বিবাহৰ বিধি বিধান

এজনী নাৰীৰ বাবে এটা সময়ত একাধিক স্বামী গ্রহণ কৰা হাৰাম কিয়?


প্রশ্ন: এজন নাৰীৰ বাবে একে সময়ত তিনি অথবা চাৰিজন পুৰুষক বিবাহ কৰা অবৈধ কিয়? অথচ এজন পুৰুষে তিনি বা চাৰিজনী নাৰী বিবাহ কৰিবপাৰে।
উত্তৰ
সকলো প্রশংসা কেৱল আল্লাহৰ বাবে।
 প্রথম: এই বিষয়টো আল্লাহৰ প্রতি ঈমানৰ সৈতে সম্পৃক্ত। পৃথিৱীৰ সকলো ধর্মমতে- কোনো নাৰীৰ বাবে স্বামীৰ বাহিৰে আন কাৰো লগত যৌন মিলনত লিপ্ত হোৱাটো অবৈধ। এই ধর্ম সমূহৰ মাজত কিছুমান ঐশী ধর্ম; যেনে- ইছলাম ধর্ম, অবিকৃত ইহুদি ও খ্রিস্টান ধর্ম। আল্লাহৰ প্রতি ঈমানৰ দাবী হৈছে- তেওঁৰ বিধিবিধান আৰু চৰিয়তক মানি লোৱা। কাৰণ আল্লাহ তাআলাই ভাল জানে কোনটো বিষয় মানুহৰ বাবে কল্যাণকৰ। কিছুমান চৰিয়তি আদেশৰ ৰহস্য আমি বুজিব পাৰো। আকৌ কিছুমান চৰিয়তি আদেশৰ ৰহস্য আমি বুজিব নোৱাৰো।
 পুৰুষৰ বাবে একাধিক স্ত্রী গ্রহণ জায়েয হোৱা আৰু নাৰীৰ বাবে একাধিক স্বামী গ্রহণ কৰা নাজায়েয হোৱাৰ কেইবাটাও কাৰণ সচেতন মহলৰ পৰা অস্পষ্ট নহয়। আল্লাহ তাআলা নাৰী জাতিক গৰ্ভ ধাৰণৰ বাবে সৃষ্টি কৰিছে। পুৰুষে গৰ্ভ ধাৰণ নোৱাৰে । এতেকে কোনো নাৰী যদি (একাধিক পুৰুষৰ সহবাসৰ ফলত) গৰ্ভ ধাৰণ কৰে তেন্তে সন্তানৰ পিতৃৰ পৰিচয় পোৱাটো টান। ইয়াৰ ফলত বংশ গোত্ৰত বেমেজালিৰ সৃষ্টি হব। পৰিয়াল সমূহ বিচ্ছিন্ন হব, শিশু সকল বংশ হাৰা হব আৰু নাৰী তাইৰ সন্তানাদি লালনপালন ও ভৰণপোষণৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈ ভাঙি পৰিব। এনেকৈ এটা পৰ্যায়ত মহিলা সকল স্থায়ী বন্ধ্যাত্বও গ্রহণ কৰিব পাৰে। যাৰ ফলত মানৱ বংশ বিলীন হৈ যাব।
 ইয়াৰ বাহিৰে আধুনিক চিকিৎসা বিজ্ঞানতো এয়া স্পষ্ট হৈছে যে, এইডছৰ দৰে বেয়া ব্যাধি সমূহৰ প্রধান কাৰণ হৈছে- কোনো নাৰীৰ একাধিক পুৰুষৰ সৈতে মিলিত হোৱা। নাৰীৰ গর্ভাশয়ত বহু ধৰণৰ বীর্য একত্রিত হোৱাৰ ফলত এই ধৰণৰ দুৰাৰোগ্য বেমাৰৰ কাৰণ ঘটে। এই কাৰণেই আল্লাহ তাআলা তালাক প্রাপ্ত নাৰী অথবা যি নাৰীৰ স্বামী মৃত্যু বৰণ কৰিছে তাইৰ ওপৰত ইদ্দত পালন কৰা ফৰজ কৰিছে। যাতে এই সময় খিনি এনেকৈ (সঙ্গমহীন) থকাৰ ফলত তাইৰ গৰ্ভাশয় ও ইয়াৰ আশেপাশে থকা স্থান সমূহ আগৰ স্বামীৰ বীর্য ও সঙ্গমৰ আলামতৰ পৰা সম্পূৰ্ণ ভাৱে মুক্ত হৈ যায়।
আশা কৰিছো আলোচনা দীঘল নকৰি ইমানেই যথেষ্ট। আৰু যদি প্রশ্নৰ উদ্দেশ্য  বিশ্ববিদ্যালয় অথবা তদূর্ধ্ব পৰ্যায়ৰ কোনো গবেষণা মূলক হয় তেনেহলে প্রশ্নকৰ্তাৰ উচিত একাধিক স্ত্রী গ্রহণ আৰু ইয়াৰ ৰহস্য বিষয়ে ৰচিত গ্রন্থ সমূহ অধ্যয়ন কৰা। আল্লাহেই তাওফিক দাতা।
শ্বাইখ ছা'দ আল-হুমাইদ
 
Template designed by Rafique Habib