শ্বাইখ
মুহাম্মদ বিন ছলেহ আল উছাইমীন
অনুবাদ :ৰফিকুল
ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব
আমাৰ আক্বীদা
আল্লাহৰ প্রতি ঈমান:
আমাৰ আক্বীদা হৈছে: আল্লাহ তা‘আলা, তেওঁৰ সকলো ফিৰিস্তা, ঐশী পুথি সমূহ, ৰাছুল সকল, পৰকাল, আৰু ভাগ্যৰ মঙ্গল-অমঙ্গলৰ প্রতি দৃঢ় বিশ্বাস পোষণ কৰা।
আল্লাহৰ ৰুবুবিয়্যাত
(প্ৰভূত্ব)
আমি আল্লাহ তা‘আলাৰ ৰুবুবিয়্যাতত বা প্ৰভূত্বত বিশ্বাস পোষণ কৰোঁ। অৰ্থাৎ, তেৱেঁই ৰব; খালিক
[সৃষ্টিকৰ্তা] বাদশ্বাহ, সকলো কামৰ মহানিয়ন্ত্রক।
আল্লাহৰ উলুহিয়্যাত
আমি আল্লাহ তা‘আলাৰ উলুহিয়্যাতত ঈমান পোষণ কৰোঁ। ইয়াৰ অৰ্থ হৈছে, তেৱেঁই হৈছে সত্য
ইলাহ। তেওঁৰ বাহিৰে সকলো উপাস্য বাতিল ও অসত্য।
আল্লাহৰ নাম আৰু ছিফাত বা
গুণৱালী
আমি আল্লাহ তা‘আলাৰ সকলো পৱিত্র নাম আৰু ছিফাতৰ ওপৰত বিশ্বাস
পোষণ কৰোঁ। অৰ্থাৎ তেওঁৰ বহুতো পৱিত্র নাম আৰু উন্নত ও পৰিপূৰ্ণ ছিফাত গুণাৱলী আছে।
আল্লাহৰ একত্ববাদ
আমি আৰু বিশ্বাস পোষন কৰোঁ আল্লাহ তা‘আলাৰ ওৱাহদানিয়্যাতত
বা একত্ববাদত। ইয়াৰ অৰ্থ হৈছে তেওঁৰ ৰুবুবিয়্যাত, উলুহিয়্যাত আৰু তেওঁৰ যিমান পৱিত্র নাম আৰু ছিফাত আছে তাত কোনো
অংশীদাৰ নাই।
আল্লাহ তা‘আলা কৈছে:
﴿رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا فَٱعْبُدْهُ وَٱصْطَبِرْ لِعِبَٰدَتِهِۦۚ هَلْ تَعْلَمُ لَهُۥ سَمِيّٗا ٦٥﴾ [مريم:65]
[আল্লাহ] “আকাশ আৰু পৃথিৱী আৰু এই দু’টাৰ মাজত যি আছে
সেই সকলোৰে তেওঁ ৰব (প্ৰভূ)। এতেকে তুমি তেওঁৰেই
ইবাদত কৰা আৰু ইবাদতৰ ক্ষেত্ৰত ধৈৰ্যৰ মাধ্যমত অবিচল থাকা। তেওঁৰ সমতুল্য কোনো সত্তা আছে বুলি তুমি জানানে?” [ছুৰা মাৰিয়ম: ৬৫]।
আমি আৰু বিশ্বাস কৰোঁ যে,
﴿ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡحَيُّ ٱلۡقَيُّومُۚ لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ لَّهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ مَن ذَا ٱلَّذِي يَشْفَعُ عِندَهُۥٓ إِلَّا بِإِذْنِهِۦۚ يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْۖ وَلَا يُحِيطُونَ بِشَيْءٖ مِّنْ عِلْمِهِۦٓ إِلَّا بِمَا شَآءَۚ وَسِعَ كُرْسِيُّهُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَۖ وَلَا يَؤودُهُۥ حِفْظُهُمَاۚ وَهُوَ ٱلْعَلِيُّ ٱلْعَظِيمُ ٢٥٥﴾ [البقرة:255]
“আল্লাহ সেইজনেই, যিজনৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ চিৰজীৱী
আৰু চিৰ বিৰাজমান শাশ্বত সত্তা, তেওঁক টোপনি আৰু কলাঘূমটি
একোৱে নধৰে। আকাশ আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। আল্লাহৰ দৰবাৰত বিনানুমতিত ওকালতি কৰিব পৰা কোন আছে?মানুহৰ সন্মুখত যিবোৰ আছে আৰু যিবোৰ সিহঁতৰ অগোচৰ, সেই সকলোবোৰ
আল্লাহে জানে। তেওঁৰ জ্ঞান ভাণ্ডাৰৰ কোনো কথাই
সিহঁতে আয়ত্তাধীন কৰিব নোৱাৰে। অৱশ্যে কোনো বিষয়ে তেওঁ নিজেই কাৰোবাক জনাব বিচাৰে (সেয়া সুকিয়া কথা)। তেওঁৰ কুৰছী
সমগ্র আকাশ আৰু পৃথিৱীক আৱৰী আছে। (আকাশ আৰু পৃথিৱী) উভয়ৰ ৰক্ষণাবেক্ষণে তেওঁক
কেতিয়াও ক্লান্ত কৰিব নোৱাৰে। তেওঁ সৰ্বোচ্চ অতি মহান”। [ছুৰা আল-বাকাৰাহ: ২৫৫]
আমি আৰু বিশ্বাস কৰোঁ—
﴿هُوَ ٱللَّهُ ٱلَّذِي لَآ إِلَٰهَ إِلَّا هُوَۖ عَٰلِمُ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِۖ هُوَ ٱلرَّحۡمَٰنُ ٱلرَّحِيمُ ٢٢ هُوَ ٱللَّهُ ٱلَّذِي لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡمَلِكُ ٱلۡقُدُّوسُ ٱلسَّلَٰمُ ٱلۡمُؤۡمِنُ ٱلۡمُهَيۡمِنُ ٱلۡعَزِيزُ ٱلۡجَبَّارُ ٱلۡمُتَكَبِّرُۚ سُبۡحَٰنَ ٱللَّهِ عَمَّا يُشۡرِكُونَ ٢٣ هُوَ ٱللَّهُ ٱلۡخَٰلِقُ ٱلۡبَارِئُ ٱلۡمُصَوِّرُۖ لَهُ ٱلۡأَسۡمَآءُ ٱلۡحُسۡنَىٰۚ يُسَبِّحُ لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ ٢٤﴾ [الحشر : 22-24]
“
আল্লাহ সেইজন, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। গোপন আৰু প্রকাশ্য সকলো তেওঁ জানে। তেওঁ ৰহমান (পৰম কৰুণাময়) আৰু ৰহীম (পৰম দয়ালু)। তেৱেঁই আল্লাহ যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। বাদশ্বাহ (গৰাকী)। অতি পৱিত্র। শান্তিৰ ধাৰক। নিৰাপত্তাৰ আঁধাৰ। ৰক্ষণাবেক্ষণকাৰী। তেওঁ পৰাক্রমশালী, সর্বজয়ী, মহাশক্তিধৰ আৰু
নিজ মহত্ব গ্রহণকাৰী। মুশ্বৰিক সকলৰ শ্বিৰ্কৰ
পৰা আল্লাহ সম্পূৰ্ণ পৱিত্র। তেৱেঁই আল্লাহ যিজন সৃষ্টিকৰ্তা, পৰিকল্পনাকাৰী, আকাৰ আকৃতি ৰচনাকাৰী। তেওঁৰ বহুতো সুন্দৰ আৰু ধুনিয়া নাম আছে। আকাশ আৰু পৃথিৱীত যি
আছে সকলোৱে তেওঁৰ প্ৰশংসা কৰে। তেওঁ অতি পৰাক্রমশালী, প্রজ্ঞাময়।” [হাছৰ :
২২-২৪]
আমি বিশ্বাস কৰোঁ যে, আকাশ আৰু পৃথিৱীৰ ৰাজত্ব একমাত্র আল্লাহৰ।
﴿يَخۡلُقُ مَا يَشَآءُۚ يَهَبُ لِمَن يَشَآءُ إِنَٰثٗا وَيَهَبُ لِمَن يَشَآءُ ٱلذُّكُورَ ٤٩ أَوۡ يُزَوِّجُهُمۡ ذُكۡرَانٗا وَإِنَٰثٗاۖ وَيَجۡعَلُ مَن يَشَآءُ عَقِيمًاۚ إِنَّهُۥ عَلِيمٞ قَدِيرٞ ٥٠﴾ [الشورى: 49-50]
“তেওঁ
যি ইচ্ছা সেইটোৱে সৃষ্টি কৰে। যাক ইচ্ছা কৰে কন্যা-সন্তান প্ৰদান কৰে, যাক ইচ্ছা
কৰে পুত্র-সন্তান প্ৰদান কৰে। আকৌ যাক ইচ্ছা কৰে পুত্র-কন্যা উভয় সন্তানেই দান কৰে। আৰু যাক ইচ্ছা বন্ধ্যা কৰি দিয়ে। তেওঁ সৰ্বজ্ঞানী আৰু সকলো বিষয়ে ক্ষমতাবান।” [শুৰা : ৪৯-৫০]
আমি বিশ্বাস কৰোঁ যে,
﴿لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١١ لَهُۥ مَقَالِيدُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ وَيَقۡدِرُۚ إِنَّهُۥ بِكُلِّ شَيۡءٍ عَلِيمٞ ١٢ ﴾ [الشورى: 11-12]
“একোৱে তেওঁৰ লগত ৰিজনি নাখাটে। তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। আকাশমণ্ডল আৰু পৃথিৱীৰ (সকলো ধনভাণ্ডাৰৰ) চাবি তেওঁৰ ওচৰতেই। তেওঁ যাক ইচ্ছা কৰে প্রচুৰ জীৱিকা দান কৰে, আৰু যাক
ইচ্ছা কৰে সীমিত প্ৰদান কৰে। তেওঁ সকলো বিষয়ে শ্ৰেষ্ট জ্ঞানী।” [শুৰা : ১১-১২]
আমি আৰু বিশ্বাস কৰোঁ যে,
﴿وَمَا مِن دَآبَّةٖ فِي ٱلۡأَرۡضِ إِلَّا عَلَى ٱللَّهِ رِزۡقُهَا وَيَعۡلَمُ مُسۡتَقَرَّهَا وَمُسۡتَوۡدَعَهَاۚ كُلّٞ فِي كِتَٰبٖ مُّبِينٖ ٦ ﴾ [هود: 6]
“পৃথিৱীত
বিচৰণকাৰী এনে কোনো জীৱ নাই, যাৰ জীৱিকা ব্যৱস্থা আল্লাহৰ ওপৰত
নহয় আৰু তেওঁ সিহঁতৰ স্থায়ী অস্থায়ী ঠিকনা সম্পৰ্কে অৱহিত। এইবোৰ এক সুস্পষ্ট কিতাপত
লিপিবদ্ধ আছে।” [হুদ : ৬]
আমি আৰু বিশ্বাস কৰোঁ যে,
﴿وَعِندَهُۥ مَفَاتِحُ ٱلۡغَيۡبِ لَا يَعۡلَمُهَآ إِلَّا هُوَۚ وَيَعۡلَمُ مَا فِي ٱلۡبَرِّ وَٱلۡبَحۡرِۚ وَمَا تَسۡقُطُ مِن وَرَقَةٍ إِلَّا يَعۡلَمُهَا وَلَا حَبَّةٖ فِي ظُلُمَٰتِ ٱلۡأَرۡضِ وَلَا رَطۡبٖ وَلَا يَابِسٍ إِلَّا فِي كِتَٰبٖ مُّبِينٖ ٥٩ ﴾ [الأنعام:59]
“অদৃশ্যৰ সকলো চাবিকাঠি তেওঁৰ ওচৰতেই। তেওঁৰ বাহিৰে আন কোনোৱে সেয়া নাজানে। স্থল আৰু জল ভাগত যি আছে সেই সকলো তেওঁ জানে। গছৰ এনে কোনো পাত
নাই যিটো সৰি পৰে আৰু তেওঁ নাজানে। আৰু নাই কোনো শস্য-কণাও
মাটিৰ অন্ধকাৰত আৰু নাই কোনো সতেজ বস্তু অথবা শুকান বস্তু (যিটো তেওঁ নাজানে। এই
সকলোবোৰ) কিন্তু (লিপিবদ্ধ) আছে সুস্পষ্ট কিতাবত।” [আন‘আম : ৫৯]
আমি আৰু বিশ্বাস কৰোঁ যে,
﴿ إِنَّ ٱللَّهَ عِندَهُۥ عِلۡمُ ٱلسَّاعَةِ وَيُنَزِّلُ ٱلۡغَيۡثَ وَيَعۡلَمُ مَا فِي ٱلۡأَرۡحَامِۖ وَمَا تَدۡرِي نَفۡسٞ مَّاذَا تَكۡسِبُ غَدٗاۖ وَمَا تَدۡرِي نَفۡسُۢ بِأَيِّ أَرۡضٖ تَمُوتُۚ إِنَّ ٱللَّهَ عَلِيمٌ خَبِيرُۢ ٣٤ ﴾ [لقمان: 34]
“কিয়ামতৰ সঠিক জ্ঞান আল্লাহৰ ওচৰতেই। তেৱেঁই বৰষূণ বৰ্ষায়। তেৱেঁই জানে গৰ্ভত কি আছে। কোনোৱে নাজানে অহা কালি সি কি উপাৰ্জন কৰিব। আৰু কোনোৱে নাজানে কোন ঠাইত তাৰ মৃত্যু হ'ব। নিশ্চয় আল্লাহ সকলো বিষয়ে জানে আৰু সৰ্ব বিষয়ে অৱগত।” [লোকমান : ৩৪]
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তা‘আলা নিজ ইচ্ছানুযায়ী কথা কয়, যেতিয়া বিচাৰে আৰু যেনেকৈ
বিচাৰে।
﴿ وَكَلَّمَ ٱللَّهُ مُوسَىٰ تَكۡلِيمٗا ١٦٤﴾ [النساء: 164]
“আৰু আল্লাহে মূছাৰ লগত পাতিছিল কথা-বতৰা।” [নিছা : ১৬৪]
﴿وَلَمَّا جَآءَ مُوسَىٰ لِمِيقَٰتِنَا وَكَلَّمَهُۥ رَبُّهُۥ﴾ [الأعراف: 143]
“আৰু
যেতিয়া মূছা আমাৰ নিৰ্দিষ্ট সময়ত আহি পালে আৰু তেওঁৰ প্ৰভূৱে তেওঁৰ লগত কথা পাতিলে”। [আ‘ৰাফ : ১৪৩]
﴿وَنَٰدَيۡنَٰهُ مِن جَانِبِ ٱلطُّورِ ٱلۡأَيۡمَنِ وَقَرَّبۡنَٰهُ نَجِيّٗا ٥٢﴾ [مريم: 52]
“আমি
মূছাক তুৰ [পৰ্বত]ৰ সোঁ ফালৰ পৰা মাত দিলো আৰু গোপন কথা বাৰ্তাৰ দ্বাৰা তেওঁক
নৈকট্য প্ৰদান কৰিলো।” [মৰিয়ম: ৫২]
আমি এই কথাত বিশ্বাসী যে,
﴿قُل لَّوۡ كَانَ ٱلۡبَحۡرُ مِدَادٗا لِّكَلِمَٰتِ رَبِّي لَنَفِدَ ٱلۡبَحۡرُ قَبۡلَ أَن تَنفَدَ كَلِمَٰتُ رَبِّي﴾ [الكهف: 109]
“কোৱা-সাগৰ
সমূহ যদি মোৰ প্ৰভূৰ কথাসমূহ লিখাৰ বাবে চিঁয়াহী হলেহেঁতেন তেনেহলে মোৰ প্ৰভূৰ কথা
শেষ হোৱাৰ আগতেই চিঁয়াহী শেষ হলেহেঁতেন।” [কাহ্ফ : ১০৯]
﴿وَلَوۡ أَنَّمَا فِي ٱلۡأَرۡضِ مِن شَجَرَةٍ أَقۡلَٰمٞ وَٱلۡبَحۡرُ يَمُدُّهُۥ مِنۢ بَعۡدِهِۦ سَبۡعَةُ أَبۡحُرٖ مَّا نَفِدَتۡ كَلِمَٰتُ ٱللَّهِۚ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٞ ٢٧﴾ [لقمان: 27]
“পৃথিৱীত
যিমান গছ আছে, সেই সকলো যদি কলম হলেহেঁতেন, আৰু সাগৰ লগতে আৰু সাতখন সাগৰে ইয়াক চিঁয়াহী সৰবৰাহ কৰিলেহেঁতেন, তথাপিও আল্লাহৰ কথাবোৰ শেষ নহব। নিশ্চয় আল্লাহ পৰাক্রমশালী, প্রজ্ঞাময়।” [লোকমান: ২৭]
আমি বিশ্বাস কৰোঁ যে, সিদ্ধান্ত বা কোনো খবৰ প্ৰদানৰ ক্ষেত্ৰত
আল্লাহৰ কথাই হৈছে আটাইতকৈ বেছি সত্য ও সঠিক আৰু পূৰ্ণতাৰ দাবিদাৰ। হুকুম আহকাম (আদেশ নিৰ্দেশ)ৰ ক্ষেত্রত আটাইতকৈ বেছি ন্যায়ভিত্তিক আৰু ইনছাফপূৰ্ণ। বৰ্ণনাৰ ফালেৰে আটাইতকৈ বেছি সুন্দৰ। আল্লাহ তা‘আলা কৈছে:
﴿وَتَمَّتۡ كَلِمَتُ رَبِّكَ صِدۡقٗا وَعَدۡلٗاۚ﴾ [الأنعام: 115]
“তোমাৰ প্ৰভূৰ কথা সত্যতা আৰু ন্যায়ৰ ফালেৰে পূৰ্ণতা লাভ কৰিছে।”
[আন‘আম : ১১৫]
﴿وَمَنۡ أَصۡدَقُ مِنَ ٱللَّهِ حَدِيثٗا ٨٧﴾ [النساء: 87]
“প্ৰকৃততে
আল্লাহৰ কথাতকৈ অধিক সত্য কথা আৰু কাৰ হ'ব পাৰে?” [নিছা : ৮৭]অব্যাহত............
0 comments:
Post a Comment