Friday 5 December 2014

ইছলামী দৃষ্টিকোণত অলী আওলিয়া সকলৰ অছীলা গ্রহণ প্ৰথম খণ্ড


শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ ৰহ.
অনুবাদ: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান

الحمد لله والصلاة والسلام على من لا نبي بعده
সকলো প্রশংসা মহান ৰাব্বুল আলামীন আল্লাহৰ বাবে। ছালাত ও ছালাম নিবেদন কৰিছো আমাৰ সৰ্বশেষ নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম আৰু তেওঁৰ সকলো ছাহাবীসকলৰ প্রতি।
বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো ইছলাম সম্পৰ্কে যথাযথ জ্ঞান নথকাৰ কাৰণে বা ইছলাম সম্পৰ্কে উদাসীনতাৰ কাৰণে ইছলাম ধৰ্মৰ নামত বহুতো অনাচাৰকুসংস্কৃতিশিৰ্ক ও বিদআত প্রচলিত হৈছে ও প্রচলন ঘটিছে। ইয়াৰ মাজত এটা হলঅলী আওলিয়া সকলৰ অছীলা লৈ দুআ-প্রাৰ্থনা কৰাসিহঁতৰ ওচৰত সাহায্য বিচৰাসিহঁত ভাল-বেয়া কিবা কৰিব পাৰে বুলি বিশ্বাস কৰাসিহঁতৰ সন্তুষ্টি অৰ্জনৰ মাধ্যমত আল্লাহৰ ৰহমত লাভ কৰা যাব বুলি বিশ্বাস কৰা। এই উদ্দেশ্যে সিহঁতৰ কবৰ জিয়াৰত কৰাসিহঁতৰ কবৰ তোৱাফ কৰাকবৰত ওৰছ উৎসৱ আয়োজন কৰা ইত্যাদি। বহুতো মুছলমান এইবোৰ কাম এই ধাৰনাৰ ভিত্তিত কৰে যেএই কবৰত শুই থকা অলী আওলিয়া সকল আমাৰ প্রতি সন্তুষ্ট হলে আল্লাহৰ ৰহমত লাভ কৰা যাব। অথবা সিহঁতক অছীলা বা মাধ্যম হিচাপে গ্রহণ কৰিলে আল্লাহ আমাৰ ওপৰত সন্তুষ্ট হব। সিহঁতক অছীলা হিচাপে গ্রহণ কৰিবলৈ গৈ তেওঁলোকে সিহঁতৰ মাধ্যমত বা সিহঁতৰ নামত আল্লাহৰ ওচৰত বিপদৰ পৰা মুক্তি কামনা কৰে। আকৌ বহুতে প্ৰত্যক্ষ ভাৱে সিহঁতৰ ওচৰতেই নিজৰ প্রয়োজন ও অভাৱ পুৰণৰ বাবে প্রাৰ্থনা কৰে। বিপদৰ পৰা উদ্ধাৰ কামনা কৰে। তেওঁলোকে ভাৱে এই ধৰণৰ অছীলা গ্রহণ কৰাত ইছলামত নিষেধাজ্ঞা নাই। বৰং এওঁলোকৰ অধিকাংশই ভাৱে যে এই ধৰনৰ অছীলা গ্রহণ কৰা ইছলামত এটা ভাল কাম
কিন্তু আচলতে অছীলা গ্রহণ কৰা কিইয়াৰ বৈধতা কিমান?
পুস্তিকাটোত এই বিষয়টো লৈ আলোচনা কৰাৰ প্রয়াস কৰা হব ইন শ্বা আল্লাহ।
আচল অছীলা হলআল্লাহ তাআলাৰ আনুগত্য আৰু ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ অনুসৰণৰ মাধ্যমত সৎকৰ্ম কৰা আৰু নিষিদ্ধ ও হাৰাম কথা-কৰ্মৰ পৰা আতঁৰত থকা। আৰু নেক আমল সম্পাদন কৰাৰ মাধ্যমত আল্লাহৰ নৈকট্য অৰ্জন কৰা হল আচল অছীলা। ইয়াৰ বাহিৰে আল্লাহৰ সুন্দৰ নামসমূহ ও গুণাৱলীৰ মাধ্যমত অছীলা গ্রহণৰ কথা আল্লাহ তাআলা নিজেই কৈছে।
কিন্তু মৃত অলী আওলিয়া সকলৰ কবৰৰ ওচৰত যোৱাকবৰ তৱাফ কৰাকবৰ-মাজাৰত মান্নত কৰাকবৰত শুই থকা ব্যক্তিৰ উদ্দেশ্যে প্রাৰ্থনা কৰাতাৰ ওচৰত নিজৰ অভাৱ অভিযোগৰ কথা কোৱা ইত্যাদি কামৰ মাধ্যমত অছীলা গ্রহণ কেৱল নিষিদ্ধই নহয় বৰং এইবোৰ শ্বিৰ্ক ও কুফৰী। এইবোৰত কোনবাই লিপ্ত হলে তাৰ ঈমান নষ্ট হৈ যায়। নাউজুবিল্লাহ!
এইটো আছিল মৃত অলী আওলিয়া সকলৰ অছীলা গ্রহণ সম্পৰ্কে। আকৌ বহুতে জীৱিত ব্যক্তি সকলৰ মাধ্যমত নাজায়েয অছীলা গ্রহণ কৰি থাকে। সিহঁতৰ ক্ষেত্ৰত সীমালঙন কৰি থাকে। যেনে গৰুছাগলীহাঁহ কুকুৰা জবেহ কৰাৰ সময়ত কয়আমাৰ পীৰ ছাহাবৰ নামত বা আমাৰ বাবাৰ নামত জবেহ কৰিলো। অথবা নিজৰ পীৰ বা পীৰৰ পৰিয়ালৰ লোক সকলৰ সম্মানৰ বাবে ছাজদা কৰে। এইবোৰ সকলো শ্বিৰ্ক আৰু শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক। বহুতে নিজৰ জীৱিত পীৰ ফকীৰ সকল সম্পৰ্কে ধাৰনা ৰাখে যেআল্লাহ তাআলাৰ লগত তাৰ বিশেষ যোগাযোগ বা সম্পৰ্ক আছেসেয়ে তেওঁৰ মাধ্যমত আল্লাহক পোৱা যাবএইটোও শ্বিৰ্ক।
যিহঁত এদিনা খন লাত উজ্জা প্রভূতি দেৱ-দেৱীৰ পূজা কৰিছিলসিহঁত কিন্তু এই বিশ্বাস পোষন কৰা নাছিল যে এইবোৰ সিহঁতৰ প্রভূ বা সৃষ্টিকৰ্তা। বৰং সিহঁত বিশ্বাস পোষন কৰিছিল যে এইবোৰৰ প্রতি শ্রদ্ধা নিবেদনৰ মাধ্যমত বা এওঁলোকক অছীলা হিচাপে গ্রহণ কৰি সিহঁত আল্লাহৰ নৈকট্য অৰ্জন কৰিব। সিহঁতে এইটোও বিশ্বাস কৰা নাছিল যেএই সকল দেৱ-দেৱী বৰুষুন প্ৰদান কৰে বা জীৱিকা দান কৰে। সিহঁত কৈছিল:
مَا نَعْبُدُهُمْ إِلَّا لِيُقَرِّبُونَا إِلَى اللَّهِ زُلْفَى. (الزمر : 3)
আমি এওঁলোকৰ ইবাদত এই বাবে কৰো যে সিহঁত আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব। (ছুৰা যুমাৰআয়াত ৩)
সিহঁত এই বিষয়ে আৰু কৈছে:
هَؤُلَاءِ شُفَعَاؤُنَا عِنْدَ اللَّهِ . (يونس : 18)
এওঁলোক আমাৰ বাবে আল্লাহৰ ওচৰত ছুপাৰিছ কৰিব। (ছুৰা ইউনূছআয়াত ১৮)
বুজা গল সিহঁত এই অছীলা গ্রহণৰ বাবেই শ্বিৰ্কত লিপ্ত হৈ পৰিল। আৰু এই শ্বিৰ্কৰ বিৰুদ্ধে তাওহীদৰ দাওৱাতৰ বাবেই আল্লাহ তাআলা ৰাছুল সকলক যুগে যুগে প্ৰেৰন কৰিছিল প্রত্যেক সম্প্ৰদায়ত। এই সকল দেৱ-দেৱীৰ ওচৰত যেনেকৈ প্ৰাৰ্থনামূলক দুআ কৰা শ্বিৰ্ক তেনেকৈ সাহায্য প্ৰাৰ্থনা কৰি দুআ কৰাও শ্বিৰ্ক
আল্লাহ তাআলা কৈছে:
قُلِ ادْعُوا الَّذِينَ زَعَمْتُمْ مِنْ دُونِهِ فَلَا يَمْلِكُونَ كَشْفَ الضُّرِّ عَنْكُمْ وَلَا تَحْوِيلًا. (الإسراء : 56)
কোৱা, সিহঁতক মাতা, আল্লাহৰ বাহিৰে তোমালোক যিহঁতক (উপাস্যবুলি ভৱা। সিহঁত তোমালোকৰ দুঃখ-দুৰ্দশা দূৰ কৰাৰ ও পৰিবৰ্তন কৰাৰো ক্ষমতা নাৰাখে।  (ছুৰা ইছৰাআয়াত ৫৬)
আল্লাহ তাআলা আৰু কৈছে:
قُلِ ادْعُوا الَّذِينَ زَعَمْتُمْ مِنْ دُونِ اللَّهِ لَا يَمْلِكُونَ مِثْقَالَ ذَرَّةٍ فِي السَّمَاوَاتِ وَلَا فِي الْأَرْضِ وَمَا لَهُمْ فِيهِمَا مِنْ شِرْكٍ وَمَا لَهُ مِنْهُمْ مِنْ ظَهِيرٍ ﴿22 وَلَا تَنْفَعُ الشَّفَاعَةُ عِنْدَهُ إِلَّا لِمَنْ أَذِنَ لَهُ. (سبأ : 22-23)
কোৱা, তোমালোক আল্লাহৰ বাহিৰে যিহঁতক ইলাহ বুলি ভাবিছিলা সিহঁতক আহবান কৰা। সিহঁত আকাশ সমূহ ও পৃথিৱীৰ মাজৰ অণু পৰিমাণ কোনো বস্তুৰ মালিক নহয়। আৰু এই দুয়োৰ মাজত সিহঁতৰ কোনো অংশীদাৰিত্ব নাই আৰু সিহঁতৰ মাজৰ পৰা কোনেও তাৰ সাহায্যকাৰীও নহয়। আৰু আল্লাহে যাক অনুমতি দিব তাৰ বাহিৰে তেওঁৰ ওচৰত কোনো ছুপাৰিছ কোনো কামত নাহে। (ছুৰা ছাবা, আয়াত ২২-২৩)
এইবোৰ আয়াতত আল্লাহ ৰাব্বুল আলামীনে কৈছেআল্লাহ ব্যতীত যিহঁতক আহবান কৰা হয়, যিহঁতৰ ওচৰত দুআ-প্ৰাৰ্থনা কৰা হয় সিহঁত অনু পৰিমাণ বস্তুও সৃষ্টি কৰিব নোৱাৰে। সিহঁত কোনো সৃষ্টি জীৱৰ সামান্য কল্যাণ কৰাৰো ক্ষমতা নাৰাখে। সিহঁত আশ্রয় প্ৰাৰ্থনাকাৰীক কোনো আশ্রয় দিয়াৰো সামৰ্থ নাৰাখে
নবী কৰীম ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম কবৰক মছজিদ বনাবলৈ নিষেধ কৰিছে। কবৰৰ ওচৰত নামাজ পঢ়িবলৈ নিষেধ কৰিছে। কবৰক ছাজদা কৰিবলৈ নিষেধ কৰিছে। তেখেত মৃত্যুৰ সময়তো কৈছে:
আল্লাহ তাআলা ইহুদী ও খৃষ্টান সকলৰ ওপৰত অভিসম্পাত কৰক। সিহঁত নবী সকলৰ কবৰক ইবাদতৰ স্থান হিচাপে গ্ৰহণ কৰিছে। আৰু ইবাদত-বন্দেগীৰ দ্বাৰা কবৰক সম্মান কৰা হল শ্বিৰ্কত লিপ্ত হোৱাৰ এটা পথ। এনেকৈ কবৰক পূজা কৰাৰ মাধ্যমে মানুহ মূৰ্তি পূজাৰ ফালে ধাবিত হয়।
ওমৰ (ৰাঃ) দুআৰ বাবে আব্বাছ (ৰাঃ) ক অছীলা হিচাপে গ্ৰহণ কৰিছিলএই বিষয়টো লৈ বহুতে মৃত ব্যক্তিৰ অছীলা গ্ৰহণ কৰাৰ বৈধতা প্ৰমান কৰাৰ প্ৰয়াস কৰে। কিন্তু ওম (ৰাঃ) আব্বা (ৰা)ৰ দুআক অছীলা হিচাপে গ্রহণ কৰিছি তেখেতৰ ব্যক্তিত্বক নহয়। আৰু আব্বাছ (ৰাঃ) তেতিয়া জীৱিত আছিল। যি কোনো জীৱিত ব্যক্তিৰ দুআক অছীলা হিছাপে গ্রহণ কৰা যায়। আৰু ওমৰ (ৰাঃ)সেইটোৱে কৰিছিল। তেখেতে কৈছেনবী কাৰীম ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম জীৱিত থকা অৱস্হাত আমি তেখেতৰ অছীলাৰে দুআ কৰিছো। এতিয়া তেখেত নাই গতিকে আমি তেখেতৰ খুৰা আব্বাছক দুআ কৰাৰ ক্ষেত্রত অছীলা হিছাপে গ্ৰহণ কৰিলো। ওমৰ (ৰাঃ)ৰ এই কথাত স্পষ্ট হল যেতেওঁ কোনো মৃত ব্যক্তিক দুআৰ সময়ত অছীলা হিছাপে গ্রহণ কৰা বৈধ বুলি ভৱা নাছিল। নবীকো নহয়।
বিষয়টো হৈছেযেনে আমি কোনো সৎ-নেককাৰ ব্যক্তিক কওঁ যে, মোৰ বাবে দুআ কৰিব। কোনো আলিম বা বুযুৰ্গ ব্যক্তিৰ মাধ্যমত আমি নিজৰ বাবে দুআ কৰাওঁ। এটোও এক ধৰণৰ অছীলা গ্রহণ। আৰু এইটো বৈধ। কিন্তু কোনো বুযুৰ্গ ব্যক্তিৰ মৃত্যুৰ পিছত তাক অছীলা কৰি দুআ কৰাদুআৰ সময়ত তাৰ ৰূহৰ প্রতি মনোনিবেশ কৰা (যেনে কিছুমানে কয় মই মোৰ পীৰ অমুকৰ ফালে মুতাওয়াজ্জুহ হলোঁ), তাৰ পৰা ফয়েজ-বৰকত লাভৰ ধাৰনা কৰাএইবোৰ নিষিদ্ধ ও শ্বিৰ্ক। মৃত ব্যক্তি যিমানেই মৰ্যাদাবান বুযুৰ্গ নহওক কিয় সি কাৰো ভাল-বেয়া উপকাৰ অপকাৰ কৰাৰ ক্ষমতা নাৰাখে। যেতিয়া সি মৃত্যুৰ পিছত নিজৰ বাবে ভাল বেয়া একো কৰিব নোৱাৰে, তেতিয়া আনৰ বাবে কিবা কৰিব পাৰিব বুলি কোনো প্রশ্নই নাহে। সি কাৰো দুআ কবুলৰ ক্ষেত্ৰত কোনো ভূমিকা নাৰাখে। কাৰোবাক উপকাৰ কৰাৰ বা বিপদৰ পৰা উদ্ধাৰ কৰাৰ ক্ষমতা তাৰ নাই।
নবী কাৰীম ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে স্পষ্টভাৱে কৈছে : মৃত ব্যক্তি নিজৰ কোনো উপকাৰ কৰিব নোৱাৰে। তেখেত কৈছে :
إذا مات الإنسان انقطع عنه عمله إلا من ثلاث إلا من صدقة جارية أو علم ينتفع به أو ولد صالح يدعو له .  رواه مسلم
মানুহ যেতিয়া মৃত্যুবৰণ কৰা তেতিয়া তাৰ আমল বন্ধ হৈ যায় কিন্তু তিনিটা কামৰ প্ৰতিফল সি লাভ কৰি থাকে।
. ছদকায়ে জাৰিয়াহ (এনে দান যিটোৰ পৰা মানুহে অব্যাহতভাৱে উপকৃত হৈ থাকেমানুহৰ উপকাৰী ইলম (বিদ্যাসৎ সন্তান যি তাৰ বাবে দুআ কৰে। হাদিছটো মুছলিমে বৰ্ণনা কৰিছে।
হাদীছটোৰ মাধ্যমত স্পষ্টভাৱে জনা গল মৃত ব্যক্তি জীৱিত ব্যক্তি সকলৰ দুআ, ক্ষমা প্রাৰ্থনাৰ ফলত উপকাৰ পাব পাৰে। কিন্তু জীৱিত ব্যক্তি সকল মৃত ব্যাক্তি সকলৰ পৰা এনে কোনো আশা কৰিব নোৱাৰে।
যেতিয়া হাদীছৰ পৰা প্রমাণিত হল যে, কোনো আদম সন্তান যেতিয়া মৃত্যুবৰণ কৰে তেতিয়া তাৰ সকলো আমল বন্ধ হৈ যায়। তাৰ আমলৰে সি কোনো উপকাৰ সাধিব নোৱাৰে লাভ, তেতিয়া আমি কেনেকৈ বিশ্বাস কৰিম যে, অমুক ব্যক্তি কবৰত জীৱিত আছে? তাৰ লগত আমাৰ যোগাযোগ হয়? তেওঁ আমাৰ উপকাৰ কৰিব পাৰে? আমালোকৰ প্রাৰ্থনা শুনে আৰু আল্লাহৰ ওচৰত ছুপাৰিছ কৰে? এইবোৰ এটাও সম্ভৱ নহয় অন্ধ বিশ্বাসহে। এইবোৰ যে শ্বিৰ্ক তাত কোনো সন্দেহ নাই।


                                                                                                                    অব্যাহত...........................

0 comments:

Post a Comment

 
Template designed by Rafique Habib