Tuesday 25 November 2014

ব্যভিচাৰৰ পৰা তৌবা

প্রশ্ন: মই নাজানো মোৰ কি কৰা উচিত? মই ডাঙৰ এটা গুনাহ কৰিছো। মই জানো, আমাৰ সুন্দৰ ধৰ্মত “ধৰ্ম গুৰুৰ ওচৰত স্বীকাৰোক্তি” এনে একো  নাই। কিন্তু মই ব্যভিচাৰ কৰিছো। মই আল্লাহৰ ওচৰত তৌবা কৰিব বিচাৰো আৰু ক্ষমা প্রাৰ্থনা কৰিব খোজোঁ। মই ছুৰা নূৰত পাইছো যে, মোৰ দৰে ব্যক্তি কোনো পুতপৱিত্রা নাৰীক বিয়া কৰাব  নোৱাৰিব। এতিয়া মোৰ কি কৰা উচিত? মই আশা কৰোঁ আপনালোক মোৰ বাবে দুআ কৰিব যাতে আল্লাহ তাআলা মোৰ বাবে জাহান্নামৰ শাস্তি লাঘৱ কৰে।

উত্তৰ
সমলো প্রশংসা আল্লাহৰ বাবে।
 এক:
আপুনি আল্লাহৰ ৰহমতৰ পৰা নিৰাশ নহ'ব। আল্লাহ তাআলাৰ এই বাণীটো অধ্যয়ন কৰক “কোৱা, হে মোৰ বান্দা সকল যিহঁত নিজৰ ওপৰত যুলুম কৰিছা তোমালোক আল্লাহৰ ৰহমতৰ পৰা নিৰাশ নহবা। নিশ্চয় আল্লাহ সকলো গোনাহ মাফ কৰে। তেওঁ ক্ষমাশীল, পৰম দয়ালু।”।[ছুৰা যুমাৰ, আয়াত: ৫৩]
 দুই:
আপুনি নিষ্কলুষভাৱে আল্লাহৰ ওচৰত তৌবা কৰক। হাৰামৰ সকলো পথ বন্ধ কৰি দিয়ক। এই পাপত আকৌ পতিত হোৱাৰ সকলো উপায় উপকৰণ কাটি পেলাওক। ইয়াৰ বাহিৰে বেছি বেছি নেক কাম কৰক। কাৰণ নেককাম বেয়া কামক দূৰীভূত কৰে।
 তিনি:
আপুনি যদি আল্লাহৰ ওচৰত একনিষ্ঠ তৌবা কৰি লয় তেতিয়া “ব্যভিচাৰী” বিশেষণৰ পৰা আপুনি মূক্তি পাব। তেনে ক্ষেত্রত আপুনি পুতপৱিত্রা নাৰীক বিয়া কৰা আপুনাৰ বাবে জায়েয হ'ব।
 চাৰি:
আল্লাহৰ ওচৰত দুআ কৰাৰ ক্ষেত্রত মুমিনৰ উচ্চাকাঙ্ক্ষী হোৱা উচিত। ‘মোৰ বাবে জাহান্নামৰ শাস্তি লাঘৱ কৰক’ মুমিন এই দুআ নকৰি বৰং দুআ কৰিব ‘হে আল্লাহ, মোক জাহান্নামৰ শাস্তিৰ পৰা নাজাত দিয়া। হে আল্লাহ, মোক জান্নাতত প্রৱেশ কৰা আৰু জান্নাতুল ফিৰদাউছ প্ৰদান কৰা’। লগতে মুমিন নেক আমল কৰিব  আৰু বেয়া আমলৰ পৰা তৌবা কৰিব। 

0 comments:

Post a Comment

 
Template designed by Rafique Habib