তে এয়া বৈধনে। বা মৌখিক উচ্চাৰণ নকৰাই ভাল?


উত্তৰঃ 
সকলো প্ৰসংশা আল্লাহৰ বাবে।
নিয়্যতৰ সঠিক স্হান হৈছে অন্তৰ। গতিকে যিকোনো সংকল্প বা ইচ্ছা অন্তৰতে হব লাগে।আৰু মৌখিক উচ্চাৰন কৰা ঠিক নহয়। বৰং জবেহ কৰাৰ সময়ত "বিছমিল্লাহি আল্লাহু আকবাৰ" কব লাগে। ইয়াৰ প্ৰমান হৈছে বোখাৰী ও মুছলিমৰ নিম্নলিখিত হাদিছঃ

হজৰতে আনাছ (ৰাঃ) বৰ্ণনা কৰি কয় নবী কৰিম ছাল্লাল্লাহু আলাইহি অছাল্লামে নিজ হাতে দুটা দুম্বা জবেহ কৰিছিল আৰু বিছমিল্লাহি আল্লাহু আকবাৰ কৈছিল।
(ছহীহ বোখাৰী ৭/১৩০ হাঃ ৫৫৫৪ ছহীহ মুছলিম হাঃ ১৯৬৬ মুছনাদ আহমাদ ৩/১১৫)

আৰু এইটো কোৱাত কোনো অসুবিধা নাই যে "এই কোৰবানীটো মোৰ পিতৃৰ ফালৰ পৰা। এইটো নিয়্যতৰ অন্তৰ্ভুক্ত নহয়।

আল্লাহ সৰ্বজ্ঞানী।

1 comments:

Shahnur Islam said...

Alhamdulillah... I am very much glad to know about this topic....Thank you so much to inform that....! May ALLAH blessed you ....Ameen!

Post a Comment

 
Template designed by Rafique Habib