Wednesday 24 September 2014

কোৰবানীৰ বাবে সংকল্পবদ্ধ হোৱা ব্যক্তি ভুল বশতঃ চুলি নখ আদি কাটিলে তাৰ ওপৰত কোনো কাফ্ফাৰা নাই



অনুবাদঃ হাফিজ ৰফিকুল ইছলাম ৰিয়াজী
ইছলামিক বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব।


প্ৰশ্নঃ জিল হিজ্জা মাহৰ জোন দেখাৰ পিছত মই পাহৰি মোৰ চুলি খেৰুৱাইছো অথচ মই কোৰবানীৰ নিয়ত কৰিছো। তেন্তে মোৰ কিবা কাফ্ফাৰা দিব লাগিব নেকি?


উত্তৰঃ 
সকলো প্ৰসংশা আল্লাহৰ বাবে।

শ্বাইখ আব্দুল আজীজ বিন বাজ (ৰঃ) কৈছেঃ

যিয়ে কোৰবানী কৰিব বিছাৰে তাৰ বাবে জিল হজ্জ মাহৰ জোন দেখাৰ পিছত কোৰবানী নোহোৱা লৈকে চুলি, নখ আৰু শৰীৰৰ কোনো বস্তু কটা নিষেধ। 

কিয়নো নবী কৰীম ছাল্লাল্লাহু আলাইহি অছাল্লামে এনে কৰিবলৈ নিষেধ কৰিছে।

উম্মে ছালমা (ৰাঃ) বৰ্ণনা কৰি কয় নবী কৰীম ছাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

তোমালোকৰ মাজত যিহঁতে কোৰবানী কৰিব বিছাৰে তেওঁৰ বাবে জিল হজ্জ মাহ আৰম্ভ হোৱাৰ পিছত চুলি আৰু শৰীৰৰ কোনো বস্তু কটা অনুচিত। (ছহীহ মুছলিম)

আৰু কোনোবাই যদি কোৰবানীৰ বাবে সংকল্পবদ্ধ হোৱাৰ পিছত ভুল বশতঃ অজানিতে চুলি, নখ আৰু শৰীৰৰ কোনো বস্তু কাটি পেলায় তেন্তে তাৰ ওপৰত কোনো ধৰণৰ কাফ্ফাৰা নাই। কাৰণ আল্লাহ তাআলা এনে পৰিস্হিৰ ভুল ত্ৰুটি ক্ষমা কৰি দিছে।

কিন্ত যদি কোনোবাই ইচ্ছাকৃত ভাৱে এনে কৰে তেন্তে তাৰ আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা উচিত। ইয়াৰ বাহিৰে তাৰ ওপৰত আন কোনো ফিদয়া বা কাফ্ফাৰা নাই।

আল্লাহ সৰ্বজ্ঞানী

(ছাওকঃ ফাতাৱা ইছলামিয়্যা ২ খন্ড ৩১৬ পৃষ্টা)


0 comments:

Post a Comment

 
Template designed by Rafique Habib