Sunday 11 January 2015

ইছলামী দৃষ্টিকোণত অলী আওলিয়া সকলৰ অছীলা গ্রহণ দ্বিতীয় খণ্ড

শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ ৰহ.
অনুবাদৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান

যোৱা সংখ্যাৰ পিছৰ পৰা
মৃত ব্যক্তিয়ে যে কবৰত একো শুনিব নোৱাৰে, কোনোৱে সিহঁতক একো শুনাব নোৱাৰে এই কথাটো আল্লাহ ৰাব্বুল আলামীন আল কোৰআনত বৰ্ণনা কৰিছেতেওঁ নবী ছাল্লাল্লা-হু আলাইহি অছাল্লামক সম্বোধন কৰি কৈছে:

إِنَّكَ لَا تُسْمِعُ الْمَوْتَى وَلَا تُسْمِعُ الصُّمَّ الدُّعَاءَ. (النمل : 80)

নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, আৰু তুমি কলা ব্যক্তিক আহবান শুনাব নোৱাৰিবা(ছুৰা নামল, আয়াত ৮০)
যেতিয়া নবী কৰীম ছাল্লাল্লা-হু আলাইহি অছাল্লাম কোনো মৃতক একো শুনাব নোৱাৰে, তেতিয়াহলে সাধাৰণ মানুহে কেনেকৈ এই অসাধ্য সাধন কৰিব পাৰে? গতিকে আমি মৃতসকলৰ কবৰত গৈ যিবোৰ কওঁ, যিবোৰ প্রাৰ্থনা কৰোঁ সেইবোৰ সিহঁতে একোৱে শুনিব নোৱাৰেযেতিয়া সিহঁতে শুনিবই নোৱাৰে, তেতিয়া সিহঁতে প্রাৰ্থনাকাৰীৰ প্রাৰ্থনা কেনেকৈ কবুল কৰিব? কেনেকৈ সিহঁতৰ প্ৰয়োজন-আকাংখা পূৰণ কৰিব?
আল্লাহ তাআলা ব্যতীত যিবোৰৰ উপাসনা কৰা হয়, সেই সকলো বাতিল। আল্লাহ তাআলা কৈছে:
وَلَا تَدْعُ مِنْ دُونِ اللَّهِ مَا لَا يَنْفَعُكَ وَلَا يَضُرُّكَ فَإِنْ فَعَلْتَ فَإِنَّكَ إِذًا مِنَ الظَّالِمِينَ ﴿106 وَإِنْ يَمْسَسْكَ اللَّهُ بِضُرٍّ فَلَا كَاشِفَ لَهُ إِلَّا هُوَ وَإِنْ يُرِدْكَ بِخَيْرٍ فَلَا رَادَّ لِفَضْلِهِ يُصِيبُ بِهِ مَنْ يَشَاءُ مِنْ عِبَادِهِ وَهُوَ الْغَفُورُ الرَّحِيمُ ﴿107 (يونس)
আৰু আল্লাহৰ বাহিৰে এনে কাৰোবাক নামাতিবা, যিয়ে তোমাৰ একো উপকাৰ কৰিব নোৱাৰে আৰু তোমাৰ একো ক্ষতিও কৰিব নোৱাৰে। এতেকে তুমি যদি (এনে) কৰা, তেন্তে নিশ্চয় তুমি অন্যায়কাৰী সকলৰ অন্তৰ্ভুক্ত হবা। আৰু আল্লাহে যদি তোমাৰ কোনো ক্ষতি কৰিব বিছাৰে, তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই সেইটো দূৰ কৰিবলৈআৰু তেওঁ যদি তোমাৰ কল্যাণ বিচাৰে, তেন্তে তেওঁৰ অনুগ্রহৰ প্রতিৰোধকাৰী কোনো নাই। তেওঁ তাৰ বান্দাসকলক যাক ইচ্ছা তাকেই সেইটো দান কৰে। আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়ালু (ছুৰা ইউনূছ, আয়াত ১০৬-১০৭)
এই আয়াতে স্পষ্ট কৰে যে আল্লাহ ব্যতীত যিহঁতক মাতা হয়, যিহঁতৰ ওচৰত দুআ-প্রাৰ্থনা কৰা হয় সেই সকলোবোৰ বাতিল। আৰু স্পষ্ট হল যে, এইবোৰ কোৰো উপকাৰ কৰিব নোৱাৰে বা ক্ষতি সাধন কৰিবও নোৱাৰে
যেতিয়া সিহঁত সকলোৱে বাতিল, সিহঁতৰ ওচৰত দুআ-প্রাৰ্থনা কৰিলে যেতিয়া কোনো উপকাৰ নহয় তেতিয়াহলে কিয় সিহঁতৰ স্মৰণাপন্ন হব? কিয় সিহঁতক অছীলা ৰূপে গ্রহণ কৰা হব? কিয় সিহঁতৰ কবৰত গৈ দুআ কৰা হব?
বহুতো বিভ্রান্ত লোকক কওঁতে শুনা যায় যে, অমুক অলীৰ মাজাৰ যিয়াৰত কৰিবলৈ গৈছিলো। তাত গৈ এই দুআ কৰিছিলোঁদুআ কবুল হৈছে, যি মাগিছিলো সেইটো পাইছো ইত্যাদি। এই ধৰনৰ কথা-বাৰ্তা আল্লাহ তাআলাৰ প্রতি মিথ্যাৰোপৰ অন্তৰ্ভুক্ত
হয়, হব পাৰে অলী আওলিয়াসকলৰ মাজাৰত গৈ কিবা বিচাৰিলে সেয়া যে অৰ্জন নহব এইটো নুই কৰিব নোৱাৰিএতেকে অৰ্জন হলে সেইটো দুটা কাৰণে হব পাৰে:
এক. অলীৰ মাজাৰত গৈ যি বিচৰা হৈছে সেইটো পুৰণ কৰা কোনো সৃষ্টিজীবৰ পক্ষে সম্ভৱ হবও পাৰে অথবা নহবও পাৰেযদি সম্ভৱ হয়, তেনেহলে হব পাৰে চয়তানে প্রাৰ্থীত বিষয়সমূহ অৰ্জন কৰাই দিছেযাতে  শ্বিৰ্কৰ প্রতি আসক্তি সৃষ্টি হয়। যি বিছাৰিছে, চয়তানে সেইবোৰেই তাক প্ৰদান কৰিছেকিয়নো যি সমূহ ঠাইত আল্লাহ তাআলা ব্যতীত আনৰ ইবাদত কৰা হয় সেই সমূহ ঠাইত চয়তান বিচৰণ কৰেযেতিয়া চয়তানে কোনো ব্যক্তিক কবৰ পূজা কৰি থকা দেখে, তেতিয়া সি তাক সাহায্য কৰে। যেনেকৈ সি সাহায্য কৰে মূৰ্ত্তীপূজাৰী সকলক। সি সিহঁতৰ এই ধৰণৰ সকলো শ্বিৰ্কী কৰ্মবোৰ সিহঁতৰ ওচৰত সৌন্দৰ্য কৰি উপস্থাপন কৰে বুলি আল্লাহ তাআলায় কোৰআনৰ বহু ঠাইত উল্লেখ কৰিছে
ঠিক এনেকৈ চয়তানে গণক ও জোতিষিসকলকো সাহায্য কৰে সিহঁতৰ কাজ-কৰ্মতসেয়ে কেতিয়াবা এইবোৰ গণকসকলৰ কথা ও ভৱিষ্যতবাণী সত্যত পৰিণত হোৱা দেখা যায়।
এনেকৈ চয়তান মানুহৰ আকৃতি ধাৰণ কৰি বিপদগ্রস্ত মানুহক কয় অমুক মাজাৰত যোৱা, তেন্তে কাম হব। পিছত সি যেতিয়া মাজাৰত যায় তেতিয়া চয়তান মানুহৰ ৰূপ ধাৰণ কৰি তাৰ সাহায্য কৰিবলৈ আগুৱাই আহেফলত বিপদগ্ৰস্হ মানুহজন ধাৰণা কৰে মাজাৰত শুই থকা অলীয়ে তাক সাহায্য কৰিছে। এনেকৈ চয়তান মানৱ সমাজত শ্বিৰ্কৰ প্রচলন ঘটাইছে আৰু শ্বিৰ্কৰ প্রসাৰ কৰি আছে
দুই. আৰু যদি প্রাৰ্থীত বিষয়টো এনে হয় যিটো পুৰণ কৰা কেৱল আল্লাহ তাআলাৰ পক্ষেই সম্ভৱ, তেনেহলে বুজিব লাগিব যে এই বিষয়টো অৰ্জনৰ কথা তাকদীৰত (ভাগ্যত) আগতেই লিখা হৈছিল। কবৰত শুই থকা ব্যক্তিৰ বৰকতত এইটো অর্জন হোৱা নাই
গতিকে সকলো বিবেকসম্পন্ন মানুহে বুজিব লাগিব যে মাজাৰত গৈ দুআ কৰিলে কবুল হয় বুলি বিশ্বাস কৰা সকলো ক্ষেত্ৰতেই কুসংস্কাৰ। কোনোবাই যদি মাজাৰত গৈ দুআ প্রাৰ্থনা কৰে, মাজাৰ পূজা কৰি মানুহৰ পৰা ফিৰিস্তাত পৰিণত হয় তেনেহলেও বিশ্বাস কৰা ঠিক নহব যে, এইটো মাজাৰত শুই থকা অলীৰ কাৰণে হৈছে। ইয়াৰ নামেই হৈছে ঈমান। ইয়াৰ নামেই হৈছে নিৰ্ভেজাল তাওহীদ। তাওহীদৰ বিশ্বাস যদি শ্বিৰ্কমিশ্রিত হয়, কু সংস্কৰযুক্ত হয় তেনেহলে ব্যক্তিৰ মুক্তি নাই।
কাল্পনিক কাৰামত
বহুত মানুহেই মুজিযা আৰু কাৰামতৰ পাৰ্থক্য নাজানেমুজিযা আৰু কাৰামত কি সেয়া নুবুজেমুজিযা হল এনে অলৌকিক বিষয় যিটো নবীসকলৰ দ্বাৰা প্রকাশ পায়। আৰু কাৰামত হল এনে অলৌকিক বিষয় যিটো আল্লাহ তাআলাৰ প্রিয় বান্দাসকলৰ পৰা প্রকাশ পায়। মুজিযা প্রকাশৰ চৰ্ত হল নবী বা ৰাছুল হোৱাআৰু কাৰামত প্রকাশৰ চৰ্ত হল পূণ্যবান ও মুত্তাকী হোৱাএতেকে যদি কোনো বিদআতী পীৰ-ফকিৰ বা শ্বিৰ্কত লিপ্ত ব্যক্তিসকলৰ পৰা অলৌকিক কিবা এটা প্রকাশ পায়  তেন্তে সেইটো মুজিযাও নহয়, কাৰামতো নহয়। সেইটো হল দাজ্জালী ধোকা-বাজি বা প্রতাৰণা।
বহুতো নিৰ্বোধ মানুহে ধাৰনা কৰে যে মুজিযা বা কাৰামত, সাধনা বা চেষ্টা-প্রচেষ্টা কৰি অৰ্জন কৰা যায়। বা মানুহে ইচ্ছা কৰিলেই সেইটো কৰিব পাৰে সেয়ে এই অজ্ঞ লোকসকলে ধাৰনা কৰে অলী আউলিয়াসকল ইচ্ছা কৰিলেই কাৰামতৰ মাধ্যমত বহু কিছু ঘটাব পাৰে, বিপদৰ পৰা মানুহক উদ্ধাৰ কৰিব পাৰেকিন্তু আচল কথা হল, কাৰামত কোনো ব্যক্তিৰ ইচ্ছাধীন নহয়। এইটো একমাত্র আল্লাহৰ ইচ্ছাধীন। মানুহে ইচ্ছা কৰিলে কেতিয়াও কাৰামত সংঘটিত কৰাব নোৱাৰে, সি যিমানেই ডাঙৰ অলী বা পীৰ নহওক কিয়
এই কথা কোনো বিবেক সম্পন্ন মানুহেই বিশ্বাস নকৰে যে, এজন ব্যক্তিৰ প্রাণ গুচি যোৱাৰ পিছত তাৰ কিবা কৰাৰ ক্ষমতা থাকে। আকৌ যদি সি কবৰত গুচি যায় তেন্তে কেনেকৈ সি কিবা কৰাৰ ক্ষমতা সংৰক্ষণ কৰে?
এই ধৰনৰ কথা সিহঁতেই বিশ্বাস কৰিব পাৰে অজ্ঞতাৰ ক্ষেত্রত যিহঁতৰ কোনো তুলনা নাই। অলীতো দূৰৰ কথা কোনো নবীৰ কবৰকো পূজা কৰা বৈধ নহয়নবীৰ কবৰো পিছৰ কথা, জীৱিত থকাকালিন কোনো নবীৰ ইবাদত কৰা, অথবা তেওঁক দেৱতা জ্ঞান কৰি পূজা কৰা অবৈধএইটো ইছলামত কঠোৰভাৱে নিষিদ্ধ। আল্লাহ তাআলা কৈছে :
مَا كَانَ لِبَشَرٍ أَنْ يُؤْتِيَهُ اللَّهُ الْكِتَابَ وَالْحُكْمَ وَالنُّبُوَّةَ ثُمَّ يَقُولَ لِلنَّاسِ كُونُوا عِبَادًا لِي مِنْ دُونِ اللَّهِ وَلَكِنْ كُونُوا رَبَّانِيِّينَ بِمَا كُنْتُمْ تُعَلِّمُونَ الْكِتَابَ وَبِمَا كُنْتُمْ تَدْرُسُونَ ﴿79 وَلَا يَأْمُرَكُمْ أَنْ تَتَّخِذُوا الْمَلَائِكَةَ وَالنَّبِيِّينَ أَرْبَابًا أَيَأْمُرُكُمْ بِالْكُفْرِ بَعْدَ إِذْ أَنْتُمْ مُسْلِمُونَ ﴿80. (آل عمران)
কোনো মানুহৰ বাবেই উচিত নহয় যে, আল্লাহে তেওঁক কিতাব, হিকমত ও নবুওৱাত দান কৰাৰ পিছত সি মানুহক কব, তোমালোক আল্লাহক এৰি মোৰ উপাসনাকাৰী হৈ যোৱাবৰং সি কব, তোমালোক ৰাব্বানী(আল্লাহ ভক্ত) হোৱাকিয়নো তোমালোকে কিতাবৰ শিক্ষা দিছিলা আৰু সেইটো অধ্যয়ন কৰিছিলাআৰু তিওঁ তোমালোকক নিৰ্দেশ নকৰে যে, তোমালোক ফিৰিস্তা ও নবীসকলক প্রভূ ৰূপে গ্রহণ কৰাতোমালোক মুছলিম হোৱাৰ পিছত তেওঁ তোমালোকক কুফৰীৰ কৰাৰ নিৰ্দেশ  দিবনে? (ছুৰা আলে ইমৰান, আয়াত ৭৯-৮০)
মুশ্বৰিকসকলৰ অৱস্থা : অতীত ও বৰ্তমান
যিহঁতে কবৰ মাজাৰ আদি পূজা কৰে সিহঁতে কয় যে, মুশ্বৰিকহঁতে মূৰ্তি পূজা কৰেআমিতো মূৰ্তি পূজা নকৰোআমি আমাৰ পীৰ দৰবেশসকলৰ মাজাৰ জিয়াৰত কৰোঁএওঁলোকৰ ইবাদত বা পূজা নকৰোঁসিহঁতৰ অছীলাৰে আল্লাহৰ ওচৰত দুআ-প্রাৰ্থনা কৰোঁ যেন আল্লাহ তাআলাই সিহঁতৰ সম্মানৰ খাতিৰত আমালোকৰ দুআ-প্রাৰ্থনা কবুল কৰেএইটো কোনো ইবাদত নহয়। এওঁলোকক আমি কওঁ, মৃত ব্যক্তিৰ ওচৰত সাহায্য ও বৰকত কামনা কৰা দৰাচলতে তেওঁৰ ওচৰত দুআ কৰাৰ অন্তৰ্ভুক্তযেনে ইছলামপূৰ্ব অজ্ঞতা যুগত পৌত্তলিকসকলে মূৰ্তিৰ ওচৰত দুআ-প্রাৰ্থনা কৰিছিলগতিকে অজ্ঞতা যুগৰ মূৰ্তি পূজা আৰু বৰ্তমান যুগৰ কবৰ পূজাৰ মাজত কোনো পাৰ্থক্য নাই। এই দুয়োটা কৰ্ম লক্ষ্য উদ্দেশ্যেৰ ফালেৰে এক ও অভিন্ন। যেতিয়া অজ্ঞতা যুগৰ মুশ্বৰিকসকলক কোৱা হল তোমালোক কিয় এই মূৰ্তিসমূহৰ ইবাদত কৰা? সিহঁতেতো একো কৰিবলৈ ক্ষমতা নাৰাখেতেতিয়া সিহঁত ইবাদতৰ বিষয়টো অস্বীকাৰ কৰিছিল আৰু কৈছিল:
مَا نَعْبُدُهُمْ إِلَّا لِيُقَرِّبُونَا إِلَى اللَّهِ زُلْفَى. (الزمر : 3)
আমি এওঁলোকৰ ইবাদত নকৰোঁ, কিন্তু এই বাবে যে এওঁলোক আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব(ছুৰা যুমাৰ, আয়াত ৩)
ঠিক এইদৰে আমাৰ সমাজৰ কবৰপূজাৰী সকলেও কয় যে, আমি কবৰত শুই থকা অলীৰ ইবাদত নকৰোঁতাৰ ওচৰত দুআ নকৰোঁআমাৰ উদ্দেশ্য কেৱল এই যে, এওঁলোক আল্লাহৰ ওচৰত প্রিয়। এওঁলোকৰ জৰিয়তে আল্লাহৰ অনুগ্রহ অৰ্জন কৰা যাবএই অলীসকলক আমি আমাৰ আৰু আল্লাহ তাআলাৰ মাজত মাধ্যম বুলি গণ্য কৰোঁ
গতিকে পৰিণামৰ ফালেৰে অজ্ঞতা যুগৰ মুশ্বৰিকসকলৰ মূৰ্তি পূজা আৰু বৰ্তমান যুগৰ মুছলমানসকলৰ কবৰ পূজা এক ও অভিন্ন। দুয়ো একেই ধৰনৰ শ্বিৰ্ক
মুহাব্বাত ভালপোৱাৰ ক্ষেত্রত শ্বিৰ্ক
অন্তৰৰ একাগ্র ভালপোৱা ও শ্রদ্ধা আল্লাহ ব্যতীত আৰু কোনো সৃষ্টিয়ে পাব নোৱাৰেএই নিৰ্ভেজাল শ্রদ্ধাপূৰ্ণ ভালপোৱা হল একধৰণৰ ইবাদত। যিহঁতে ভাৱে আমি এই কবৰৰ অলী ও বুযুৰ্গসকলক অত্যাধিক ভালপাওঁ, এওঁলোকক শ্রদ্ধা কৰোঁ, এওঁলোকক সম্মান কৰোঁ তেন্তে এইটোও এটা শ্বিৰ্কৰু এই অতিৰিক্ত ভালপোৱা ও শ্রদ্ধাৰ কাৰণেই সিহঁত অলী-বুযুৰ্গসকলৰ কবৰত মান্নত কৰে, কবৰ প্রদক্ষিণ কৰে, কবৰ সু-সজ্জিত কৰে, কবৰত ঔৰচ অনুষ্ঠান কৰেকবৰবাসীৰ ওচৰত সিহঁত সাহায্য বিচাৰে, উদ্ধাৰ কামনা কৰেযদি কবৰবাসীৰ প্রতি অতিমাত্ৰা সম্মান ও ভালপোৱৱা নাথাকিলেহেতেন, তেন্তে সিহঁত এইবোৰৰ এটাও নকৰিলেহেতেনৰু এই ধৰনৰ ভালপোৱা কেৱল আল্লাহ তাআলাৰ বাবেই নিবেদন কৰিব লাগেআল্লাহ ব্যতীত আনৰ বাবে নিবেদন কৰা শ্বিৰ্ক
আল্লাহ তাআলা কৈছে:
وَمِنَ النَّاسِ مَنْ يَتَّخِذُ مِنْ دُونِ اللَّهِ أَنْدَادًا يُحِبُّونَهُمْ كَحُبِّ اللَّهِ وَالَّذِينَ آَمَنُوا أَشَدُّ حُبًّا لِلَّهِ. (البقرة : 165)
আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহ আছে, যিহঁতে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্রহণ কৰে, আল্লাহক ভালপোৱাৰ দৰে সিহঁতকো ভালপায়আৰু যিহঁতে ঈমান আনিছে, সিহঁত আল্লাহৰ ভালপোৱাত দৃঢ়তৰ(ছুৰা আল বাকাৰা, আয়াত ১৬৫)
দৃঢ়তৰ, সচা ও সাৰ্বক্ষণিক ভালপোৱা কেৱল একমাত্র আল্লাহ তাআলাৰ প্রাপ্য। এইটো আনক নিবেদন কৰিলে শ্বিৰ্ক হৈ যাবমুশ্বৰিক পৌত্তলিকসকলে সিহঁতৰ দেৱ-দেৱীসকলৰ বাবে এই ধৰণৰ ভালপোৱা পোষণ কৰে
আল্লাহ মানুহৰ অতি ওচৰতমানুহে আল্লাহৰ ওচৰত তাৰ প্রাৰ্থনা পৌঁচাবলৈ মাধ্যম বা অছীলা বিচাৰেকিন্তু কিয়? আল্লাহ তাআলা কি মানুহৰ পৰা অতি আতঁৰত? আৰু মাজাৰত শুই থকা সেই সকল পীৰ অলী মানুহৰ ওচৰত আল্লাহতকৈ অতি নিকটনে? কেতিয়াও নহয়। এজন ব্যক্তি যেতিয়া প্রাৰ্থনা কৰে তেতিয়া সকলোতকৈ আগত সেইটো প্ৰত্যক্ষভাৱে আল্লাহৰ ওচৰত পৌঁছি যায়।পৱিত্ৰ কোৰআনত আল্লাহ তাআলা নিজেই কৈছে:
وَإِذَا سَأَلَكَ عِبَادِي عَنِّي فَإِنِّي قَرِيبٌ أُجِيبُ دَعْوَةَ الدَّاعِ إِذَا دَعَانِ فَلْيَسْتَجِيبُوا لِي وَلْيُؤْمِنُوا بِي لَعَلَّهُمْ يَرْشُدُونَ. (البقرة : 186)
আৰু যেতিয়া মোৰ বান্দাসকলে তোমাক মোৰ বিষয়ে প্ৰশ্ন কৰিব, (কোৱা) নিশ্চয় মই অতি সন্নিকটমই প্রাৰ্থনাকাৰীৰ প্ৰাৰ্থনাৰ উত্তৰ দিওঁ, যেতিয়া সি মোক প্ৰাৰ্থনা কৰেএতেকে সিহঁত যেন মোৰ আহব্বানত উত্তৰ দিয়ে আৰু মোৰ প্রতি ঈমান আনে। সম্ভৱত সিহঁত সঠিক পথত চলিব(ছুৰা বাকাৰা, আয়াত ১৮৬)
মানুহে প্ৰত্যক্ষভাৱে কোনো মাধ্যমবিহীন আল্লাহ তাআলাৰ ওচৰত তাৰ সকলো প্রাৰ্থনা নিবেদন কৰিবএইটোৱেই ইছলামৰ এটা বৈশিষ্ট ও মহান শিক্ষাআল্লাহ তাআলাৰ ওচৰত দুআ-প্রাৰ্থনা কৰাত কোনো ধৰণৰ মাধ্যম গ্রহণ কৰাৰ প্ৰয়োজন নাই
দুআ-প্রাৰ্থনাত মাধ্যম বা অছীলা গ্রহণ কৰা এক ধৰণৰ বিজাতীয় বিষয়। হিন্দু, বৌদ্ধ খৃষ্টানসহ আন আন ধৰ্মৰ লোকসকলে আল্লাহৰ ওচৰত প্রাৰ্থনা কৰিবলৈ মূৰ্তি, পাদ্রী ও ধৰ্মযাজকসকলক মাধ্যম হিচাবে গ্রহণ কৰেএই দিশৰ বিবেচনাত এইটো এটা কুফৰী সংস্কৃতি, যিটো কোনো মুছলমানে অনুসৰণ কৰিব নোৱাৰে
দুআ-প্রাৰ্থনাত আল্লাহৰ ওচৰত গ্রহণযোগ্য সৎকৰ্মসমূহক অছীলা হিচাপে গ্ৰহণ কৰিব পাৰিতেনেকৈ আল্লাহ ৰাব্বুল আলামীনৰ নামসমূহ অছীলা হিচাপে লোৱাৰ বাবে   পৱিত্ৰ কোৰআনত নিৰ্দেশ দিয়া হৈছে। আল্লাহ তাআলা কৈছে:
وَلِلَّهِ الْأَسْمَاءُ الْحُسْنَى فَادْعُوهُ بِهَا وَذَرُوا الَّذِينَ يُلْحِدُونَ فِي أَسْمَائِهِ سَيُجْزَوْنَ مَا كَانُوا يَعْمَلُونَ. (الأعراف : 180)

আৰু আল্লাহৰ বাবেই হৈছে সুন্দৰতম নামসমূহ। এতেকে তোমালোক তেওঁক সেই নামবোৰৰ দ্বাৰাই মাতাআৰু সিহঁতক বৰ্জন কৰা যিহঁতে তেওঁৰ নামবোৰ বিকৃতি ঘটায়। সিহঁতে যি কৰিছে অনতিপলমে সিহঁতক সিহঁতৰ প্রতিফল দিয়া হব(ছুৰা আল আৰাফ, আয়াত ১৮০)
অৱশেষত কওঁ, যিহঁতে এই ধৰনৰ অন্যায় অছীলা গ্রহণৰ মাধ্যমত শ্বিৰ্কত লিপ্ত হৈছে সিহঁত উভতি আহকআমাৰ দায়িত্ব কেৱল সত্য বিষয়টো আপোনালৈ পৌঁছাই দিয়া। এইবোৰ অছীলা নি:সন্দেহে শ্বিৰ্কআৰু শ্বিৰ্ক এনে এক মহা-পাপ যিটো আল্লাহ কেতিয়াও ক্ষমা নকৰিবযিয়ে এই শ্বিৰ্কত লিপ্ত হব জাহান্নামেই হব তাৰ ঠিকনা। আল্লাহ তাআলা কৈছে:
إِنَّهُ مَنْ يُشْرِكْ بِاللَّهِ فَقَدْ حَرَّمَ اللَّهُ عَلَيْهِ الْجَنَّةَ وَمَأْوَاهُ النَّارُ وَمَا لِلظَّالِمِينَ مِنْ أَنْصَارٍ. (المائدة : 72)

নিশ্চয় যিয়ে আল্লাহৰ লগত অংশী স্হাপন কৰে, তাৰ ওপৰত আল্লাহ জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হব জাহান্নাম আৰু অন্নায়কাৰীসকলৰ বাবে কোনো সাহায্যকাৰী নাই। (ছুৰা মায়িদা, আয়াত ৭২)
গতিকে আমাৰ বাবে একান্ত কৰ্তব্য হল, আমাৰ সকলো ইবাদত-বন্দেগী, দুআ-প্রাৰ্থনা নিৰ্ভেজালভাৱে একমাত্র এক আল্লাহ তাআলাৰ বাবে নিবেদন কৰাতেওঁ যি কৰিবলৈ কৈছে আমি সেইটোৱে কৰিমআমি নিজে একো উদ্ভাৱন নকৰোঁতেওঁৰ ৰাছুল চল্লাল্লাহু আলাইহি অছাল্লাম আমাক যেনেকৈ প্রাৰ্থনা কৰিবলৈ শিকাইছে আমি ঠিক সেইভাৱেই প্রাৰ্থনা কৰিমতেওঁ যেনেকৈ অছীলা গ্রহণ অনুমোদন কৰিছে, আমি সেইদৰে অছীলা গ্রহণ কৰিমইয়াৰ ব্যতিক্রম হলে আমি ইছলামৰ পৰা আঁতৰ হৈ যামগতিকে সৰ্বক্ষেত্রতেই আমাৰ কৰ্তব্য হব কোৰআন ও ছহীহ হাদীছ অনুসৰণ কৰাযদি আমি এনেকৈ জীৱন-যাপন কৰোঁ তেন্তে পৃথিৱীতো কল্যাণ আৰু পৰকালত চিৰস্হায়ী সুখ ও সফলতা লাভ কৰিব পাৰিমঅন্যথা, উভয় জগতত আমি ক্ষতিগ্রস্ত হৈ যামআল্লাহ ৰাব্বুল আলামীন আমাক সকলোকে শ্বিৰ্কৰ পৰা হিফাজত কৰক-মীন!


সমাপ্ত

0 comments:

Post a Comment

 
Template designed by Rafique Habib