প্রশ্ন:বিবাহৰ ৰুকন ও চর্ত কি কি?
উত্তৰ:
সকলো ধৰণৰ প্রশংসা কেৱল আল্লাহ তাআলাৰ বাবে।
ইছলামত বিবাহৰ ৰুকন বা খুঁটা তিনিটা:
এক:
বিবাহ সংঘটিত হোৱাৰ ক্ষেত্রত সমূহ প্রতিবন্ধকতাৰ পৰা দৰা-কইনা উভয় মুক্ত হোৱা। যেনে- দৰা-কইনা পৰস্পৰ মোহৰিম হোৱা; বংশগত কাৰণে হওক অথবা
দুগ্ধপানৰ কাৰণে হওক। দৰা কাফিৰ কিন্তু কইনা মুছলিম হোৱা,
ইত্যাদি।
দুই:
ইজাব বা প্রস্তাৱনা: এইটো ছোৱালীৰ অভিভাৱক বা তাইৰ প্রতিনিধিৰ তৰফৰ পৰা পেশকৃত
প্রস্তাৱনামূলক বাক্য। যেনে- দৰাক লক্ষ্য কৰি কোৱা যে “মই অমুকক তোমাৰ লগত বিয়া দিলো” অথবা এই ধৰনৰ আন কোনো কথা কোৱা।
তিনি:
কবুল বা গ্রহণ: এইটো দৰা বা দৰাৰ প্রতিনিধিৰ তৰফৰ পৰা সম্মতিসূচক
বাক্য। যেনে- দৰা কব পাৰে যে “মই গ্রহণ কৰিলো” অথবা এই ধৰণৰ আন কোনো কথা।
বিবাহ শুদ্ধ হোৱা চর্ত সমূহ নিম্নরূপ:
(১) ইংগিত কৰি দেখুৱা অথবা নাম উল্লেখ কৰি চিনাক্ত কৰা অথবা গুণাৱলী উল্লেখ কৰা নাইবা আন কোনো মাধ্যমত দৰা-কইনা উভয়ক
সুনির্দিষ্ট কৰা।
(২) দৰা-কইনা প্রত্যেকে এজনে আনজনৰ প্রতি সন্তুষ্ট হোৱা। ইয়াৰ প্ৰমান হৈছে-নবী (ছঃ)ৰ বাণী “বিধবা অথবা
তালাকপ্রাপ্ত তাইৰ সিদ্ধান্ত জনা
ব্যতীত (অর্থাৎ তাইৰ পৰা সিদ্ধান্ত
লোৱা হব আৰু তাইক পৰিষ্কাৰভাৱে কব লাগিব অন্যথা) বিবাহ নহব আৰু কুমাৰী ছোৱালীৰ পৰাও সম্মতি লোৱা হব (কথাৰ দ্বাৰা অথবা চুপ হৈ থকাৰ দ্বৰা) । প্ৰশ্ন কৰা হল,ইয়া ৰাছুলাল্লাহ (ছাঃ)! কেনেকৈ সম্মতি দিব (যিহেতু তাই লাজ কৰিব)। তেখেতে কলে,চুপ থকাটোৱেই তাইৰ সম্মতি।”[ছহীহ বুখাৰী, (৪৭৪১)]
(৩) বিবাহৰ আকদ (চুক্তি) কৰাৰ দায়িত্ব ছোৱালীৰ অভিভাৱকে পালন কৰিব। যিহেতু আল্লাহ
তাআলা বিবাহ দিয়াৰ বাবে অভিভাৱকৰ প্রতি নির্দেশনা জাৰী কৰিছে। আল্লাহ
তাআলা কৈছে: “আৰু তোমালোক তোমালোকৰ মাজৰ অবিবাহিত নাৰী-পুৰুষসকলৰ বিবাহ দিয়া।”[ছুৰা নুৰ, ২৪:৩২]
নবী ছল্লাল্লাহু
আলাইহি ওৱা ছাল্লামে কৈছে: “যি নাৰী তাইৰ অভিভাৱকৰ অনুমতি বিহীন বিবাহ কৰিব তাইৰ বিবাহ বাতিল, তাইৰ বিবাহ বাতিল, তাইৰ বিবাহ বাতিল।”[হাদিছটো তিৰমিযি (১০২১) ও
অন্যান্য গ্রন্থকাৰ কর্তৃক সংকলিত
আৰু হাদিছটো ছহীহ]
(৪) বিবাহৰ আকদৰ সময়ত সাক্ষী হোৱা দৰকাৰ। প্ৰমান হৈছে- নবী ছল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, “অভিভাৱক ও দুজন
সাক্ষী বিহীন কোনো বিবাহ নাই।” [তাবাৰানী কর্তৃক
সংকলিত,
ছহীহুল জামে (৭৫৫৮)]।
বিবাহৰ প্রচাৰণা নিশ্চিত কৰিব লাগিব। দলীল হৈছে নবী ছল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ বাণী- “তোমালোক বিবাহ বিষয়টো ঘোষণা কৰা।”[মুছনাদে আহমাদ আৰু ছহীহুল জামে গ্রন্থত হাদিছটোক ‘হাছান’ বুলি কোৱা হৈছে (১০৭২)]
বিবাহৰ অভিভাৱক হোৱাৰ বাবে চর্তঃ
১. সুস্থ মস্তিষ্ক সম্পন্ন হোৱা।
২. প্রাপ্ত বয়স্ক হোৱা।
৩. দাসত্বৰ শৃঙ্খলৰ পৰা মুক্ত হোৱা।
৪.
অভিভাৱক কইনাৰ ধর্মৰ অনুসাৰী হোৱা। এতেকে কোনো অমুছলিম ব্যক্তি মুছলিম নৰ-নাৰীৰ অভিভাৱক হব নোৱাৰে। অনুৰুপভাৱে কোনো মুছলিম ব্যক্তি
অমুছলিম নৰ-নাৰীৰ অভিভাৱক হব নোৱাৰে। কিন্তু অমুছলিম ব্যক্তি অমুছলিম নৰীৰ অভিভাৱক হব পাৰে, যদিও সিহঁত উভয়ৰ ধর্ম বেলেগ বেলেগ নহোওক কিয়। কিন্তু মুৰতাদ ব্যক্তি কাৰো অভিভাৱক হব নোৱাৰে।
৫. আদিল বা ন্যায়পৰায়ন হোৱা। অর্থাৎ ফাছিক নোহোৱা। কিছুমান আলিমে এই চর্তটো আৰোপ কৰিছে। বাকিবোৰে বাহ্যিক আদালতক (দ্বীনদাৰীক) যথেষ্ট বুলি ধৰিছে। আকৌ কাৰোবাৰ মতে, যাক তেওঁ বিবাহ দি আছে তাৰ কল্যাণ
বিবেচনা কৰিব পৰা যোগ্যতা থাকিলেই হব।
৬. পুৰুষ হোৱা। দলীল হৈছে নবী ছল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ বাণী- “এজনী মহিলায় আন এজনী মহিলাক বিবাহ দিব নোৱাৰে। অথবা মহিলা
নিজেই নিজকে বিবাহ পাশত আবদ্ধ কৰিব নোৱাৰে। ব্যভিচাৰীনীয়ে নিজে নিজকে বিবাহ দিয়ে।”[ইবনে মাজাহ
(১৭৮২) ও ছহীহুল জামে (৭২৯৮)।
৭. বুদ্ধিমত্তাৰ যোগ্যতা থকা। এইটো হৈছে বিবাহৰ ক্ষেত্রত সমতা (কুফু) ও
আন আন কল্যাণৰ দিক বিবেচনা কৰিব পৰা যোগ্যতা।
ইছলামী আইনবিদসকল অভিভাৱক সকলৰ এটা ক্রমধাৰা নির্ধাৰণ কৰিছে। এতেকে নিকটবর্তী অভিভাৱক থাকোতে দূৰৱর্তী অভিভাৱকৰ অভিভাৱকত্ব গ্রহণযোগ্য নহয়। নিকটবর্তী অভিভাৱক নাথাকিলে অথবা তাৰ মাজত চর্ত পূৰ্ণ নাথাকিলে দূৰবর্তী অভিভাৱক গ্রহণযোগ্য
হব। নাৰীৰ অভিভাৱক হৈছে- তাঁইৰ পিতা। তাৰ পিছত পিতাই যাক দায়িত্ব দিছে সেই ব্যক্তি। তাৰ পিছত দাদা, যিমানেই উর্দ্ধগামী নোহোওক। তাৰ পিছত তাঁইৰ সন্তান। তাৰ পিছত তাঁইৰ সন্তানৰ সন্তানসকল, যিমানেই নিম্নগামী নোহোওক। তাৰ পিছত তাঁইৰ সহোদৰ ভাই। তাৰ পিছত তাঁইৰ বৈমাত্রেয়
ভাই। তাৰ পিছত এই দুইশ্রেণীৰ ভাতৃৰ সন্তানসকল। তাৰ পিছত তাঁইৰ সহোদৰ শ্রেণীৰ খুৰা। তাৰ পিছত বৈমাত্রেয় শ্রেণীৰ খুৰা। তাৰ পিছত এই দুইশ্রেণীৰ খুৰাৰ সন্তানসকল। তাৰ পিছত মীৰাছ
(উত্তৰাধিকাৰী)ৰ ক্ষেত্রত যিহঁত ‘আছাবা’ হয় সেই শ্রেণীৰ আত্মীয়গণ। তাৰ পিছত নিকটাত্মীয়ৰ পৰা ক্রমান্বয়ে দূৰৰ আত্মীয়। যাৰ কোনো অভিভাৱক নাই মুছলিম শাসক অথবা
শাসকৰ প্রতিনিধি (যেনে বিচাৰক) তাইৰ অভিভাৱক।
শ্বাইখ মুহাম্মদ ছালেহ আলমুনাজ্জিদ