Monday 1 December 2014

আকীদাৰ অর্থ আৰু দ্বীনৰ মৌলিক ভিত্তি হিচাপে ইয়াৰ গুৰুত্বৰ বৰ্ণনা

(ড.ছালেহ বিন ফাওযান ইবন আবদুল্লাহ আল-ফাওযানৰ কিতাপ "আকীদাতুত তৌহীদ"ৰ পৰা অসমীয়া ভাঙনী)
আকীদাৰ আভিধানিক অৰ্থ:
আকীদা শব্দটো আৰবী  العَقدُ(আল-‘আকদু (পৰা লোৱা হৈছেইয়াৰ অৰ্থ কোনো বস্তু বান্ধি ৰখা। যেনে কোৱা হয়عَقدْتُ عَليْهِ القلبَ وَالضَّمِيْرَ  অৰ্থাৎ মই ইয়াৰ ওপৰত হৃদয় ও মনক বান্ধি ৰাখিছোআকীদা হল সেই বিষয়, মানুহে যিটো মানি চলেকোৱা হয়, ‘তেওঁৰ আকীদা ভাল’ অৰ্থাৎ এনে আকীদা পোষন কৰে যিটো সন্দেহমুক্ত। আৰু আকীদা হৈছে অন্তৰৰ কামআৰু সেয়া হৈছে কোনো বিষয়ৰ প্রতি অন্তৰৰ দ্বাৰা বিশ্বাস কৰা আৰু অন্তৰৰ দ্বাৰা সেই বিষয়ক সত্য প্রতিপন্ন কৰা

চৰিয়তি পৰিভাষাত আকীদাৰ অৰ্থ:
     চৰিয়তি পৰিভাষাত আকীদা কোৱা হয়:  আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিস্তা সকলৰ প্ৰতি, তেওঁ অৱতীৰ্ণ কৰা পুথিসমূহৰ প্ৰতি, তেওঁৰ ৰাছুল সকলৰ প্ৰতি আৰু কিয়ামতৰ প্ৰতি আৰু লগতে ভাগ্যৰ মঙ্গল-অমঙ্গলৰ প্ৰতি বিশ্বাস স্হাপন কৰাআৰ ইয়াকে কোৱা হয় ঈমানৰ আৰকান

চৰীয়ত দুই’ভাগত বিভক্ত : আকীদা ও আমল বা অন্তৰৰ বিশ্বাসগত বিষয় ও দৈহিক, আৰ্থিক কৰ্মগত বিষয় :
আকীদাগত বিষয়সমূহ হল, যিটো কৰ্মত ৰূপায়ণ কৰাৰ লগত সংশ্লিষ্ট নহয় অৰ্থাৎ যাৰ কোনো বাহ্যিক কাৰ্যৰুপ নাই। যেনে এই আকীদা পোষণ কৰা যে, আল্লাহ তাআলা ৰব(প্ৰভু) আৰু তেওঁৰ ইবাদত কৰা ওৱাজিব। ঠিক তেনেকৈ ঈমানৰ উল্লে­খিত বাকী আৰকান সমূহৰ প্রতিও বিশ্বাস পোষণ কৰাএইবোৰক কোৱা হয় মৌলিক বিষয়।

আৰু আমলী বিষয়সমূহ হল, যিটো কাৰ্যত পৰিণত কৰা যায়, যেনে ছালাত (নামাজ),যাকাত, ছৌম (ৰোজা)লগতে যাৱতীয় সকলো আমলী বিধান। এইবোৰক কোৱা হয় আনুষঙ্গিক বিষয়। কিয়নো এইবোৰৰ সঠিকতা উক্ত মৌলিক বিষয়সমূহৰ সঠিকতাৰ ওপৰত নিৰ্ভৰশীল।[1]

এতেকে বিশুদ্ধ আকীদা হল এনে মৌলিক ভিত্তি যাৰ ওপৰত দ্বীন স্থাপিত আৰু যিটো থাকিলে আমল শুদ্ধ ও সঠিক হয়। যেনে আল্লাহ তাআলা কৈছে :

﴿فَمَن كَانَ يَرۡجُواْ لِقَآءَ رَبِّهِ فَلۡيَعۡمَلۡ عَمَلٗا صَٰلِحٗا وَلَا يُشۡرِكۡ بِعِبَادَةِ رَبِّهِ أَحَدَۢا ١١٠ [الكهف: ١١٠ 

‘‘এতেকে যি ব্যক্তি তেওঁৰ পালনকৰ্তাৰ সাক্ষাত কামনা কৰে তাৰ বাবে উচিত সি যেন সৎকৰ্ম সম্পাদন কৰে আৰু তাৰ পালনকৰ্তাৰ উপাসনাত যাতে আনক অংশী নকৰে’’[2]
আল্লাহ তাআলা আৰু কৈছে :

﴿ وَلَقَدۡ أُوحِيَ إِلَيۡكَ وَإِلَى ٱلَّذِينَ مِن قَبۡلِكَ لَئِنۡ أَشۡرَكۡتَ لَيَحۡبَطَنَّ عَمَلُكَ وَلَتَكُونَنَّ مِنَ ٱلۡخَٰسِرِينَ [الزمر: ٦٥

‘‘তোমাৰ প্রতি আৰু তোমাৰ পূৰ্বৱৰ্তী সকলৰ প্রতি ৱহী প্ৰেৰণ কৰা হৈছে যে, যদি তুমি (আল্লাহৰ লগত)আনক অংশী কৰা তেনেহলে তোমাৰ (সকলো) আমল নিষ্ফল হৈ যাব আৰু তুমি ক্ষতিগ্রস্ত সকলৰ অন্তৰ্ভক্ত হৈ যাবা’’[3]                
আল্লাহ তাআলা আৰু কৈছে:
﴿فَٱعۡبُدِ ٱللَّهَ مُخۡلِصٗا لَّهُ ٱلدِّينَ ٢ أَلَا لِلَّهِ ٱلدِّينُ ٱلۡخَالِصُۚ [الزمر: ٣
‘‘এতেকে তুমি ইখলাছ ও নিষ্ঠাৰ সৈতে আল্লাহৰ ইবাদত কৰাজানি থোৱা, আল্লাহৰ বাবেই নিষ্ঠাপূৰ্ণ ইবাদত ও আনুগত্য।’’[4]

গতিকে এই মহান আয়াতসমূহ আৰু এনে অৰ্থৰ আৰু বহুসংখ্যক যি আয়াতসমূহ আহিছে সেইবোৰ এইটো প্রমাণ কৰে যে, আমল শ্বিৰ্ক মুক্ত নোহোৱা লৈকে গ্ৰহণযোগ্য নহয়সেই বাবেই ৰাছুল সকল (আল্লাহ তেওঁলোকৰ ওপৰত কৰুণা বর্ষণ কৰক) সৰ্বপ্রথম আকীদা সংশোধনৰ প্রতি গুৰুত্ব আৰোপ কৰিছেসেয়ে তেওঁলোক সৰ্বপ্রথম নিজ নিজ জাতিৰ লোকসকলক একমাত্র আল্লাহৰ ইবাদতৰ প্রতি আৰু আন সকলো বস্তুৰ ইবাদত ত্যাগ কৰাৰ প্রতি আহ্বান জনাইছিল। যেনে আল্লাহ তা‘আলা কৈছে:

﴿ وَلَقَدۡ بَعَثۡنَا فِي كُلِّ أُمَّةٖ رَّسُولًا أَنِ ٱعۡبُدُواْ ٱللَّهَ وَٱجۡتَنِبُواْ ٱلطَّٰغُوتَۖ [النحل: ٣٦
‘‘আমি নিশ্চয় প্রত্যেক জাতিলৈ একো একোজনকৈ ৰাছুল প্রেৰণ কৰিছিলো এই আদেশ দি যে, তোমালোক আল্লাহৰ ইবাদত কৰিবা আৰু তাগুতক পৰিহাৰ কৰিবা’’[5]

প্রত্যেক ৰাছুলেই তেওঁৰ নিজ জাতিক প্রথমে এই কথাৰে সম্বোধন কৰিছিল যে,
﴿ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓ ٥٩ [الاعراف: ٥٨]    
 ‘‘তোমালোক আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো প্রকৃত উপাস্য নাই।’’[6] 
এই কথাষাৰ নূহ, হুদ, ছলেহ, শু‘আইব আৰু সকলো নবী সকল (আল্লাহ তেওঁলোকৰ ওপৰত কৰুণা বৰ্ষণ কৰক) তেওঁলোকৰ নিজ নিজ জাতিক উদ্দেশ্য কৰি কৈছিল
     নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম নবুওৱাতৰ পিছত মক্কাত তেৰ বছৰ পৰ্যন্ত মানুহক তাওহীদৰ প্রতি আৰু আকীদাৰ সংশোধনৰ প্রতি আহ্বান জনাইছিল। কিয়নো আকীদাই হৈছে সেই মূলভিত্তি যাৰ ওপৰত দ্বীনৰ ভিত্তি স্থাপিত। আৰু প্রত্যেক যুগতেই দা‘ঈ-সকল আৰু সংস্কাৰক সকল নবী ও ৰাছুল সকলৰ সেই আদৰ্শৰ অনুসাৰী আছিলেওঁলোক তাওহীদৰ প্রতি আৰু আকীদা সংশোধনৰ প্রতি আহ্বান কৰাৰ দ্বাৰাই তেওঁলোকৰ দাৱাতি কাম আৰম্ভ কৰিছিলতাৰ পিছত তেওঁলোক দ্বীনৰ অন্যান্য নিৰ্দেশনাসমূহ বাস্তৱায়নৰ ফালে মনোনিবেশ কৰে





[1] শ্বাৰহুল-আকীদাহ্ আ-ছাফাৰিনিয়া ১/৪
[2] ছুৰা আল-কাহাফ: ১১০
[3] ছুৰা আয-যুমা: ৬৫
[4] ছুৰা আয-যুমা: ২-৩
[5] ছুৰা আন-নাহল: ৩৬
[6] ছুৰা আল-আ’ৰাফ: ৫৯, ৬৫, ৭৩, ৮৫

0 comments:

Post a Comment

 
Template designed by Rafique Habib