Monday 27 April 2015

আহলে ছুন্নত ওৱাল জামাআতৰ আক্বিদা 7তম খণ্ড

ৰাছুল সকলৰ প্ৰতি ঈমান

আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা তেওঁৰ সৃষ্টিৰ প্রতি ৰাছুল পঠাইছে—
﴿مُّبَشِّرِينَ وَمُنذِرِينَ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَى ٱللَّهِ حُجَّةُۢ بَعۡدَ ٱلرُّسُلِۚ وَكَانَ ٱللَّهُ عَزِيزًا حَكِيمٗا﴾ [النساء: 165]
সুসংবাদ দাতা আৰু ভয় প্রদৰ্শনকাৰী হিচাপোতে ৰাছুল পাঠিওৱাৰ পিছত আল্লাহৰ বিপক্ষে মানুহৰ কোনো যুক্তি নাথাকে। আৰু আল্লাহ পৰাক্রমশালী প্রজ্ঞাময়।” [নিছা: ১৬৫]
আমি আৰু বিশ্বাস কৰোঁ, সৰ্বপ্রথম ৰাছুল হৈছে নূহ আৰু সৰ্বশেষ হৈছে মুহাম্মদআল্লাহ তেওঁলোক সকলোৰে প্ৰতি কৰুণা বৰ্ষণ কৰক।
﴿إِنَّآ أَوۡحَيۡنَآ إِلَيۡكَ كَمَآ أَوۡحَيۡنَآ إِلَىٰ نُوحٖ وَٱلنَّبِيِّ‍ۧنَ مِنۢ بَعۡدِهِۦۚ﴾ [النساء: 163]
আমি তোমাৰ প্রতি অহী (প্ৰত্যাদেশ) পাঠিয়াইছো, যেনেকৈ আমি নূহ আৰু তেওঁৰ পৰৱৰ্তী নবী সকলৰ প্রতি অহী পঠিয়াইছো” [নিছা : ১৬৩]
﴿مَّا كَانَ مُحَمَّدٌ أَبَآ أَحَدٖ مِّن رِّجَالِكُمۡ وَلَٰكِن رَّسُولَ ٱللَّهِ وَخَاتَمَ ٱلنَّبِيِّ‍ۧنَۗ﴾ [الأحزاب: 40]
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তোমালোকৰ মাজৰ কোনো পুৰুষৰেই পিতা নহয়ৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী” [আহযাব : ৪০]
নবীসকলৰ মাজত সৰ্বোচ্চ মৰ্যাদাৰ অধিকাৰী হৈছে মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম। তাৰ পিচত ক্রমে ইব্ৰাহীম, মূছা, নূহ আৰু ঈছা ইবন মাৰিয়ম। এওঁলোকৰ কথা আল্লাহ তাআলা বিশেষকৈ বৰ্ণনা কৰিছে তেওঁৰ বাণীতআল্লাহ তাআলা কৈছে:
﴿وَإِذۡ أَخَذۡنَا مِنَ ٱلنَّبِيِّ‍ۧنَ مِيثَٰقَهُمۡ وَمِنكَ وَمِن نُّوحٖ وَإِبۡرَٰهِيمَ وَمُوسَىٰ وَعِيسَى ٱبۡنِ مَرۡيَمَۖ وَأَخَذۡنَا مِنۡهُم مِّيثَٰقًا غَلِيظٗا ٧﴾ [الأحزاب: 7]
হে নবী স্মৰণ কৰা, সেই প্রতিশ্রুতিৰ কথা যিটো আমি সকলো নবীৰ পৰা লৈছো আৰু তোমাৰ পৰাও এই প্রতিশ্রুতি লৈছো লগতে নূহ, ইব্ৰাহীম, মূছা আৰু ইছা ইবনে মৰিয়মৰ পৰাওতেওঁলোকৰ সকলোৰে পৰা আমি কঠোৰ প্ৰতিশ্ৰুতি লৈছো” [আহযাব : ৭]
আমি দৃঢ়তাৰ সৈতে এই বিশ্বাস পোষণ কৰো যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিয়ত এই সকল বিশেষ মৰ্যাদা প্রাপ্ত নবীসকলৰ চৰিয়তৰ মৰ্যাদাক অন্তৰ্ভূক্ত কৰেই বিষয়ে আল্লাহ তাআলা কৈছে:
﴿۞شَرَعَ لَكُم مِّنَ ٱلدِّينِ مَا وَصَّىٰ بِهِۦ نُوحٗا وَٱلَّذِيٓ أَوۡحَيۡنَآ إِلَيۡكَ وَمَا وَصَّيۡنَا بِهِۦٓ إِبۡرَٰهِيمَ وَمُوسَىٰ وَعِيسَىٰٓۖ أَنۡ أَقِيمُواْ ٱلدِّينَ وَلَا تَتَفَرَّقُواْ فِيهِۚ﴾ [الشورى: 13]
তেওঁ তোমালোকৰ বাবে দ্বীনৰ সেই নিয়ম-বিধান নিৰ্দিষ্ট কৰি দিছে যাৰ উপদেশ তেওঁ নূহ [আলাইহিচ ছালাম]ক দিছিল। আৰু আমি তোমালোকৰ প্রতি অহীৰ দ্বাৰা যি পঠিয়াইছো, যাৰ নিৰ্দেশ আমি ইব্ৰাহীম, মূছা আৰু ঈছাকো দিছিলো(সেইটো হৈছে), তোমালোক দ্বীন প্ৰতিষ্ঠা কৰা আৰু তাৰ পৰা বিচ্ছিন্ন নহবা” [শ্বুৰা: ১৩]
আমি আৰু বিশ্বাস কৰোঁ যে, সকলো ৰাছুল মানুহ আছিলমাখলুক আছিল। ৰুবুবিয়াত (প্ৰভূত্ব)ৰ কোনো গুণ বা বৈশিষ্ট্য তেওঁলোকৰ মাজত নাছিল। সৰ্বপ্রথম ৰাছুল নূহ [আলাইহিচ ছালাম] সম্পৰ্কে আল্লাহ তাআলা কৈছে :
﴿وَلَآ أَقُولُ لَكُمۡ عِندِي خَزَآئِنُ ٱللَّهِ وَلَآ أَعۡلَمُ ٱلۡغَيۡبَ وَلَآ أَقُولُ إِنِّي مَلَكٞ﴾ [هود: 31]
মই তোমালোকক নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধনভাণ্ডাৰ আছে। আৰু মই অদৃশ্য সম্পৰ্কেও নাজানো আৰু মই ফিৰিস্তাও নহয়” [হূদ: ৩১]
শেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহ তাআলা এই কথা কবলৈ নিৰ্দেশ দিছে:
﴿لَّآ أَقُولُ لَكُمۡ عِندِي خَزَآئِنُ ٱللَّهِ وَلَآ أَعۡلَمُ ٱلۡغَيۡبَ وَلَآ أَقُولُ لَكُمۡ إِنِّي مَلَكٌۖ﴾ [الأنعام: 50]
মই তোমালোকক নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধনভাণ্ডাৰ আছে। আৰু মই অদৃশ্য সম্পৰ্কেও নাজানো আৰু মই ফিৰিস্তাও নহয়” [আন‘আম : ৫০]
আৰু নিৰ্দেশ দিছে:
﴿لَّآ أَمۡلِكُ لِنَفۡسِي نَفۡعٗا وَلَا ضَرًّا إِلَّا مَا شَآءَ ٱللَّهُۚ﴾ [الأعراف: 188]
মই মোৰ নিমিত্তে কোনো লাভ আৰু কোনো ক্ষতি কৰাৰো ক্ষমতা নাৰাখো। আল্লাহে যিটো বিচাৰে তাৰ বাহিৰে।” [আ‘ৰাফ : ১৮৮]
আৰু কৈছে:
﴿قُلۡ إِنِّي لَآ أَمۡلِكُ لَكُمۡ ضَرّٗا وَلَا رَشَدٗا ٢١ قُلۡ إِنِّي لَن يُجِيرَنِي مِنَ ٱللَّهِ أَحَدٞ وَلَنۡ أَجِدَ مِن دُونِهِۦ مُلۡتَحَدًا ٢٢﴾ [الجن: 21-22]
কোৱা, মই তোমালোকৰ কোনো ক্ষতি কৰাৰো ক্ষমতা নাৰাখো, আৰু কোনো কল্যাণ কৰাৰো ক্ষমতা নাৰাখোকোৱা: কোনেও মোক আল্লাহৰ গ্ৰেপ্তাৰীৰ পৰা ৰক্ষা কৰিব নোৱাৰেআৰু তেওঁৰ আশ্রয়ৰ বাহিৰে মই আন কোনো আশ্রয়স্থল নাপাম” [জিন : ২১-২২]
আমি বিশ্বাস কৰোঁ, সকলো নবীয়েই আল্লাহৰ বান্দাহ। আল্লাহ তাআলা তেওঁলোকক ৰিছালত প্ৰদান কৰি সম্মানিত কৰিছে। তেওঁলোকৰ সৰ্বোচ্চ মৰ্যাদা আৰু প্রশংসা বৰ্ণনাৰ ক্ষেত্রত আল্লাহ তাআলা তেওঁলোকক দাসত্বৰ গুণেৰে গুণান্বিত কৰিছে। প্রথম ৰাছুল নূহ [আলাইহিচ ছালাম] সম্পৰ্কে আল্লাহ তাআলা কৈছে:
﴿ذُرِّيَّةَ مَنۡ حَمَلۡنَا مَعَ نُوحٍۚ إِنَّهُۥ كَانَ عَبۡدٗا شَكُورٗا ٣﴾ [الإسراء: 3]  
তোমালোক তেওঁলোকৰেই সন্তান যিহঁতক আমি নূহ [আলাইহিচ ছালাম]ৰ লগত [নাওত] বহন কৰিছিলোঁৰু নূহ [আলাইহিচ ছালাম] আছিল আল্লাহৰ এজন কৃতজ্ঞ বান্দাহ।” [ইছৰা : ৩]
সৰ্বশেষ ৰাছুল মুহাম্মদ ছাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে আল্লাহ তাআলা কৈছে:
﴿تَبَارَكَ ٱلَّذِي نَزَّلَ ٱلۡفُرۡقَانَ عَلَىٰ عَبۡدِهِۦ لِيَكُونَ لِلۡعَٰلَمِينَ نَذِيرًا ١﴾ [الفرقان: 1]
“অতি বৰকতময় সেই সত্তা যিয়ে এই ফুৰকান (কোৰআন) নিজ বান্দাহৰ ওপৰত অৱতীৰ্ণ কৰিছে; যাতে তেওঁ সমগ্র সৃষ্টিৰ বাবে ভয় প্রদৰ্শনকাৰী হব পাৰে” [ফুৰকান: ১]
আন আন নবী সকলৰ ক্ষেত্রত আল্লাহ তাআলা কৈছে:
﴿وَٱذۡكُرۡ عِبَٰدَنَآ إِبۡرَٰهِيمَ وَإِسۡحَٰقَ وَيَعۡقُوبَ أُوْلِي ٱلۡأَيۡدِي وَٱلۡأَبۡصَٰرِ ٤٥﴾ [ص: 45]
“আমাৰ বান্দাহ ইব্ৰাহীম, ইছহাক আৰু ইয়াকুবৰ কথা স্মৰণ কৰােওঁলোক বৰ কৰ্মক্ষমতা সম্পন্ন আৰু দৃষ্টিমান লোক আছিল।” [ছোৱাদ : ৪৫]
﴿ وَٱذۡكُرۡ عَبۡدَنَا دَاوُۥدَ ذَا ٱلۡأَيۡدِۖ إِنَّهُۥٓ أَوَّابٌ ١٧﴾ [ص: 17]
আমাৰ বান্দাহ দাউদৰ কথা বৰ্ণনা কৰা, তেওঁ বৰ শক্তিৰ অধিকাৰী আছিল। নিশ্চয় তেওঁ (আল্লাহৰ ফালে) প্রত্যাৱৰ্তনকাৰী আছিল” [ছোৱাদ :১৭]
﴿وَوَهَبۡنَا لِدَاوُۥدَ سُلَيۡمَٰنَۚ نِعۡمَ ٱلۡعَبۡدُ إِنَّهُۥٓ أَوَّابٌ ٣٠﴾ [ص: 30]
আৰু দাঊদক আমি ছুলাইমান [ৰ দৰে বিচক্ষণ পুত্র] দান কৰিছোঁতেওঁ বৰ উত্তম বান্দাহ আছিল নিশ্চয় তেওঁ (আল্লাহৰ ফালে) প্রত্যাৱৰ্তনকাৰী আছিল” [ছোৱাদ: ৩০]
ঈছা আলাইহিচ ছালাম সম্পৰ্কে আল্লাহ তাআলা কৈছে:
﴿إِنۡ هُوَ إِلَّا عَبۡدٌ أَنۡعَمۡنَا عَلَيۡهِ وَجَعَلۡنَٰهُ مَثَلٗا لِّبَنِيٓ إِسۡرَٰٓءِيلَ ٥٩﴾ [الزخرف: 59]
তেওঁ [ঈছা] আল্লাহৰ বান্দাহৰ বাহিৰে আন একো নহয়। তেওঁৰ প্রতি আমি নিয়ামত দান কৰিছোঁ আৰু তেওঁক বনী ইছৰাইলৰ বাবে এক বিশেষ দৃষ্টান্ত বনাইছো” [যুখৰুফ :৫৯]
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বাৰা ৰিছালতসমাপ্ত কৰিছে। তেওঁক গোটেই মানৱ জাতিৰ বাবে ৰাছুল হিচাপে পঠাইছে
আল্লাহ তাআলা কৈছে:
﴿قُلۡ يَٰٓأَيُّهَا ٱلنَّاسُ إِنِّي رَسُولُ ٱللَّهِ إِلَيۡكُمۡ جَمِيعًا ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ لَآ إِلَٰهَ إِلَّا هُوَ يُحۡيِۦ وَيُمِيتُۖ فَ‍َٔامِنُواْ بِٱللَّهِ وَرَسُولِهِ ٱلنَّبِيِّ ٱلۡأُمِّيِّ ٱلَّذِي يُؤۡمِنُ بِٱللَّهِ وَكَلِمَٰتِهِۦ وَٱتَّبِعُوهُ لَعَلَّكُمۡ تَهۡتَدُونَ ١٥٨﴾ [الأعراف: 158]
হে মুহাম্মদ! কোৱা, হে মানৱ সম্প্ৰদায়, মই তোমালোক সকলোৰে প্রতি নবী হিচাপে সেই মহান আল্লাহৰ তৰফৰ পৰা প্রেৰিত হৈছো, যিজন আকাশ আৰু পৃথিৱীৰ গৰাকীতেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাইতেওঁ জীৱন দান কৰেতেৱেঁই মৃত্যু প্ৰদান কৰেএতেকে তোমালোক আল্লাহৰ প্রতি আৰু তেওঁৰ (প্ৰেৰিত) উম্মী নবীৰ প্রতি ঈমান আনা, যিয়ে আল্লাহ আৰু তেওঁৰ কলিমাত বিশ্বাস পোষন কৰে। তোমালোক তেওঁৰ আনুগত্য কৰা; যাতে তোমালোক হিদায়ত লাভ কৰিব পাৰা” [আ‘ৰাফ : ১৫৮]
আমি আৰু বিশ্বাস পোষন কৰোঁ যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিয়ত হৈছে দ্বীন ইছলাম, যি দ্বীনক আল্লাহ তাআলায় তেওঁৰ বান্দাহ সকলৰ বাবে পছন্দ কৰিছে আৰু আল্লাহ তাআলা ইছলামৰ বাহিৰে আন কোনো ধৰ্ম কাৰো পৰাই গ্ৰহণ নকৰিব। যেনে আল্লাহ তাআলা কৈছে:
﴿إِنَّ ٱلدِّينَ عِندَ ٱللَّهِ ٱلۡإِسۡلَٰمُۗ﴾ [آل عمران: 19]
আল্লাহৰ ওচৰত পছন্দনীয় ধৰ্ম হৈছে ইছলাম” [আলে-ইমৰান :১৯]
﴿ٱلۡيَوۡمَ أَكۡمَلۡتُ لَكُمۡ دِينَكُمۡ وَأَتۡمَمۡتُ عَلَيۡكُمۡ نِعۡمَتِي وَرَضِيتُ لَكُمُ ٱلۡإِسۡلَٰمَ دِينٗاۚ﴾ [المائدة: 3]
আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক সম্পূৰ্ণ কৰি দিলোৰু মোৰ অনুগ্ৰহ তোমোলোকৰ প্রতি পৰিপূৰ্ণ কৰি দিলোৰু ইছলামক তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলো” [মায়িদা : ৩]
আৰু কৈছে:
﴿وَمَن يَبۡتَغِ غَيۡرَ ٱلۡإِسۡلَٰمِ دِينٗا فَلَن يُقۡبَلَ مِنۡهُ وَهُوَ فِي ٱلۡأٓخِرَةِ مِنَ ٱلۡخَٰسِرِينَ ٨٥﴾ [آل عمران: 85]
যি ব্যক্তি ইছলামৰ বাহিৰে আন কোনো ধৰ্ম আকোঁৱালী লব বিচাৰে; তাৰ পৰা কেতিয়াও সেইটো গ্ৰহণ কৰা নহব। আৰু পৰকালত সি ক্ষতিগ্ৰস্থ সকলৰ অন্তৰ্ভূক্ত হ” [আলে-ইমৰান: ৮৫]
আমাৰ বিশ্বাস এয়াও যে, যি ব্যক্তি দ্বীন ইছলামৰ বাহিৰে আন কোনো মতাদৰ্শ যেনে ইয়াহুদীবাদ, খৃষ্টবাদ (হিন্দুত্ববাদ, বৌদ্ধ,) ইত্যাদিক দ্বীন হিচাপে আল্লাহৰ ওচৰত গ্রহণযোগ্য বুলি ভাবিব সি কাফিৰ যদি সি তাওবা কৰে তেন্তে তাৰ তাওবা গ্রহণ কৰা হব। অন্যথা মুৰতাদ হিচাপে তাক হত্যা কৰা হব। কাৰণ সি কোৰআন অস্বীকাৰকাৰী
আৰু কওঁ যে, যি ব্যক্তি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক গোটে মানৱ জাতিৰ বাবে ৰাছুল হিচাপে মানিবলৈ অস্বীকাৰ কৰে সি প্ৰকৃততে সকলো নবীকেই অস্বীকাৰ কৰিলেনেকি সি নিজে যাক নবী হিচাপে বিশ্বাস কৰে আৰু অনুসৰণ কৰে, তাকো সি অস্বীকাৰ কৰে কাৰণ আল্লাহ তাআলা কৈছে:
﴿كَذَّبَتۡ قَوۡمُ نُوحٍ ٱلۡمُرۡسَلِينَ ١٠٥﴾ [الشعراء: 105]
নূহ (আলাইহিচ ছালাম)ৰ সম্প্ৰদায়ৰ লোকসকলে ৰাছুল সকলক অস্বীকাৰ কৰিছে[শু‘আৰা : ১০৫]
এই আয়াতত নূহ [আলাইহিচ ছালাম]ৰ জাতিক সকলো ৰাছুল অস্বীকাৰী হিছাপে চিহ্নিত কৰা হৈছে। অথচ নূহ [আলাইহিচ ছালাম]ৰ আগত কোনো ৰাছুলেই অহা নাই(তেন্তে বুজা গল, এজন নবীক অস্বীকাৰ কৰা মানে গোটেই নবী সকলক অস্বীকাৰ কৰা
﴿إِنَّ ٱلَّذِينَ يَكۡفُرُونَ بِٱللَّهِ وَرُسُلِهِۦ وَيُرِيدُونَ أَن يُفَرِّقُواْ بَيۡنَ ٱللَّهِ وَرُسُلِهِۦ وَيَقُولُونَ نُؤۡمِنُ بِبَعۡضٖ وَنَكۡفُرُ بِبَعۡضٖ وَيُرِيدُونَ أَن يَتَّخِذُواْ بَيۡنَ ذَٰلِكَ سَبِيلًا ١٥٠ أُوْلَٰٓئِكَ هُمُ ٱلۡكَٰفِرُونَ حَقّٗاۚ وَأَعۡتَدۡنَا لِلۡكَٰفِرِينَ عَذَابٗا مُّهِينٗا ١٥١﴾ [النساء: 150-151]
নিশ্চয় যিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুল সকলক অস্বীকাৰ কৰে আৰু তেওঁলোকৰ মাজত পাৰ্থক্য কৰিব বিচাৰে, আৰু কয়, আমি কিছুমানক বিশ্বাস কৰো আৰু কিছুমানক অস্বীকাৰ কৰো আৰু ঈমান আৰু কুফৰিৰ মাজত আন এটা পথ উলিৱাবলৈ চেষ্টা কৰে সিহঁত নিঃসন্দেহে কাফিৰ আৰু আমি কাফিৰ সকলৰ বাবে অপমানক শাস্তি ব্যস্থা কৰি ৰাখি” [নিছা: ১৫০-১৫১]
আমি আৰু বিশ্বাস কৰোঁ যে, মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত আন কোনো নবী নাহিবতেওঁৰ পিছত যি ব্যক্তি নবুৱতৰ দাবী কৰিব অথবা নবুৱতৰ মিছা দাবীদাৰক সত্য বুলি ভাবিব সিও কাফিৰকাৰণ সি আল্লাহ তাআলা, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুছলিম সকলৰ ইজমাঅৰ্থাৎ মুছলিম উম্মাৰ সৰ্বসম্মত সিদ্ধান্তক মিছা প্রতিপন্ন কৰিছে।
আমি আৰু বিশ্বাস কৰোঁ যে, ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লাম উম্মতৰ বাবে খোলাফায়ে ৰাছেদিনক ৰাখি থৈ গৈছেতেওঁলোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছত উম্মতৰ মাজত জ্ঞান, ইছলামৰ প্রচাৰ, প্রসাৰ আৰু নেতৃত্বৰ ক্ষেত্রত তেওঁৰেই প্রতিনিধিত্ব কৰিছে। তেওঁলোকৰ মাজত আটাইতকৈ বেছি মৰ্যাদাবান আৰু খিলাফতৰ সবাতকৈ যোগ্য ব্যক্তি আছিল আবূ বকৰ [ৰাদ্বিয়াল্লাহু আনহু] তাৰ পিছত ওমৰ [ৰাদ্বিয়াল্লাহু আনহু], তাৰ পিছত হজৰত ওছমান [ৰাদ্বিয়াল্লাহু আনহু] তাৰ পিছত, আলী [ৰাদ্বিয়াল্লাহু আনহু]।
মৰ্যাদাৰ ফালেৰে তেওঁলোকৰ অৱস্থান যেনে আছিল, খিলাফতৰ ফালেৰেও ঠিক তেনেই আছিল
মহান হাকীম আল্লাহ ৰাব্বুল আলামীনৰ বাবে এইটো কোনোমতেই শোভনীয় নহয় যে, সৰ্বোত্তম যুগতো তেওঁ এনে লোকক খিলাফতৰ দায়িত্ব দিব যিজনতকৈ উত্তম আৰু খিলাফতৰ অধিক যোগ্য ব্যক্তি উম্মতৰ মাজত আছে।
আমি আৰু বিশ্বাস কৰোঁ যে, এওঁলোকৰ মাজৰ মাফজুল ব্যক্তি কোনো কোনো ক্ষেত্রত আফজল ব্যক্তিতকৈ অধিক গুণ বা বৈশিষ্ট্যৰ অধিকাৰী আছিলকিন্তু আফজল ব্যক্তিক মাফজুল ব্যক্তিতকৈ শ্রেষ্ঠ কোৱা ঠিক নহয়। কিয়নো মৰ্যাদাৰ কাৰণ আৰু বিষয়বস্তু বহুত আৰু বিভিন্ন ধৰণৰ
আমি আৰু বিশ্বাস কৰোঁ যে, উম্মতে মুহাম্মদী হৈছে সৰ্বোত্তম আৰু সৰ্বশ্ৰেষ্ঠ উম্মত।
﴿كُنتُمۡ خَيۡرَ أُمَّةٍ أُخۡرِجَتۡ لِلنَّاسِ تَأۡمُرُونَ بِٱلۡمَعۡرُوفِ وَتَنۡهَوۡنَ عَنِ ٱلۡمُنكَرِ وَتُؤۡمِنُونَ بِٱللَّهِۗ﴾ [آل عمران: 110]
“তোমালোক সৰ্বশ্ৰেষ্ঠ উম্মত। মানুহৰ বাবে তোমালোকক বাহিৰ কৰা হৈছে। তোমালোক সৎ কামৰ আদেশ আৰু অসৎ কামৰ নিষেধ কৰা আৰু আল্লাহৰ প্ৰতি বিশ্বাস কৰা।” [আলে ইমৰান : ১১০]
আমি আৰু বিশ্বাস কৰোঁ যে, এই উম্মতৰ মাজত সৰ্বোত্তম মানৱ গোষ্ঠী হৈছে ছাহাবায়ে কেৰাম [ৰাদ্বিয়াল্লাহু আনহুম] তাৰ পিছত তাবেয়ীন সকল, তাৰ পিছত তাবে-তাবেয়ীন সকল
এই দৰে কিয়ামত পৰ্যন্ত এই উম্মতৰ মাজৰ পৰা এনে এটা দল সত্যৰ ওপৰত অবিচল থাকিব যিহঁতক কোনো অপমানকাৰীৰ অপমানে অথবা বিৰোধিতাকাৰীৰ বিৰোধিতায় কোনো ক্ষতি কৰিব নোৱাৰিবতেওঁলোকক সত্য পথৰ পৰা বিচ্যুত কৰিব নোৱাৰিব
আমি আৰু বিশ্বাস কৰোঁ যে, ছাহাবায়ে কেৰামৰ মাজত যি সমূহ ফিতনা অৰ্থাৎ ভুল ধাৰণাৰ কাৰণে মতানৈক্য, সংঘাত আৰু সংগ্রাম সংঘটিত হৈছে, সেইবোৰ তেওঁলোকৰ ব্যাখ্যা আৰু ইজতিহাদৰ কাৰণে হৈছে। এই ক্ষেত্রত যিহঁতে সঠিক সিদ্ধান্তত উপনীত হৈছে তেওঁলোকৰ বাবে দুটা পুৰস্কাৰ আৰু যিহঁতে ভুল কৰিছে তেওঁলোকৰ বাবে আছে এটা পুৰষ্কাৰৰু ভুল-ত্রুটি সমূহ আল্লাহ তাআলা মাফ কৰি দিছে
আমাৰ মতে তেওঁলোকৰ প্রতি কোনো ধৰণৰ অন্যায় আচৰণৰ পৰা আমি বিৰত থকা উচিৎ। এইদৰে তেওঁলোক যি মৰ্যাদাৰ আৰু প্রশংসাৰ অধিকাৰী, তাৰ বাহিৰে আন কিবা আলোচনা কৰা আমাৰ বাবে অনুচিৎ। তেওঁলোকৰ কাৰোবাৰ প্রতি হিংসা-বিদ্বেষ আৰু ঈৰ্ষা পোষণ কৰাৰ পৰা আমি আমাৰ অন্তৰক পৱিত্র ৰখা উচিৎ। আল্লাহ তাআলা কৈছে:
﴿لَا يَسۡتَوِي مِنكُم مَّنۡ أَنفَقَ مِن قَبۡلِ ٱلۡفَتۡحِ وَقَٰتَلَۚ أُوْلَٰٓئِكَ أَعۡظَمُ دَرَجَةٗ مِّنَ ٱلَّذِينَ أَنفَقُواْ مِنۢ بَعۡدُ وَقَٰتَلُواْۚ وَكُلّٗا وَعَدَ ٱللَّهُ ٱلۡحُسۡنَىٰۚ﴾ [الحديد: 10]
“তোমালোকৰ মাজত যিহঁত (মক্কা) বিজয়ৰ পিছত দান কৰিছে আৰু জিহাদ কৰিছে সিহঁত কেতিয়াও তেওঁলোকৰ সমান হব নোৱাৰে যিহঁত (মক্কা) বিজয়ৰ আগত দান কৰিছে আৰু জিহাদ কৰিছে। প্ৰকৃততে তেওঁলোকৰ মৰ্যাদা পিছত দানকাৰী আৰু জিহাদকাৰী সকলৰ তুলনাত বহুগুণে বেছিআল্লাহ উভয়ৰ বাবেই উত্তম প্ৰতিশ্ৰুতি দিছে” [আল হাদীদ : ১০]
আল্লাহ তাআলা আমাৰ বিষয়ে কৈছে:
﴿وَٱلَّذِينَ جَآءُو مِنۢ بَعۡدِهِمۡ يَقُولُونَ رَبَّنَا ٱغۡفِرۡ لَنَا وَلِإِخۡوَٰنِنَا ٱلَّذِينَ سَبَقُونَا بِٱلۡإِيمَٰنِ وَلَا تَجۡعَلۡ فِي قُلُوبِنَا غِلّٗا لِّلَّذِينَ ءَامَنُواْ رَبَّنَآ إِنَّكَ رَءُوفٞ رَّحِيمٌ ١٠﴾ [الحشر: 10]

আৰু যিহঁত তেওঁলোকৰ পিছত আহিছে সিহঁতে কয়: হে আমাৰ প্ৰভূ, আমাক আৰু আমাৰ সেই ভাইসকলক ক্ষমা কৰি দিয়া যিহঁতে আমাৰ আগতে ঈমান আনিছে আৰু ঈমানদাৰ সকলৰ প্রতি কোনো হিংসা আৰু শত্রুতা আমাৰ অন্তৰত নাৰাখিবাহে আমাৰ প্ৰভূ, তুমি বৰ অনুগ্রহকাৰী কৰুণাময়।”[হাছৰ: ১০]

0 comments:

Post a Comment

 
Template designed by Rafique Habib