Monday 1 December 2014

আকীদাৰ উৎসগ্রন্থ আৰু আকীদা বিষয়ক জ্ঞানাৰ্জনৰ ক্ষেত্রত পূৰ্বৱৰ্তী আলিম সকলৰ নীতি


 (ড.ছালেহ বিন ফাওযান ইবন আবদুল্লাহ আল-ফাওযানৰ কিতাপ "আকীদাতুত তৌহীদ"ৰ পৰা অসমীয়া ভাঙনী)

আকীদা তৌকিফী(অৰ্থাৎ আকীদাৰ জ্ঞান ৱহী নিৰ্ভৰ)গতিকে চৰিয়ত প্রণেতাৰ তৰফৰ পৰা কোনো দলীল বা প্রমাণ নোহোৱালৈকে কোনো আকীদা সাব্যস্ত কৰিব নোৱাৰিবআকীদাৰ ক্ষেত্রত নিজস্ব মত, অভিমত বা ইজতিহাদৰ কোনো অবকাশ নাই। সেয়ে আকীদাৰ উৎস কেৱলমাত্র আল-কোৰআন আৰু হাদিছত যিটো তথ্য আহিছে তাৰ মাজতেই সীমাবদ্ধ। কিয়নো আল্লাহ সম্পৰ্কে আৰু আল্লাহৰ বাবে কি হোৱা সঙ্গত আৰু কি কি বস্তুৰ পৰা তেওঁ মুক্ত ও পৱিত্র সেইটো তেওঁৰ বাহিৰে আন কোনোৱে নাজানেৰু আল্লাহৰ পিছত ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লামতকৈ আল্লাহ সম্পৰ্কে অধিক জ্ঞান আন কাৰো নাই সেই বাবেই আকীদা অৰ্জনৰ ক্ষেত্রত ছালাফে ছলেহ তথা পূৰ্বৱৰ্তী বিজ্ঞ সৎ আলিমসকলৰ আৰু তেওঁলোকৰ অনুসাৰী সকলৰ নীতি আছিল আল-কোৰআন ও আছ-ছুন্নাহ্’ৰ মাজতেই সীমাবদ্ধ থকা।
এতেকে আল্লাহ তাআলাৰ বিষয়ে কোৰআন ও ছুন্নাহ্ যি প্রমাণ বহন কৰিছে তাৰ প্রতি তেওঁলোক ঈমান আনিছে, ও বিশ্বাস পোষন কৰিছে আৰু সেই অনুযায়ী আমল কৰিছেল্লাহৰ কিতাব ও তেওঁৰ ৰাছুলৰ ছুন্নাহ দ্বাৰা যিটো প্রমাণিত নহয় আল্লাহ তাআলাৰ ক্ষেত্ৰত সেইটো তেওঁলোক অস্বীকাৰ কৰিছে আৰু প্রত্যাখ্যান কৰিছেই বাবেই আকীদাৰ ক্ষেত্রত তেওঁলোকৰ মাজত কোনো মতভেদ হোৱা নাইবৰং তেওঁলোক সকলোৰে আকীদা আছিল এক ও অভিন্ন আৰু তেওঁলোকৰ জামাআত বা দলো আছিল এটাইইয়াৰ কাৰণ হল, যিহঁত আল্লাহৰ কিতাব আৰু তেওঁৰ ৰাছুলৰ ছুন্নাহ খামুচি ধৰিব, আল্লাহ তা‘আলা সিহঁতক এক কালিমাত ঐক্যবদ্ধ থকাৰ আৰু সঠিক আকীদা ও এক নীতিৰ অনুসাৰী হোৱাৰ প্ৰতিশ্ৰুতি দিছেল্লাহ তাআলা কৈছে :
﴿ وَٱعۡتَصِمُواْ بِحَبۡلِ ٱللَّهِ جَمِيعٗا وَلَا تَفَرَّقُواْۚ [ال عمران: ١٠٣
‘‘আৰু তোমালোক ঐক্যবদ্ধভাৱে আল্লাহৰ ৰছি মজবুতকৈ খামুচি ধৰা আৰু পৰস্পৰ বিচ্ছিন্ন নহবা’’[1]
আল্লাহ তা‘আলা আৰু কৈছে:
﴿ فَإِمَّا يَأۡتِيَنَّكُم مِّنِّي هُدٗى فَمَنِ ٱتَّبَعَ هُدَايَ فَلَا يَضِلُّ وَلَا يَشۡقَىٰ ١٢٣ [طه: ١٢٣
‘‘তোমালোকৰ ওচৰত মোৰ ফালৰ পৰা যেতিয়া হিদায়ত আহিব যি ব্যক্তি মোৰ হিদায়ত অনুসৰণ কৰিব সি (কেতিয়াও) ভ্রষ্ট নহব আৰু হতভাগ্যও নহব’’[2]
     এই বাবেই এওঁলোকক ‘‘আল-ফিৰকাহ আন-নাজিয়াহ’’(অৰ্থাৎ বিজয়ী দল অথবা মুক্তিপ্রাপ্ত দল) বুলি অভিহিত কৰা হৈছে। কিয়নো নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম এওঁলোকৰ বাবে নাজাতৰ সাক্ষি দিছিল যেতিয়া তেওঁ কৈছিল এই উম্মত ৭৩টা দলত বিভক্ত হব। যি দল সমূহৰ কেৱল এটাৰ বাহিৰে বাকী আন সকলো দল সমূহ জাহান্নামী হবৰু যেতিয়া তেখেতক প্ৰশ্ন কৰা হল সেই দলটো কোনটো? তেতিয়া তেখেতে কৈছিল, ‘‘মই আৰু মোৰ ছাহাবী সকল আজি যিটো আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত যিহঁত সেই আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত থাকিব তেওঁলোকেই হৈছে সেই মুক্তিপ্রাপ্ত বা নাজাতপ্রাপ্ত দল।’’[3]
     নবী ছাল্লাল্লাহু আলাইহি ছাল্লামে যি সংবাদ দিছিল বৰ্তমান তাৰ সত্যতা বাস্তৱত প্রতিফলিত হৈছে। যি সময়ত কিছুমান লোকে আল-কোৰআন ও ছুন্নাহ ব্যতীত আন আন বিষয় সমূহ যেনে ইলমুল কালাম ও গ্রীকদৰ্শনৰ পৰা উত্তৰাধিকাৰিসূত্রে পোৱা মানতিক বা তৰ্কশাস্ত্রৰ নীতিমালা ওপৰত সিহঁতৰ আকীদাৰ ভিত্তি স্থাপন কৰিছে, গতিকে সিহঁতৰ আকীদাত বক্রতা ও অনৈক্য দেখা দিছে, যাৰ ফলত সিহঁতৰ কথাত বিভক্তি সৃষ্টি হৈছে,আৰু দেখা দিছে মুছলিম জামাতৰ মাজত বিচ্ছিন্নতা আৰু চূৰ্ণ- বিচূৰ্ণ হৈছে ইছলামী সমাজৰ ভিত্তি । 





[1] ছুৰা আলে-ইমৰান: ১০৩
[2] ছুৰা ত্ব-হা: ২৩
[3] হাদিটো ইমাম আহমদে মুনাদ গ্রন্থৰ্ণনা কৰিছে

0 comments:

Post a Comment

 
Template designed by Rafique Habib