নামাজত মুক্তাদিৰ কোৰআন বহন কৰা ৰাছুলৰ ছুন্নাহৰ (আদৰ্শৰ) পৰিপন্থী

প্রশ্ন:  ৰমজান মাহত তাৰাৱীহ নামাজ পঢ়া অৱস্থাত মুক্তাদিয়ে ইমামৰ তিলাৱত অনুসৰণ কৰাৰ বাবে কোৰআন বহন কৰাৰ হুকুম কি?
উত্তৰ :
সকলো প্রশংসা আল্লাহৰ বাবে।         
এই উদ্দেশ্যে কোৰআন বহন কৰা ৰাছুলৰ ছুন্নাহৰ (আদৰ্শৰ) পৰিপন্থী। ইয়াৰ কাৰণ সমূহ হল নিম্নৰূপ: 
এক: ইয়াৰ দ্বাৰা মুক্তাদিৰ থিয় অৱস্থাত বাওঁ হাতৰ ওপৰত সোঁ হাত ৰখাৰ আমল ত্যাগ হয়।
দুই: ইয়াৰ ফলত মুক্তাদিৰ অতিৰিক্ত লৰচৰ কৰাৰ প্রয়োজন হয়, যাৰ কোনো প্রয়োজন নাই। যেনে কোৰআন খুলা, বন্ধ কৰা, বাহুৰ তলত কোৰআন ৰখা ইত্যাদি।
তিনি: প্রকৃতপক্ষে এই লৰচৰত মুছল্লী ব্যক্তি ব্যস্ত হৈ থাকে।
চাৰি: ইয়াৰ ফলত মুছল্লীৰ ছাজদাৰ স্থানত দৃষ্টি দিয়াৰ আমল এৰি যায় আৰু অধিকাংশ আলিমৰ মতে, ছাজদা কৰাৰ ঠাইত দৃষ্টি দিয়াটো ছুন্নত ও উত্তম।
পাঁচ: যি ব্যক্তি এইদৰে নামাজত কোৰআন বহন কৰে সি হয়তো পাহৰিয়ে যায় যে, সি নামাজত আছে; যদি  সি নামাজত তাৰ মনক মনোনিবেশ কৰাব নোৱাৰে। পক্ষান্তৰে সি যদি খুছু (বিনম্রতা) ৰ সৈতে বাওঁ হাতৰ ওপৰত সোঁ হাত ৰাখি ছাজদাৰ স্থানৰ ফালে মূৰ নত কৰি নামাজ আদায় কৰে, তেন্তে এই পদ্ধতি নামাজত মনোনিবেশ ধৰি ৰখাৰ আৰু সি ইমামৰ পিছত নামাজ পঢ়িছে এই কথা মনত ৰখাৰ সহজ উপায়।
ফাতাওৱা শ্বাইখ মুহাম্মাদ ইবনে ছালেহ আল উছাইমীন, মাজাল্লাতুদ দাওৱাহ (সংখ্যা ১৭৭১, পৃঃ ৪৫)
 
Template designed by Rafique Habib