Friday 14 November 2014

দায়ী সকল কোনটো বিষয়ৰ দ্বাৰা নিজৰ দাৱাতী কাম আৰম্ভ কৰিব


প্রশ্ন: কি বিষয়ৰ দ্বাৰা দাৱাতি কাম আৰম্ভ কৰা অপৰিহাৰ্য সেইটো লৈ ইয়াত ইছলামী দল সমূহৰ পৰস্পৰৰ মাজত মতানৈক্য হৈছে। সেইটো কি ৰাজনৈতিক দিক, নে আকিদা, নে আখলাক বা শিষ্টচাৰ...? আপোনালোকে কোনটো বিষয়ৰ দ্বাৰা দাৱাতি কাম আৰম্ভ কৰাক উচিত বুলি ভাৱে।
উত্তৰ:
চৰিয়তৰ বিধান হৈছে- প্ৰথমে আকিদা বিষয়লৈ দাৱাতি কাম আৰম্ভ কৰা। যেনেকৈ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম আকিদাৰে দাৱাতি কাম আৰম্ভ কৰিছিল আৰু আন আন ৰাছুল সকলেও আকিদাৰ দ্বাৰাই নিজৰ দাৱাতি কামৰ শুভৰাম্ভ কৰিছিল। ইয়াৰ প্ৰমান হৈছে - মুআজ (ৰাঃ) ৰ হাদিছ। (ৰাছুল ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম)এ কৈছে: তুমি অতি সোনকালে আহলে কিতাব সম্প্রদায়ৰ ওচৰত যাবা। সিহঁতৰ ওচৰত যোৱাৰ পিছত সিহঁতক লা ইলাহা ইল্লাল্লাহ, মুহাম্মাদ ৰাছুলুল্লাহ- (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। মুহাম্মদ আল্লাহৰ ৰাছুল ) এই সাক্ষ্য প্রদানৰ প্রতি আহ্বান জনাবা। যদি সিহঁত তোমাৰ এই দাৱাত গ্ৰহণ কৰে তেনেহলে সিহঁতক জানাবা যে, আল্লাহ তাআলা দিনে ৰাতি সিহঁতৰ ওপৰত পাঁচ ওৱাক্ত নামাজ ফৰজ কৰিছে। যদি সিহঁত তোমাৰ এই দাৱাত কবুল কৰে তেনেহলে সিহঁতক জনাবা যে, আল্লাহ সিহঁতৰ ওপৰত যাকাত প্রদান কৰিবলৈ ফৰজ কৰিছে। সেয়া সিহঁতৰ মাজত যিহঁত ধনী সিহঁতৰ পৰা আদায় লোৱা হব আৰু সিহঁতৰ দুখিয়া সকলৰ মাজত বণ্টন কৰা হব। যদি সিহঁত তোমাৰ এই দাৱাতো গ্ৰহণ কৰে তেনেহলে সাৱধান তুমি সিহঁতৰ উত্তম সম্পদ সমূহ (যাকাত হিচাপে) উলাই নিনিবা। আৰু মজলুমৰ বদদুআক ভয় কৰা। মজলুমৰ বদদুআ আৰু আল্লাহৰ মাজত কোনো পৰ্দা নাই।
দাৱাতৰ উদ্দেশ্য যদি কাফিৰ হয় তেন্তে সিহঁতৰ ক্ষেত্রত এই পদ্ধতিটো প্রযোজ্য। আৰু দাৱাতৰ উদ্দেশ্য যদি মুছলমান হয় তেনেহলে দ্বীনৰ যি বিষয় সমূহ সিহঁত নাজানে অথবা যি বিষয় সমূহত সিহঁত অৱহেলা কৰে সেই বিষয় সমূহ সিহঁতক জনাব লাগে। তেনে ক্ষেত্রত গুৰুত্ব বিবেচনা কৰি ক্রমধাৰা অৱলম্বন কৰিব লাগিব। 
ফাতাৱাল্‌ লাজনাহ আদ দা-য়িমাহ (ফতোৱা বিষয়ক স্থায়ী কমিটিৰ ফতোৱাসমগ্র) (১২/২৩৮)

0 comments:

Post a Comment

 
Template designed by Rafique Habib