Sunday 9 November 2014

মূল্যবান ধন-সম্পদ ওলী সকলৰ কবৰৰ ওচৰত আমানত ৰখা এই বিশ্বাস পোষন কৰি যে, ওলীয়ে এইবোৰৰ হিফাযত কৰিব

প্রশ্ন: কিছুমান মানুহে সিহঁতৰ ধন-সম্পদ, সহায়-সম্পত্তি পুন্যবান ব্যক্তিসকলৰ কবৰৰ ওচৰত আমানত ৰাখে। সিহঁতৰ বিশ্বাস হৈছে- এই পুন্যবান ব্যক্তিসকল সিহঁতৰ সম্পদ সমূহ পহৰা দিব। ফলত সিহঁতৰ ধন-সম্পদ চুৰি নহব , আৰু কোনোৱে আত্মসাৎ কৰিব নোৱাৰিব।
উত্তৰ:   সকলো প্রশংসা একমাত্ৰ আল্লাহৰ বাবে।
 মৃতব্যক্তি সকলৰ কবৰৰ ওচৰত যি সম্পদ সমূহ আমানত ৰখা হয়, সিহঁত এই সম্পদবোৰৰ ৰক্ষণাবেক্ষণ কৰে এই ধৰনৰ বিশ্বাস স্হাপন কৰা সুস্পষ্ট কুফৰি ও আল্লাহৰ ৰুবুবিয়্যাতৰ মাজত শ্বিৰ্ক (অংশীদাৰ)। এই বিশ্বাস পোষন কৰি যি ব্যক্তি মৃত্যুবৰণ কৰিব তাৰ পৰিণতি চিৰস্থায়ী জাহান্নাম।
 এই বিশ্বাস ব্যতীত কেৱল ৰক্ষণাবেক্ষণৰ বাবে অথবা বৰকতৰ বাবে কবৰৰ ওচৰত ধন-সম্পদ ৰখাও অবৈধ। আল্লাহ তাআলা সৰ্বাজ্ঞানী।
 আল্লাহ তাআলাই উত্তম তাওফিকদাতা। আমাৰ প্ৰিয় নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম, তেওঁৰ পৰিয়াল বৰ্গ ও সঙ্গি-সাৰথী সকলৰ ওপৰত আল্লাহৰ ৰহমত ও শান্তি বর্ষিত হওক।
ছৌদি আৰব স্থায়ী কমিটিৰ ফতোৱা সংকলন, খণ্ড-৩, পৃষ্ঠা-৬৮

0 comments:

Post a Comment

 
Template designed by Rafique Habib