Thursday 5 March 2015

কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যক্তিৰ ওচৰত পৌঁছে নে?

স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন ছৌদি আৰব
অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

প্ৰশ্ন :
ছুৰা ইখলাছ পাঠ কৰি যদি কোনোৱে মৃত ব্যক্তিক ঈছালে ছোৱাব কৰে (ছোৱাব পৌঁছাই দিয়ে), তেন্তে মৃত ব্যক্তি ইয়াৰ পৰা উপকৃত হব নে? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰৰ ওচৰেদি যোৱাৰ সময়ত কি কৰিছিল, তেওঁ কবৰবাসীৰ বাবে তিলাৱাত কৰিছিল, নে কেৱল দুআ কৰিছিল?

উত্তৰ :
 যদি কোনোৱে কোৰআন তিলাৱাত কৰি মৃত ব্যক্তিক ঈছালে ছোৱাব কৰে, উলামাসকলৰ বিশুদ্ধ মতানুযায়ী এই ছোৱাব মৃত ব্যক্তিৰ ওচৰ কেতিয়াও নাপায়, কাৰণ এইটো মৃত ব্যক্তিৰ আমল নহয়। আল্লাহ তাআলা কৈছে :
﴿وَأَنْ لَيْسَ لِلْإِنْسَانِ إِلَّا مَا سَعَى﴾
{আৰু মানুহে যি চেষ্টা কৰে, সেইটোৱে সি পায়।} { নাজম: ৩৯}
এই তিলাৱাত জীৱিত ব্যক্তিৰ চেষ্টা বা আমল, ইয়াৰ ছোৱাব সি নিজেই পাব, আন কাৰোবাক সি ঈছালে ছোৱাব কৰাৰ কোনো অধিকাৰ নাৰাখে। এই বিষয়ে ছৌদি আৰবৰ “স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন”ৰ এটা বিস্তাৰিত ফতোৱা আছে, তলত সেইটো উল্লেখ কৰা হল :

প্ৰশ্ন :
কবৰ জিয়াৰতৰ সময়ত ছুৰা ফাতিহা পাঠ কৰা, অথবা কোৰআনৰ কোনো অংশ পাঠ কৰা বৈধনে, আৰু ইয়াৰ দ্বাৰা মৃত ব্যক্তি উপকৃত হবনে ?

উত্তৰ :
বিশুদ্ধ হাদিছেৰে প্ৰমাণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰ জিয়াৰত কৰিছিল আৰু কিছুমান বাক্যৰ দ্বাৰা তেওঁ কবৰবাসীৰ বাবে দু‘আ কৰিছিল, যিটো তেওঁ ছাহাবাসকলক শিকাইছিল, তেওঁলোকেও তেখেতৰ পৰা শিকিছিল। যেনে :
‏السلام عليكم اهل الديار من المؤمنين والمسلمين، وانا ان شاء الله بكم لاحقون، نسال الله لنا ولكم العافية‏
হে কবৰবাসী মুমিন আৰু মুছলমানসকল, তোমালোকৰ প্ৰতি চালাম (শান্তি) বৰ্ষিত হওক, ইন শ্বা আল্লাহ অতিশিঘ্ৰে আমি তোমালোকৰ লগত মিলিত হম, আল্লাহৰ ওচৰত আমাৰ বাবে আৰু তোমালোকৰ বাবে নিৰাপত্তা প্রাৰ্থনা কৰিছোঁ। [ইবনে মাজাহ : ১৫৩৬]
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰ জিয়াৰত কৰাৰ সময়ত কোৰআন বা তাৰ কোনো আয়াত তিলাৱাত কৰিছিল বুলি কোনো প্রমাণ পোৱা নাযায়, অথচ তেওঁ সঘনে কবৰ জিয়াৰত কৰিছিল। যদি সেয়া বৈধ হলেহেতেন বা মৃত ব্যক্তি ইয়াৰ দ্বাৰা উপকৃত হলেহেতেন, তেন্তে নিশ্চয় তেওঁ সেইটো কৰিলেহেতেন আৰু ছাহাবাসকলক নিৰ্দেশ দিলেহেতেন। বৰং নবুওৱতৰ দায়িত্ব আদায়, উম্মতৰ প্রতি দয়া আৰু ছোৱাবৰ বিবেচনাৰ ভিত্তিত এইটো তেওঁৰ কৰ্তব্য আছিল। কাৰণ, তেওঁৰ বিষয়ে আল্লাহ তাআলা কৈছে :
﴿لَقَدْ جَاءَكُمْ رَسُولٌ مِنْ أَنْفُسِكُمْ عَزِيزٌ عَلَيْهِ مَا عَنِتُّمْ حَرِيصٌ عَلَيْكُمْ بِالْمُؤْمِنِينَ رَؤُوفٌ رَحِيمٌ﴾
{নিশ্চয় তোমালোকৰ মাজৰ পৰা তোমালোকৰ ওচৰত এজন ৰাছুল আহিছে, তেওঁৰ পক্ষে এইটো দুঃসহ যিটোৱে তোমালোকক কষ্ট দিয়ে। তেওঁ তোমালোকৰ বাবে কল্যাণকামী, মুমিনসকলৰ প্রতি স্নেহশীল, পৰম দয়ালু।} [তৌবা: ১২৮]
এতেকে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মাজত দয়া, উম্মতৰ কল্যাণ কামনা আৰু অনুগ্রহ থকা সত্বেও যিহেতু তেওঁ এইটো কৰা নাই, সেয়ে এইটো এয়া প্রমাণ কৰে যে এইটো নাজায়েয (অবৈধ)। ছাহাবায়ে কেৰাম এইটোৱে বুজিছে আৰু ইয়াৰ ওপৰত তেওঁলোকে আমল কৰিছে, আল্লাহ তেওঁলোক সকলোৰে ওপৰত সন্তুষ্ট হওক, তেওঁলোকে কবৰ জিয়াৰতৰ সময়ত মৃতসকলৰ বাবে দু‘আ কৰিছিল আৰু নিজে শিক্ষা ও নছিহত গ্ৰহণ কৰিছিল। তেওঁলোকে মৃতসকলৰ বাবে কোৰআন তিলাৱাত কৰা নাছিল। গতিকে প্রমাণিত হল যে, কবৰ জিয়াৰতৰ সময়ত কোৰআন তিলাৱাত কৰা পৰবৰ্তী আবিষ্কৃত বিদ‘আত। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কৈছে :
‏من أحدث في أمرنا هذا ما ليس منه فهو رد‏‏

আমাৰ এই দ্বীনত যিয়ে নতুনত্বৰ আবিষ্কাৰ কৰিব, যিটো ইয়াৰ অন্তৰ্ভূক্ত নহয়, সেইটো প্ৰত্যাখিত।” [বুখাৰী: ২৫১২, মুছলিম: ৩২৪৮]

0 comments:

Post a Comment

 
Template designed by Rafique Habib