Thursday 13 November 2014

অসৎ কামৰ বাধা প্ৰদান কেনেকৈ কৰিব

প্রশ্ন: “তোমালোকৰ মাজত যিয়ে কোনো অসৎ কাম কৰা দেখিবলৈ পায় সি যেন হাতৰ দ্বাৰা সেইটো পৰিবৰ্তন কৰে” এই হাদিছটোৱে কি এই কথা স্পষ্ট কৰে যে, আমি অসৎ কামৰ প্রতিৰোধ প্ৰত্যক্ষ ভাৱে হাতেৰে  আৰম্ভ কৰিম যদিও সেই অসৎ কাৰ্যটো মৌখিক ভাৱে প্রতিহত কৰা সম্ভৱ।

উত্তৰ:
আলহামদুলিল্লাহ।
 অসৎ কামৰ বাধা প্ৰদান কৰাৰ কেইবাটাও শ্ৰেণী আছে। এই ক্ষেত্রত ক্রমধাৰা অবলম্বন কৰিব লাগিব। প্রাথমিকভাৱে সংশ্লিষ্ট ব্যক্তিক সাৱধান কৰা, (আদেশ) স্মৰণ কৰাই দিয়া। ইয়াৰ পিছত জান্নাতৰ প্রতি উদ্বুদ্ধ কৰা ও জাহান্নামৰ পৰা সাৱধান কৰা। তাৰ পিছত ধমকি দিয়া ও তিৰস্কাৰ কৰা। ইয়াৰ পিছত হাতৰ দ্বাৰা প্রতিৰোধ কৰা। তাৰ পিছত বেত্রাঘাত ও শাস্তিৰ ব্যৱস্থা কৰা। অৱশেষত তাৰ বিৰুদ্ধে শত্ৰুতা পোষন কৰা আৰু তাক বিচাৰকৰ সম্মুখীন কৰা।
 আল্লাহ সৰ্বজ্ঞানী।
আল-মাওছুআ আল-ফিকহিয়্যা, খণ্ড- ৩৯, পৃষ্ঠা- ১২৭

0 comments:

Post a Comment

 
Template designed by Rafique Habib