Tuesday 21 April 2015

আহলে ছুন্নত ওৱাল জামাআতৰ আক্বিদা ৬ষ্ঠ খণ্ড

ঐশীপুথি সমূহৰ প্ৰতি ঈমান

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা তেওঁৰ ৰাছুল সকলৰ ওপৰত কিতাব অৱতীৰ্ণ কৰিছে। এই সমূহ কিতাব অৱতীৰ্ণ কৰিছে সমগ্র সৃষ্টিকুলৰ বিপক্ষে প্রমাণ প্রতিষ্ঠা কৰাৰ বাবে আৰু পূণ্যবান সকলৰ সপক্ষে দলীল প্রমাণ হিচাপে তেওঁলোকে এইবোৰ কিতাবৰ দ্বাৰা মানুহক হিকমত শিক্ষা দিয়ে আৰু সিহঁতৰ আত্মশুদ্ধি কৰে
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা প্রত্যেক ৰাছুলৰ ওপৰতে কিতাব অৱতীৰ্ণ কৰিছেই বিষয়ে আল্লাহ তাআলা কৈছে:
﴿لَقَدۡ أَرۡسَلۡنَا رُسُلَنَا بِٱلۡبَيِّنَٰتِ وَأَنزَلۡنَا مَعَهُمُ ٱلۡكِتَٰبَ وَٱلۡمِيزَانَ لِيَقُومَ ٱلنَّاسُ بِٱلۡقِسۡطِۖ﴾ [الحديد: 25]
“আমি আমাৰ ৰাছুল সকলক সুস্পষ্ট নিদৰ্শনসহ পঠাইছোঁতেওঁলোকৰ লগত অৱতীৰ্ণ কৰিছো কিতাব আৰু মীযান। যাতে মানুহে ইনছাফ আৰু সুবিচাৰৰ ওপৰত প্ৰতিষ্ঠিত থাকিব পাৰে” [হাদীদ : ২৫]
ঐশীপুথি সমূহৰ মাজত নিম্নোক্ত কিতাবসমূহৰ বিষয়ে আমি জানো:
১. তাওৰাত: এই কিতাব আল্লাহ তাআলা মুছা [আলাইহিচ চালাম]ৰ ওপৰত অৱতীৰ্ণ কৰিছে। বনী ইছৰাইলৰ বাবে এইটো সৰ্বশ্র্রেষ্ঠ কিতাব।
﴿فِيهَا هُدٗى وَنُورٞۚ يَحۡكُمُ بِهَا ٱلنَّبِيُّونَ ٱلَّذِينَ أَسۡلَمُواْ لِلَّذِينَ هَادُواْ وَٱلرَّبَّٰنِيُّونَ وَٱلۡأَحۡبَارُ بِمَا ٱسۡتُحۡفِظُواْ مِن كِتَٰبِ ٱللَّهِ وَكَانُواْ عَلَيۡهِ شُهَدَآءَۚ ﴾ [المائدة: 44]
“ইয়াত আছে হিদায়ত আৰু নূৰইয়াৰ দ্বাৰা নিবেদিত প্রাণ নবী সকলে ইয়াহুদী সকলৰ যাৱতীয় বিচাৰ-ফয়চালা কৰিছিল, আৰু ৰেব্বী সকলেও আৰু পুৰোহিত বিলাকেওকাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ হিফাযত আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়া হৈছিল। আৰু তেওঁলোক আছিল এই কিতাবৰ সাক্ষী।” [মায়িদা:৪৪]
২. ইঞ্জীল: ঈছা [আলাইহিচ ছালাম]ৰ ওপৰত আল্লাহ তাআলা ইঞ্জীল কিতাব অৱতীৰ্ণ কৰিছেই কিতাবটো তাওৰাতৰ সমৰ্থক আৰু পৰিপূৰক।
﴿وَءَاتَيۡنَٰهُ ٱلۡإِنجِيلَ فِيهِ هُدٗى وَنُورٞ وَمُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ مِنَ ٱلتَّوۡرَىٰةِ وَهُدٗى وَمَوۡعِظَةٗ لِّلۡمُتَّقِينَ ٤٦﴾ [المائدة: 46]
“আমি ঈছাক ইঞ্জীল প্ৰদান কৰিছোঁইয়াত আছে হিদায়ত আৰু আলো। আৰু তাৰ আগৰ কিতাব তাওৰাতৰ সমৰ্থক আৰু সত্যতা প্রমাণকাৰীআৰু ইয়াত আছে মুত্তাকী সকলৰ বাবে হিদায়ত আৰু নছিহত।” [মায়িদা : ৪৬]
﴿وَلِأُحِلَّ لَكُم بَعۡضَ ٱلَّذِي حُرِّمَ عَلَيۡكُمۡۚ﴾ [آل عمران: 50]
“তোমালোকৰ ওপৰত যি হাৰাম আছিল এনে কিছুমান বস্তু মই তোমালোকৰ বাবে হালাল কৰি দিম” [আল-ইমৰান :৫০]
৩. যাবূৰ: আল্লাহ তাআলা যাবূৰ অৱতীৰ্ণ কৰিছিল দাউদ [আলাইহিচ ছালাম]ৰ ওপৰত
৪. ইব্ৰাহীম আৰু মূছা [আলাইহিচ ছালাম]ৰ ওপৰত ছহীফা [সৰু পুস্তিকা] অৱতীৰ্ণ কৰিছে।
৫. সৰ্বশেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত আল্লাহ তাআলা কোৰআন কাৰীম অৱতীৰ্ণ কৰিছে
﴿هُدٗى لِّلنَّاسِ وَبَيِّنَٰتٖ مِّنَ ٱلۡهُدَىٰ وَٱلۡفُرۡقَانِۚ﴾ [البقرة: 185]
গোটেই মানৱ জাতিৰ বাবে হিদায়ত স্বৰূপ এই কিতাব এনে সুস্পষ্ট নিদৰ্শনাৱলীৰ দ্বাৰা পৰিপূৰ্ণ যিটো সঠিক আৰু সত্য পথ প্রদৰ্শন কৰেহক আৰু বাতিলৰ মাজত পাৰ্থক্যকাৰী” [বাকাৰা : ১৮৫]
﴿مُصَدِّقٗا لِّمَا بَيۡنَ يَدَيۡهِ مِنَ ٱلۡكِتَٰبِ وَمُهَيۡمِنًا عَلَيۡهِۖ﴾ [المائدة: 48]
পূৰ্বৱৰ্তী ধৰ্মগ্ৰন্থত যি আছে তাৰ সত্যসমৰ্থনৰূপে, আৰু তাৰ ওপৰত প্ৰহৰীৰূপে (অৱতীৰ্ণ কৰিছোঁ)” [মায়িদা : ৪৮]
এই কিতাব অৱতীৰ্ণ কৰি আল্লাহ তাআলাই পূৰ্বৰ যাৱতীয় কিতাবৰ আদেশ সমূহ ৰহিত কৰি দিছে। তেওঁ এই কিতাবক সকলো ধৰনৰ সংশয়কাৰী আৰু পৰিবৰ্তন সাধনকাৰীৰ দুষ্কৰ্মৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব গ্রহণ কৰিছে
﴿إِنَّا نَحۡنُ نَزَّلۡنَا ٱلذِّكۡرَ وَإِنَّا لَهُۥ لَحَٰفِظُونَ ٩﴾ [الحجر: 9]
“ এই কোৰআন আমি অৱতীৰ্ণ কৰিছোঁ আৰু ইয়াৰ সংৰক্ষণৰ দায়িত্বও আমাৰ” [হিজৰ : ৯]
কাৰণ এই কিতাব কিয়ামত পৰ্যন্ত গোটেই সৃষ্টিৰ বাবে দলীল হিচাপে অৱশিষ্ট থাকিব
পূৰ্বৱৰ্তী কিতাব সমূহ আছিল অস্থায়ী আৰু সাময়িক। সেইবোৰৰ বাবে এটা সময় নিৰ্ধাৰিত আছিলৰহিতকাৰী কিতাব (কোৰআন) অৱতীৰ্ণৰ দ্বাৰা আগৰ কিতাব সমূহৰ নিজস্ব কাৰ্যকাৰিতাৰ পৰিসমাপ্তি ঘটিছে আৰু পূৰ্বৱৰ্তী কিতাব সমূহত কি কি ৰদ-বদল আৰু পৰিবৰ্তন ঘটিছে তাৰো বৰ্ণনা দিয়া হৈছে। সেয়ে এই কিতাবসমূহ (পৰৱৰ্তী সময়ৰ বাবে) ত্রুটিমুক্ত নাছিল বৰং সেই সমূহত বহুতো পৰিবৰ্তন, পৰিবৰ্ধন সাধিত হৈছে।
﴿ٱلَّذِينَ هَادُواْ يُحَرِّفُونَ ٱلۡكَلِمَ عَن مَّوَاضِعِهِۦ﴾ [النساء: 46]
ইয়াহুদী সকলৰ মাজৰ কোনো কোনোৱে (আল্লাহৰ) বাণীবিলাকৰ যথাৰ্থ স্থানৰ পৰা আঁতৰাই দিয়ে(অৰ্থাৎ বিকৃতি ঘটায়) [নিছা : ৪৬]
﴿فَوَيۡلٞ لِّلَّذِينَ يَكۡتُبُونَ ٱلۡكِتَٰبَ بِأَيۡدِيهِمۡ ثُمَّ يَقُولُونَ هَٰذَا مِنۡ عِندِ ٱللَّهِ لِيَشۡتَرُواْ بِهِۦ ثَمَنٗا قَلِيلٗاۖ فَوَيۡلٞ لَّهُم مِّمَّا كَتَبَتۡ أَيۡدِيهِمۡ وَوَيۡلٞ لَّهُم مِّمَّا يَكۡسِبُونَ ٧٩﴾ [البقرة: 79]
সেই সকল লোকৰ বাবে ধ্বংস অনিবাৰ্য যিহঁতে নিজ হাতেৰে চৰিয়তৰ বিধান ৰচনা কৰেতাৰ পিছত মানূহক কয় যে, এইবোৰ আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈছে যাতে ইয়াৰ দ্বাৰা সিহঁতে স্বল্পমূল্য অৰ্জন কৰিব পাৰে সেয়ে সিহঁতে নিজ হাতে যি চনা কৰিছে আৰু অন্যায়ভাৱে যি কামাই কৰিছে তাৰ বাবে ছে ধ্বংস আৰু শাস্তি।” [বাকাৰা: ৭৯]
﴿قُلۡ مَنۡ أَنزَلَ ٱلۡكِتَٰبَ ٱلَّذِي جَآءَ بِهِۦ مُوسَىٰ نُورٗا وَهُدٗى لِّلنَّاسِۖ تَجۡعَلُونَهُۥ قَرَاطِيسَ تُبۡدُونَهَا وَتُخۡفُونَ كَثِيرٗا﴾ [الأنعام: 91]
হে মুহাম্মাদ! কোৱা, কোনে অৱতীৰ্ণ কৰিছিল সেই কিতাব যিটো মূছা লৈ আহিছিল (যিটো আছিল মানুহৰ বাবে) আলোক আৰু পথনিৰ্দেশনাৰূপে। সেই কিতাপখনক তোমালোকে টুকুৰা-টুকুৰ কৰি ৰাখি দিছা, যাৰ কিছু অংশ প্ৰকাশ কৰা আৰু বেছি অংশই গোপন ৰখা” [আন‘আম: ৯১]
﴿وَإِنَّ مِنۡهُمۡ لَفَرِيقٗا يَلۡوُۥنَ أَلۡسِنَتَهُم بِٱلۡكِتَٰبِ لِتَحۡسَبُوهُ مِنَ ٱلۡكِتَٰبِ وَمَا هُوَ مِنَ ٱلۡكِتَٰبِ وَيَقُولُونَ هُوَ مِنۡ عِندِ ٱللَّهِ وَمَا هُوَ مِنۡ عِندِ ٱللَّهِ وَيَقُولُونَ عَلَى ٱللَّهِ ٱلۡكَذِبَ وَهُمۡ يَعۡلَمُونَ ٧٨ مَا كَانَ لِبَشَرٍ أَن يُؤۡتِيَهُ ٱللَّهُ ٱلۡكِتَٰبَ وَٱلۡحُكۡمَ وَٱلنُّبُوَّةَ ثُمَّ يَقُولَ لِلنَّاسِ كُونُواْ عِبَادٗا لِّي مِن دُونِ ٱللَّهِ﴾ [آل عمران: 78-79]
“আৰু সিহঁতৰ মাজত কিছুমান এনে লোক আছে যিহঁতে কিতাব পাঠ কৰাৰ সময়ত জিভাক (বিশেষ পাৰদৰ্শিতাৰে) পকাই তোলে যাতে তোমালোকে ভাবিব পাৰা যে সেইটো ধৰ্মগ্ৰন্থ পৰাই (পাঠ কৰি আছে) অথচ সেইটো গ্ৰন্থৰ পৰা নহয়। আৰু সিহঁতে কয়, এইটো আল্লাহৰ তৰফৰ পৰা, যদিও সেইটো আল্লাহৰ তৰফৰ পৰা নহয়। আৰু সিহঁতে জানি বুজি আল্লাহ সম্পৰ্কে মিছা কথা কয়কোনো মানুহৰ পক্ষেই এইটো শোভনীয় নহয় যে, আল্লাহ  তেওঁক কিতাব, হিকমত আৰু নবুৱাত প্ৰদান কৰিব আৰু সি মানুহক ক, তোমালোকে আল্লাহক মোৰ উপাসনাকাৰী হোৱা” [আল ইমৰান : ৭৮-৭৯]
﴿ يَٰٓأَهۡلَ ٱلۡكِتَٰبِ قَدۡ جَآءَكُمۡ رَسُولُنَا يُبَيِّنُ لَكُمۡ كَثِيرٗا مِّمَّا كُنتُمۡ تُخۡفُونَ مِنَ ٱلۡكِتَٰبِ [المائدة: 15]
হে ঐশীপুথিপ্ৰাপ্ত সকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল আহিছেতেওঁ তোমালোকক এনে বহু কথা কিতাপৰ কৈ দিয়ে যিটো তোমালোকে গোপন কৰি ৰাখিছিলা”[মায়িদা : ১৫]

0 comments:

Post a Comment

 
Template designed by Rafique Habib