Friday 27 March 2015

এপ্রিল ফুল (APRIL FOOL)



এপ্রিল ফুল সম্পৰ্কে নিৰ্দিষ্টভাৱে একো জনা নাই, কিন্তু এই সম্পৰ্কে বহুতো বৰ্ণনা আৰু মতামত পোৱা যায়। এপ্রিল ফুল সম্পৰ্কে কিছুমানে কয়:
আমি বহুতেই এপ্রিল ফুল উদযাপন কৰোঁ। অথচ এই দিবসৰ জন্ম ৰহস্য বা ইয়াৰ প্রেক্ষাপট সম্পৰ্কে সম্পূৰ্ণ অজ্ঞ। আজিৰ পৰা প্রায় এহেজাৰ বছৰ আগত যেতিয়া মুছলমান সকলে স্পেন শাসন কৰিছিল, মুছলমান সকলৰ শক্তি অপ্রতিৰোধ্য আছিল আৰু খ্রিষ্টান সকল মুছলমান সকলক বিশ্বৰ পৰা নিশ্চিহ্ন কৰাৰ বাবে উঠি-পৰি লাগিছিল, যি ক্ষেত্ৰত সিহঁতে এক ধৰণৰ সফলতাও লাভ কৰে, সেই সময়ৰ ঘটনা এইটো। স্পেনৰ পৰা মুছলমান সকলক উৎখাত কৰাৰ বাবে খ্রিষ্টান সকলে বহু কেইবাৰ চেষ্টা চলাইছিল, কিন্তু তাৰ পৰিণাম ব্যৰ্থ। গতিকে সিহঁতে মুছলমান সকলৰ এই অপ্রতিৰোধ্য শক্তিৰ ৰহস্য জনাৰ বাবে চোৰাং চোৱা বিভাগ নিয়োগ কৰিলে। তেওঁলোকে ৰিপোৰ্ট দিলে যে, মুছলমান সকলৰ আত্মিক শক্তিৰ মূল ৰহস্য হৈছে তাকওৱা। তেওঁলোকে একমাত্র আল্লাহক ভয় কৰে সেয়ে আন কাকোৱে ভয় নকৰে।
যেতিয়া সিহঁতে মুছলমান সকলৰ শক্তি বুজি পালে, তেতিয়া সিহঁতে ইয়াৰ গুৰিত আঘাত কৰাৰ বাবে মদ আৰু নিশা জাতীয় সামগ্রী স্পেনত ৰপতানি আৰম্ভ কৰিলে। সিহঁতৰ এই কৌশল কাৰ্যকৰ প্রমাণ হ’ল। ফলত লাহে লাহে মুছলমান সকলৰ ঈমান দুৰ্বল হবলৈ ধৰিলে। ফলত এসময়ত পাশ্চাত্যৰ ক্যাথলিক খৃস্টান সকলে স্পেনৰ যুৱক সকলক নিজৰ আয়ত্ব কৰি পেলালে। প্রায় আট শ বছৰ ধৰি মুছলমান সকলৰ যি ৰাজত্ব চলি আহিছিল তাৰ সৰ্ব শেষ ঘাটি গ্রানাডাৰ পতন ঘটে এক এপ্রিলৰ দিনা। এই বাবেই ইয়াক এপ্রিল ফুল বুলি কোৱা হয়।
তেতিয়াৰ পৰাই সিহঁতে এই দিৱসটো পালন কৰি আহিছে। মুছলমান সকলক ঠগোৱা সেই দিনটোকেই সিহঁতে এপ্রিল ফুল নামে পালন কৰে।
সিহঁতে এই ধোঁকাবাজি কেৱল গ্রানাডাৰ বাহিনীৰ বাবে বুলি নাভাবে বৰং সমগ্র মুছলিম জাতিৰ বাবেই ভাবে। গতিকে যদি আমি এই সমুহ অনুষ্ঠানত অংশগ্রহণ কৰোঁ বা অন্ধসকলৰ দৰে ইয়াৰ অনুকৰণ কৰোঁ তেন্তে এইটো আমাৰ মূৰ্খতাৰ পৰিচয় সূচাব। সেয়ে যদি আমি এই মূল ঘটনা সম্পৰ্কে অৱহিত হওঁ তেন্তে আমাৰ পৰাজয়ৰ দিনা আমি উৎসৱ পালন কৰা কেতিয়াও সম্ভৱ নহব। বৰং স্পেনৰ এই ঘটনাৰ পৰা শিক্ষা লৈ আমাৰ কৰ্তব্য হ’ব এইবোৰ অনুষ্ঠান প্রত্যাখ্যান কৰা আৰু প্ৰকৃত ইছলামক আমাৰ জীৱনত বাস্তৱায়ন কৰা। আৰু সেই সমূহ বস্তুৰ পৰা বিৰত থকা যিবোৰৰ দ্বাৰা ঈমানত দুৰ্বলতা আহে।
এক এপ্ৰিলৰ দিনা মানুহে বিভিন্ন ধৰণৰ মিছা কথা কয়। যেনে : কাৰোবাক সন্তান, স্ত্রী বা ঘনিষ্ঠ কোনো ব্যক্তিৰ মৃত্যু সংবাদ দিয়ে, ফলত কেতিয়াবা সংবাদ গ্রহণ কাৰী ইয়াৰ দুঃখ সহ্য কৰিব নোৱাৰি মৃত্যু বৰণ কৰে। অথবা কোনোবাক সংবাদ দিয়ে, তোমাৰ চাকুৰী গুচি গৈছে, অথবা কাৰো স্ত্রীৰ বিষয়ে মিছা অপবাদ দিয়ে ইত্যাদি বিষয়ে মিছা সংবাদ দিয়ে। ফলত হত্যা, তালাক আৰু বহুতো অপ্রীতিকৰ ঘটনা ঘটি থাকে- যিটো কেতিয়াও কাম্য নহয়।
সেয়ে ইছলাম ধৰ্মই এই ধৰণৰ মিছা, ধোঁকাবাজি আৰু প্রতাৰণাক হাৰাম ঘোষণা কৰিছে।

0 comments:

Post a Comment

 
Template designed by Rafique Habib