Monday 10 November 2014

মুছলমান-অমুছলমান সম্পর্ক সংক্রান্ত নীতিমালা


প্রশ্ন: আমি ইলামী চৰিতৰ আলোক সুস্পষ্টভাৱে জানিব বিচাৰো যে মুছলমান সকলৰ অমুছলমানৰ প্রতি কেনে দৃষ্টি হব লাগে আৰু অমুছলমান সকলৰ লগত কি ধৰনৰ আচৰণ কৰিব লাগে।

উত্তৰ
সকলো প্রশংসা কেৱল আল্লাহৰ বাবে। 
১. ইছলাম ৰহমত ও ন্যায়ৰ ধর্ম। ইছলাম মানুহৰ হিদায়তৰ বাবে আৰু মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ অনাৰ বাবে চেষ্টা কৰে। 
২. হিকমত বা কৌশল, সুন্দৰ উপদেশ ও উত্তম পন্থাৰ দ্বাৰা আলোচনাৰ মাধ্যমেৰে অমুছলমান সকলক দাওৱাত প্ৰদান কৰাৰ বাবে মুছলমান সকলক আদেশ কৰা হৈছে। আল্লাহ তাআলা কৈছে: আৰু তোমলোক উত্তম পন্থাৰ বাহিৰে আহলে কিতাব সকলৰ লগত বিতর্ক নকৰিবা । কিন্তু সিহঁতৰ মাজত যিহঁতে জুলুম কৰিছে তেওঁলোক ব্যতীত।[ছুৰা আনকাবুত, আয়াত: ৪৬] 
৩. ইছলামৰ বাহিৰে আন কোনো ধর্ম আল্লাহৰ ওচৰত  গ্রহণযোগ্য নহয়। আল্লাহ তাআলা কৈছে: “আৰু যি ব্যক্তি ইছলামৰ বাহিৰে আন কোনো ধৰ্ম বিছাৰে সেইটো তাৰ পৰা কেতিয়াও গ্রহণ কৰা নহব আৰু সি আখিৰাতত ক্ষতিগ্রস্ত সকলৰ অন্তর্ভুক্ত হব।[ছুৰা আলে ইমৰান, আয়াত: ৮৫] 
৪. মুছলমানসকলৰ কর্তব্য হৈছে- যে, কোনো কাফিৰক আল্লাহৰ বাণী শুনাৰ সুযোগ কৰি দিয়া। আল্লাহ তাআলা কৈছে: আৰু মুশ্বৰিক সকলৰ কোনোৱে যদি  তোমাৰ ওচৰত আশ্রয় বিছাৰে, তেনেহলে তুমি তাক আশ্রয় দিয়া, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে। তাৰ পিছত তাক নিৰাপদ স্থানলৈ পৌহঁচাই দিয়া।[ছুৰা তৌবা, আয়াত: ৬] 
৫. কাফিৰ সকলৰ প্রকাৰ অনুযায়ী মুছলমান সকল সিহঁতৰ লগত আচৰণ কৰিব। সিহঁতৰ মাজত যিহঁতে শান্তিচুক্তি কৰিছে সিহঁতৰ লগত চুক্তি বজাই ৰাখিব। যিহঁত মুছলমান সকলৰ লগত যুদ্ধত লিপ্ত সিহঁতৰ লগত যুদ্ধত কাফিৰ (হাৰবী) হিচাপে আচৰণ কৰিব। আৰু যিহঁত পৃথিৱীত ইছলামৰ বাণী প্রচাৰ ও ইছলামি হুকুমত প্রতিষ্ঠাৰ পথত প্রতিবন্ধকতা সৃষ্টি কৰে সিহঁতৰ বিৰুদ্ধে জিহাদ কৰিব। 
৬. আল্লাহ সম্পৰ্কে এজন অমুছলিম কি দৃষ্টিভুঙ্গি পোষণ কৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব কোনো মুছলমানৰ লগত  তাৰ আন্তৰিক ভালপোৱা বা ঘৃণাৰ সম্পর্ক। যদি সিহঁত আল্লাহৰ ইবাদত কৰে আৰু তাৰ লগত কোনো অংশীদাৰ সাব্যস্ত নকৰে তেনেহলে মুছলমান সকল সিহঁতক ভাল পাব লাগে। আৰু যদি সিহঁত আল্লাহৰ লগত অংশী কৰে, তেওঁক অস্বীকাৰ কৰে, তেওঁৰ লগত আন কাৰো উপাসনা কৰে অথবা ধৰ্মৰ লগত শত্ৰুতা কৰে আৰু সত্যক প্ৰত্যাখান কৰে তেন্তে সিহঁতক ঘৃণা কৰা মুছলমানৰ বাবে অপৰিহাৰ্য।
৭. কোনো অমুছলিমক আন্তৰিক ঘৃণা কৰাৰ অর্থ এইটো নহয় যে, তাৰ ওপৰত অত্যাচাৰ কৰা। কাৰণ আহলে কিতাব সকলৰ লগত নবী ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ কেনে আচৰণ কৰা আৱশ্যক সেইটো উদ্ধৃত কৰি আল্লাহ তাআলা কৈছে: তোমালোকৰ মাজত ন্যায়বিচাৰ কৰিবলৈ মই আদিষ্ট হৈছো। আল্লাহ আমালোকৰ ও তোমালোকৰ প্ৰভু। আমালোকৰ কৰ্ম আমালোকৰ আৰু তোমালোকৰ কৰ্ম তোমালোকৰ; আমালোকৰ ও তোমালোকৰ মাজত কোনো বিবাদ-বিসম্বাদ নাই; আল্লাহ আমালোকক একত্রিত কৰিব আৰু প্রত্যাৱর্তন তেওঁৰ ওচৰতেই ।” [ছুৰা আশ-শুৰা, আয়াত:১৫] অথচ নবী ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লাম হৈছে মুছলিম, আৰু সিহঁত হৈছে- ইহুদী ও খ্রিস্টান। 
৮. মুছলমানে বিশ্বাস কৰিব যে, কোনো অমুছলিমৰ ওপৰত কোনো প্ৰকাৰৰ জুলুম (অন্যায় অত্যাচাৰ) কৰা অবৈধ। গতিকে কোনো অমুছলিমৰ ওপৰত শাৰীৰিকভাৱে আক্রমণ নকৰিব, ভয় প্রদর্শন নকৰিব , সিহঁতৰ সম্পদ চুৰি বা আত্মসাৎ নকৰিব, সিহঁতৰ অধিকাৰৰ পৰা সিহঁতক বঞ্চিত নকৰিব । সিহঁতে জমা দিয়া আমানতক অস্বীকাৰ নকৰিব । সিহঁতৰ মজুৰিৰ পৰা সিহঁতক বঞ্চিত নকৰিব । সিহঁতৰ পৰা কিবা কিনিলে তাৰ মূল্য পৰিশোধ কৰিব। যৌথভাৱে ব্যৱসা কৰিলে ব্যবসায়ৰ লাভ প্রদান কৰিব। 
৯. মুছলমানে বিশ্বাস কৰিব যে, সি যদি কোনো অমুছলমান প্রতিপক্ষৰ লগত চুক্তিত আবদ্ধ হয় তেনেহলে তাৰ চুক্তিৰ প্রতি সন্মান দেখাব লাগিব। যদি কোনো অমুছলমান মুছলমানসকলৰ পেচকৃত চর্তসমূহ মানিবলৈ একমত হৈ মুছলিম দেশত প্রৱেশ অনুমতি (ভিছা) গ্রহণ কৰে তেন্তে যেতিয়া লৈকে সি অমুছলিম চুক্তিৰ চর্তাৱলী মানি চলিব তেতিয়া লৈকে মুছলমান সকলৰ বাবে চৰ্ত ভঙ্গ কৰা, গাদ্দাৰি কৰা, হত্যা কৰা অথবা বিধ্বংসী কোনো কাম কৰা অবৈধ।
 ১০. মুছলমানে বিশ্বাস কৰিব যে, যি সকল অমুছলিম মুছলমান সকলৰ লগত যুদ্ধ অব্যাহত ৰাখিছে, তেওঁলোকক তেওঁলোকৰ ভূখণ্ডৰ পৰা বহিস্কাৰ কৰিছে অথবা বহিস্কাৰৰ ক্ষেত্রত সহযোগিতা কৰিছে, এই ধৰণৰ অমুছলিমৰ জান ও মাল মুছলমান সকলৰ বাবে হালাল। 
১১. মুছলমানে বিশ্বাস কৰিব যে, শান্তিচুক্তিত আবদ্ধ অমুছলিম সকলৰ লগত ভাল ব্যবহা কৰা, আর্থিক সাহায্য কৰা, ভোগ বিলাসত ভোজন কৰোৱা , বিপদত পৰিলে ঋণ প্ৰদান কৰা, বৈধ বিষয়ে তাৰহৈ ছুপাৰিচ কৰা, কোমল ভাষাত কথা কোৱা, ছালামৰ উত্তৰ দিয়া(কেৱল ওৱা আলাইকুম কোৱা)  ইত্যাদি জায়েয। আল্লাহ তাআলা এই বিষয়ে কৈছা: “দ্বীনৰ ক্ষেত্ৰত যিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক তোমালোকৰ ঘৰৰ পৰা বহিস্কাৰ কৰা নাই, সিহঁতৰ প্রতি সদয় ব্যৱহাৰ কৰিবলৈ আৰু সিহঁতৰ প্রতি ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ কৰা নাই। নিশ্চয় আল্লাহ ন্যায় পৰায়ণ কাৰী সকলক ভাল পায়।।[ছুৰা মুমতাহিনা, আয়াত: ৮] 
১২. অধিকাৰ প্রতিষ্ঠা, অন্যায়ৰ প্রতিৰোধ, মজলুমৰ সাহায্য, যি কোনো অকল্যাণৰ পৰা গোটেই মানৱজাতিকে হিফাযত কৰা যেনে- দূষণ প্রতিৰোধ, নিৰাপদ পৰিৱেশ, মহামাৰী ৰোগৰ সংক্রমন ৰোধ ইত্যাদি ক্ষেত্রত অমুছলিমৰ লগত সহযোগিতা কৰাত কোনো বাধা নাই। 
১৩. মুছলমানে বিশ্বাস কৰিব যে কিছুমান বিধানৰ ক্ষেত্রত মুছলমান ও অমুছলমানৰ মাজত পার্থক্য আছে। যেনে- মূক্তিপণ, উত্তৰাধিকাৰী বণ্টন, বিবাহ, বিবাহৰ অভিভাৱকত্ব, মক্কাত প্রৱেশ ইত্যাদি। ফিকাহৰ গ্রন্থসমূহত এই মছলা সমূহ আলোচনা কৰা হৈছে। কিন্তু এই মছলা সমূহৰ আচল ভিত্তি হৈছে- আল্লাহ ও তেওঁৰ ৰাছুলৰ নির্দেশ। এতেকে এইবোৰ ক্ষেত্রত যিয়ে এক আল্লাহৰ প্রতি ঈমান আনিছে আৰু যিয়ে আল্লাহক অস্বীকাৰ কৰিছে, তাৰ লগত  অংশী কৰিছে আৰু সত্য ধর্মৰ পৰা মুখ ঘুৰাইছে উভয়ৰ মাজত সমতা কৰা সম্ভৱ নহয়। 
১৪. মুছলিম দেশত ও অমুছলিম দেশত আল্লাহৰ প্ৰতি দাওৱাত প্ৰদানৰ বাবে মুছলমান সকল নির্দেশিত। মুছলমান সকলৰ বাবে উচিত যে সত্য দ্বীনৰ বাণী বিশ্ববাসীৰ ওচৰত পৌঁছাই দিয়া। পৃথিৱীৰ চোকে কোনে মছজিদ নিৰ্মান কৰা। অমুছলিম জাতিসমূহৰ ওচৰত দায়ী প্রেৰণ কৰা আৰু সিহঁতৰ শাসকবর্গৰ ওচৰত ইছলাম গ্রহণৰ দাওৱাত প্ৰদান কৰি পত্র প্রেৰণ কৰা। 
১৫. মুছলিম আলিম সকল অমুছলিম সকলৰ লগত সংলাপৰ ব্যৱস্থা কৰিব লাগে। অমুছলিম সকলক আলোচনা কৰাৰ সুযোগ দিব লাগে, সিহঁতৰ কথাবার্তা শুনিব লাগে আৰু সিহঁতৰ সন্মুখত সত্য তুলি ধৰিব লাগে। 
অৱশেষত, আল্লাহ তাআলা কৈছে: কোৱা, ‘হে ঐশী পুথি প্ৰাপ্ত সকল, আহা এনে এক কথালৈ, যিটো আমালোকৰ আৰু তোমালোকৰ মাজত সমান যে, আমি একমাত্র আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰো। তেওঁৰ লগত কাকো অংশী নকৰো আৰু আমালোকৰ মাজত কোনোৱে আল্লাহৰ বাহিৰে আন কাকো প্ৰভু হিচাপে গ্রহণ নকৰিব । তাৰপিছত যদি সিহঁত বিমুখ হয় তেনেহলে কোৱা, ‘তোমলোক সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম।[ছুৰা আলে ইমৰান, আয়াত: ৬৪] আল্লাহ তাআলা আৰু কৈছে: আৰু যদি আহলে কিতাব সকলে ঈমান আনিলেহেতেন, তেন্তে অৱশ্যই সেইটো সিহঁতৰ বাবে কল্যাণকৰ হলেহেতেন। সিহঁতৰ মাজত কিছুমান ঈমানদাৰ। আৰু সিহঁতৰ অধিকাংশই ফাছিক।
শ্বাইখ মুহাম্মদ ছালেহ আল-মুনাজ্জিদ


0 comments:

Post a Comment

 
Template designed by Rafique Habib