Thursday 30 July 2015

আহলে ছুন্নত ওৱাল জামাআতৰ আক্বিদা 8তম খণ্ড

আমি শেষ দিৱসৰ প্ৰতি বিশ্বাস পোষণ কৰোঁৰু শেষ দিন হৈছেিয়ামত দিনইয়াৰ পিছত কোনো দিন নাই।
যেতিয়া মানুহক অনন্তকাল থকাৰ বাবে পুন:জীৱিত কৰা হসেই জীৱন দাৰুন্নাইম (নিয়ামাতপূৰ্ণ বা শান্তিময় গৃহ)হব, অথবা কঠিন শাস্তিৰ গৃহ হব।
আমি বিশ্বাস কৰোঁ যে, ইছৰাফীল (আলাইহিচ ছালামে) দ্বিতীয়বাৰ শিঙাত ফুঁ দিয়াৰ পিছত মৃত সকল জীৱিত হোৱাৰ দ্বাৰা পুনৰুত্থান সংঘটিত হ
﴿وَنُفِخَ فِي ٱلصُّورِ فَصَعِقَ مَن فِي ٱلسَّمَٰوَٰتِ وَمَن فِي ٱلۡأَرۡضِ إِلَّا مَن شَآءَ ٱللَّهُۖ ثُمَّ نُفِخَ فِيهِ أُخۡرَىٰ فَإِذَا هُمۡ قِيَامٞ يَنظُرُونَ ٦٨﴾ [الزمر: 68]
সেইদিনা শিঙাত ফুঁ দিয়া হব। তেতিয়া আকাশ আৰু পৃথিৱীৰ সকলো প্রাণী মৰি পৰি থাকিবৱশ্য আল্লাহ যাক ইচ্ছা (জীৱন্ত ৰাখিব) তাৰ বাহিৰেতাৰ পিছত শিঙাত আকৌ এবাৰ ফুঁ দিয়া হব। তেতিয়া সকলোৱে থিয় হৈ দৃষ্টিপাত কৰিব” [যুমাৰ: ৬৮]
ইয়াৰ পিছত সকলো মানুহ ৰাব্বুল আলামীনৰ উদ্দেশ্যে কবৰৰ পৰা উঠিবসিহঁতৰ ভৰিত চেণ্ডেল আৰু শৰীৰত বস্ত্র নাথকিব লগতে পুৰুষাংগ খতনাবিহীন থাকিব
﴿كَمَا بَدَأۡنَآ أَوَّلَ خَلۡقٖ نُّعِيدُهُۥۚ وَعۡدًا عَلَيۡنَآۚ إِنَّا كُنَّا فَٰعِلِينَ ١٠٤﴾ [الأنبياء:104]
যেনেকৈ সৰ্বপ্রথম আমি সৃষ্টিৰ সূচনা কৰিছিলো ঠিক তেনেকৈ আকৌ আমি তাৰ পুনৰাবৃত্তি কৰিমইটো এটা প্ৰতিশ্ৰুতি, যিটো পুৰণ কৰাৰ দায়িত্ব আমাৰইকাম অৱশ্যই আমি কৰিম” [আম্বিয়া : ১০৪]
আমল নামা
আমি আমল নামাৰ প্ৰতিও বিশ্বাস কৰোঁ আমল নামা সোঁ হাতিয়া হঅথবা পিছ ফালৰ পৰা বাওঁ হাতিয়া হ
﴿فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ ٧ فَسَوۡفَ يُحَاسَبُ حِسَابٗا يَسِيرٗا ٨ وَيَنقَلِبُ إِلَىٰٓ أَهۡلِهِۦ مَسۡرُورٗا ٩ وَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ وَرَآءَ ظَهۡرِهِۦ ١٠ فَسَوۡفَ يَدۡعُواْ ثُبُورٗا ١١ وَيَصۡلَىٰ سَعِيرًا ١٢﴾ [الإنشقاق: 7-12]
এতেকে যাৰ আমল নামা তাৰ সোঁ হাতত দিয়া হব, নিশ্চয় তাৰ হিচাপ সহজভাৱে লোৱা হব। আৰ সি আত্মিয় সকলৰ ওচৰত আনন্দচিত্তে উভতি যাব। আৰু যি ব্যক্তিৰ আমল নামা পিছ ফলেৰে দিয়া হ, সি ভয়তে মৃত্যুক মাতিব আৰু সি জলন্ত জুইত নিক্ষিপ্ত হ” [ইনশ্বিকাক : ৭-১২]
﴿وَكُلَّ إِنسَٰنٍ أَلۡزَمۡنَٰهُ طَٰٓئِرَهُۥ فِي عُنُقِهِۦۖ وَنُخۡرِجُ لَهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ كِتَٰبٗا يَلۡقَىٰهُ مَنشُورًا ١٣ ٱقۡرَأۡ كِتَٰبَكَ كَفَىٰ بِنَفۡسِكَ ٱلۡيَوۡمَ عَلَيۡكَ حَسِيبٗا ١٤﴾ [الإسراء: 13-14]
আৰু প্রত্যেক ব্যক্তিৰ ভাগ্য আমি তাৰ ডিঙিত উলমাই ৰাখিছোঁৰু কিয়ামতৰ দিনা আমি তাৰ বাবে কিতাপ এখন প্রকাশ কৰিমি কিতাপ খনক উন্মুক্ত গ্রন্থ হিচাপে দেখিবপঢ়া তোমাৰ কিতাপ খন আজি তোমা নিজ হিচাপ চোৱাৰ বাবে তুমি নিজেই যথেষ্ট।” [ইছৰা : ১৩-১৪]
মিজান
আমি আৰু বিশ্বাস কৰোঁ, কিয়ামতৰ দিনা মিজানবা ভাল-বেয়া ওজন কৰাৰ ব্যৱস্থা থাকিব। কোনো ব্যক্তিৰ প্রতি কোনো ধৰণৰ অন্যায় কৰা নহব
﴿فَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٍ خَيۡرٗا يَرَهُۥ ٧ وَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٖ شَرّٗا يَرَهُۥ ٨﴾ [الزلزلة: 7-8]
যি ব্যক্তি অনু পৰিমাণ নেক আমল কৰিব, সি সেইটো দেখিবলৈ পাব আৰু যি ব্যক্তি অনু পৰিমান বেয়া-আমল কৰিব, সিও সেইটো দেখিবলৈ পাব” [যিল-যাল: ৭-৮]
﴿فَمَن ثَقُلَتۡ مَوَٰزِينُهُۥ فَأُوْلَٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ ١٠٢ وَمَنۡ خَفَّتۡ مَوَٰزِينُهُۥ فَأُوْلَٰٓئِكَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ فِي جَهَنَّمَ خَٰلِدُونَ ١٠٣ تَلۡفَحُ وُجُوهَهُمُ ٱلنَّارُ وَهُمۡ فِيهَا كَٰلِحُونَ ١٠٤﴾ [المؤمنون: 102-104]
“যিহঁতৰ (নেক আমলৰ) তৰ্জু ভাৰী হব তেওঁলোকেই সফল। আৰু যিহঁতৰ তৰ্জু পাতল হব সিহঁত হব ক্ষতিগ্রস্ত। সিহঁত চিৰকাল জাহান্নামত থাকিব জুইয়ে সিহঁতৰ মুখমণ্ডল জ্বলাব আৰু সিহঁত তাত কুৎসিত আৰু বেয়া আকাৰ ধাৰণ কৰিব।” [মুমিনুন : ১০২-১০৪]
﴿مَن جَآءَ بِٱلۡحَسَنَةِ فَلَهُۥ عَشۡرُ أَمۡثَالِهَاۖ وَمَن جَآءَ بِٱلسَّيِّئَةِ فَلَا يُجۡزَىٰٓ إِلَّا مِثۡلَهَا وَهُمۡ لَا يُظۡلَمُونَ ١٦٠﴾ [الأنعام: 160]
যি ব্যক্তি আল্লাহৰ ওচৰত নেক আমল লৈ উপস্থিত হব তাৰ বাবে দহ গুন বেছি পুৰষ্কাৰ আছে। আৰু যি ব্যক্তি পাপ কৰ্ম লৈ উপস্থিত হ, তাক তাৰ পাপ কৰ্মৰ সমপৰিমাণ প্রতিফল দিয়া হব। কাৰো প্রতি কোনো ধৰণৰ অন্যায় কৰা নহব” [আনআম : ১৬০]
শ্বাফাআত
আমি আৰু বিশ্বাস কৰোঁ যে, ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম]ৰ বাবে শ্বাফাআতে উযমা’ (বা মহান শ্বাফাআত) বিশেষভাৱে নিৰ্দিষ্ট আছে। বান্দাহ সকলৰ মাজত বিচাৰ ফায়চালা কৰাৰ বাবে আল্লাহ তাআলাৰ ওচৰত তেওঁৰেই অনুমতিক্রমে এই শ্বাফাআত এনে এক সময়ত কৰিব যেতিয়া মানুহে হাছৰৰ ময়দানত সীমাহীন দুশ্চিন্তা আৰু সংকটৰ মাজত থাকিব প্রথমতে মানুহে আদম [আলাইহিচ ছালাম]ৰ ওচৰত যাব। তাৰ পিছত নূহ [আলাইহিচ ছালাম] তাৰ পিছত ইব্ৰাহীম, মূছা, ঈছা [আলাইহিচ ছালাম] আৰু অৱশেষত ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম]ৰ ওচৰত যাব
আমি আৰু বিশ্বাস কৰোঁ যে, মুমিন সকলৰ মাজত যিহঁতে জাহান্নামত যাব সিহঁতক তাৰ পৰা উলিৱাৰ বাবে শ্বাফাআত কৰা হব। এই শ্বাফাআত ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম] সহ আন আন নবী, পূন্যবান লোক সকল আৰু ফিৰিস্তা সকলৰ বাবে নিৰ্দিষ্ট।
আল্লাহ তাআলা নিজ ৰহমত আৰু অনুগ্ৰহত শ্বাফাআত বিহীন জাহান্নামী সকলৰ এদল লোকক মুক্তি দিব
হাউজে কাওছাৰ
আমি আৰু বিশ্বাস কৰোঁ যে, ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম]ৰ বাবে এনে এটা হাওজ নিৰ্দিষ্ট আছে যাৰ পানী গাখিৰতকৈও বগা, মধুতকৈ মিঠা আৰু মুছ্কতকৈ সুগন্ধি বিশিষ্ট। ইয়াৰ দৈৰ্ঘ এক মাহৰ পথ আৰু প্রসস্থ এক মাহৰ পথ। আৰু পাত্র সমূহ, সংখ্যা আৰু সৌন্দৰ্যৰ ফালেৰে যেন আকাশৰ নক্ষত্র। নবী [চাল্লাল্লাহ আলাইহি অছাল্লাম]ৰ উম্মতৰ মুমিন সকলে এই হাওজৰ পৰা পানী পান কৰিবি ব্যক্তি এই হাওজৰ পৰা পানী পান কৰিব তাৰ আৰু কেতিয়াও পিয়াঁহ নালাগিব
পুলচিৰাত
আমি বিশ্বাস কৰোঁ যে, জাহান্নামৰ ওপৰত পুলচিৰাত স্থাপিত আছে। মানুহে সিহঁতৰ আমলৰ ভিত্তিত এই পুলচিৰাত অতিক্রম কৰিব। প্রথম ব্যক্তি বিদ্যুতৰ গতিত এই পুলচিৰাত অতিক্রম কৰিব। ইয়াৰ পিছৰ ব্যক্তি অতিক্রম কৰিব বতাহৰ বেগেৰেতাৰ পিছৰ ব্যক্তি চৰাইৰ গতিত আৰু তাৰ পিছৰ ব্যক্তি পুৰুষৰ দৰে দ্ৰুত গতিত পাৰ হআৰু ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম] পুলচিৰাতৰ ওচৰত থিয় হৈ ক, হে আমাৰ ৰব [বিপদৰ পৰা] ৰক্ষা কৰা, ৰক্ষা কৰা অৱশেষত বান্দাসকলৰ আমল ইমান কম হৈ যাব যে ফলত আঠু কাঢ়ি পাৰ হবলৈ চেষ্টা কৰিব আৰু পুলচিৰাতৰ দুয়ো পাশে কাইটৰ নিচিনা লোৰে গঠিত কালালীব উলোমা থাকিবআল্লাহ তাআলাৰ নিৰ্দেশানুযায়ী সেই কাইটে আঘাত কৰিব, যি ব্যক্তি পাৰ হব পাৰিব সি নাজাত পাব আৰু যি ব্যক্তি সহ্য কৰিব নোৱাৰি পৰি যাব সি জাহান্নামত যাব
আৰু আমি কিয়ামতৰ দিনৰ লগতে সেই দিনৰ ভয়ঙ্কৰ অৱস্থা সংক্রান্ত যাৱতীয় খবৰ যিটো কোৰআন আৰু ছুন্নাত আহিছে সেই সকলোৰ ওপৰত বিশ্বাস কৰোঁআল্লাহ সে কঠিন সময় আমা সাহাৰক
বিশেষ শ্বাফাআত
আমি আৰু বিশ্বাস কৰোঁ যে, জান্নাতি ব্যক্তি সকলৰ কাৰণে জান্নাতত প্রৱেশ কৰাৰ বাবে ৰাছুলুল্লাহ্ [চাল্লাল্লাহ আলাইহি অছাল্লাম] আল্লাহৰ ওচৰত বিশেষ ছুপাৰিছ কৰিবই ছুপাৰিছ কেৱল তেওঁৰ বাবেই নিৰ্দিষ্ট
 জান্নাত আৰু জাহান্নাম
আমি জান্নাত আৰু জাহান্নামৰ ওপৰত বিশ্বাস পোষণ কৰোঁজান্নাত পম সুখ আৰু শান্তি স্থান। আল্লাহ তাআলা মুমিন মুত্তাকী সকলৰ বাবে জান্নাত তৈয়াৰ কৰিছে। জান্নাতত এনে সুখ-শান্তিৰ উপকৰণ আছে যিটো কোনো চকুৱে দেখা নাইকোনো কানেও শুনা নাইকোনো অন্তৰত তাৰ কল্পনা কৰাও সম্ভৱ নহয়
﴿فَلَا تَعۡلَمُ نَفۡسٞ مَّآ أُخۡفِيَ لَهُم مِّن قُرَّةِ أَعۡيُنٖ جَزَآءَۢ بِمَا كَانُواْ يَعۡمَلُونَ ١٧﴾ [السجدة: 17]
“সিহঁতৰ কৰ্মৰ প্রতিফল হিচাপে চকু শীতলকাৰী যিবোৰ সুখ-সামগ্রী সিহঁতৰ বাবে গোপন ৰখা হৈছে কোনো জীৱই সেয়া নাজানে।” [ছাজদাহ : ১৭]
আৰু জাহান্নাম হৈছে শাস্তিৰ স্থান। অন্যায়কাৰী, কাফিৰ সকলৰ বাবে আল্লাহ তাআলা জাহান্নাম তৈয়াৰ কৰিছে। তাত এনে দুঃখ-কষ্ট আৰু শাস্তিৰ ব্যৱস্থা আছে যিটো কোনো হৃদয় কল্পনা কৰিব নোৱাৰে
﴿إِنَّآ أَعۡتَدۡنَا لِلظَّٰلِمِينَ نَارًا أَحَاطَ بِهِمۡ سُرَادِقُهَاۚ وَإِن يَسۡتَغِيثُواْ يُغَاثُواْ بِمَآءٖ كَٱلۡمُهۡلِ يَشۡوِي ٱلۡوُجُوهَۚ بِئۡسَ ٱلشَّرَابُ وَسَآءَتۡ مُرۡتَفَقًا ٢٩﴾ [الكهف: 29]
“আমি অন্যায়কাৰী ,সকলৰ বাবে নৰক [জাহান্নাম]ৰ ব্যৱস্থা কৰি ৰাখিছোঁই জুইৰ শিখা সিহঁতক আৱৰি ৰাখিব। তাত সিহঁতে পানী বিচাৰিলে এনে পানী সৰবৰাহ কৰা হব যিটো জুলিয় পদাৰ্থৰ নিচিনা ফলত সিহঁতৰ মুখমণ্ডল বিদগ্ধ হৈ যাবইটো কিমান যে নিকৃষ্ট পানীআৰু কিমান যে বেয়া আশ্রয়স্থল।” [কাহাফ : ২৯]
জান্নাত আৰু জাহান্নামৰ অস্তিত্ব বৰ্তমানো আছে। চিৰকাল থাকিব। কেতিয়াও ধ্বংস নহব
﴿وَمَن يُؤۡمِنۢ بِٱللَّهِ وَيَعۡمَلۡ صَٰلِحٗا يُدۡخِلۡهُ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۖ قَدۡ أَحۡسَنَ ٱللَّهُ لَهُۥ رِزۡقًا ١١﴾ [الطلاق: 11]
 “আৰু যি ব্যক্তি আল্লাহৰ প্রতি ঈমান আনিব আৰু নেক আমল কৰিব, আল্লাহ তাক এনে জান্নাতত প্ৰৱেশ কৰাব যাৰ তলত নিজৰা বৈ যায়তেওঁলোকে তাত চিৰকাল বসবাস কৰিব। পূন্যবান লোকসকলৰ বাবে আল্লাহে তাত উত্তম জীৱিকাৰ ব্যৱস্থা কৰিছে” [তালাক: ১১]
﴿إِنَّ ٱللَّهَ لَعَنَ ٱلۡكَٰفِرِينَ وَأَعَدَّ لَهُمۡ سَعِيرًا ٦٤ خَٰلِدِينَ فِيهَآ أَبَدٗاۖ لَّا يَجِدُونَ وَلِيّٗا وَلَا نَصِيرٗا ٦٥ يَوۡمَ تُقَلَّبُ وُجُوهُهُمۡ فِي ٱلنَّارِ يَقُولُونَ يَٰلَيۡتَنَآ أَطَعۡنَا ٱللَّهَ وَأَطَعۡنَا ٱلرَّسُولَا۠ ٦٦﴾ [الأحزاب: 64-66]
“আল্লাহ তাআলা কাফিৰ সকলৰ প্ৰতি অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে জ্বলন্ত জুই তৈয়াৰ কৰি ৰাখিছে। তাত সিহঁতে চিৰকাল থাকিবতাত সিহঁতে কোনো বন্ধু আৰু সাহায্যকাৰীও নাপাব। যিদিনা সিহঁতৰ মুখমণ্ডল জুইৰ ওপৰত উলট-পালট কৰা হব সেইদিনা সিহঁতে কব: হায়! যদি আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিলোহেঁতেন” [আহযাব : ৬৪-৬৬]

আমি তেওঁলোকৰ জান্নাতি হোৱাত সাক্ষী দিওঁ যিহঁতৰ বিষয়ে কোৰআন আৰু হাদীছে সুনিৰ্দিষ্ট কৰি, আৰু মানগত দিশ উল্লেখ কৰি ঘোষণা দিছেনিৰ্দিষ্ট কৰি জান্নাতত যোৱাৰ ক্ষেত্ৰত যিহঁতৰ ঘোষণা দিয়া হৈছে তেওঁলোকৰ মাজত আছে আবূ বকৰ, ওমৰ, ওছমান, আলী [আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হওক]আৰু তেওঁলোকৰ দৰে লোকসকলৰাছুুল্লাহ [চাল্লাল্লাহ আলাইহি অছাল্লাম] এওঁলোকৰ নাম নিৰ্দিষ্ট কৰি দিছেৰু মানগত আৰু গুনগত দিশ বিচাৰ কৰি যিহঁতৰ ক্ষেত্ৰত জান্নাতি বুলি ঘোষণা আছে তেওঁলোক হৈছে, প্রত্যেক মুমিন আৰু মুত্তাকী ব্যক্তি
 আমি আৰু সাক্ষী দিওঁ, প্ৰত্যেক সেই ব্যক্তিৰ জাহান্নামী হোৱাত, যাৰ ক্ষেত্ৰত কোৰআন আৰু হাদিছে নিৰ্দিষ্ট বা মানগত দিশ বৰ্ণনা কৰি ঘোষণা দিছে যিহঁতৰ বিষয়ে নিৰ্দিষ্ট ঘোষণা দিছে সিহঁত হৈছে আবু লাহাব, আমৰ বিন লোহাই আল খুযা‘য়ীসহ আৰু কিছুমান ব্যক্তি সম্পৰ্কেৰু যিহঁতৰ বিষয়ে গুণগত আৰু মানগত দিশেৰে ঘোষণা আছে সিহঁত হৈছে প্রত্যেক কাফিৰ আৰু ডাঙৰ শিৰ্ককাৰী মুশ্বৰিক আৰু মুনাফিক।
কবৰত মৃত ব্যক্তিৰ পৰিক্ষা
আমি কবৰৰ ফিতনাৰ প্ৰতি বিশ্বাস কৰোঁ, আৰু সেয়া হৈছে, কবৰত প্ৰভূ, দ্বীন আৰু নবী সম্পৰ্কে কৰা প্ৰশ্নতেতিয়া
﴿يُثَبِّتُ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ بِٱلۡقَوۡلِ ٱلثَّابِتِ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَفِي ٱلۡأٓخِرَةِۖ﴾ [إبراهيم: 27]
আল্লাহ তাআলা ঈমান্দাৰ সকলক পৃথিৱী আৰু পৰকালত শাশ্বত বাণীৰ ওপৰত সুপ্রতিষ্ঠিত ৰাখিব” [ইব্ৰাহীম : ২৭]
মুমিন ব্যক্তি ইয়াৰ উত্তৰত ক, ‘আল্লাহ তাআলা মোৰ প্ৰভূ’ ‘ইছলাম মোৰ দ্বীনমুহাম্মদ মোৰ নবী
আনহাতে কাফিৰ আৰু মুনাফিক ব্যক্তিয়ে ক, মই একো নাজানোপৃথিৱীৰ লোকসকলক যি কওঁতে শুনিছো ময়ো তাকেই কৈছো
কবৰৰ শান্তি
আমি মুমিনসকলৰ বাবে কবৰত থকা সুখ-শান্তিৰ ওপৰত বিশ্বাসী
﴿ٱلَّذِينَ تَتَوَفَّىٰهُمُ ٱلۡمَلَٰٓئِكَةُ  طيبين يقولون سلام عليكم أدخلوا الجنة بما كنتم تعملون (النحل : 32)
 পৱিত্র থকা অৱস্থাত ফিৰিস্তাসকলে যিহঁতৰ ৰূহ কবজ কৰে, সিহঁতক তেওঁলোকে কয়, তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক। তোমালোক তোমালোকৰ আমলৰ বিনিময়ত জান্নাতত প্রৱেশ কৰা” [নাহল : ৩২]
কবৰৰ আজাব
আমি আৰু বিশ্বাস কৰোঁ যে, অন্যায়কাৰী, কাফিৰসকলৰ বাবে কবৰত শাস্তিৰ ব্যৱস্থা আছে।
﴿وَلَوۡ تَرَىٰٓ إِذِ ٱلظَّٰلِمُونَ فِي غَمَرَٰتِ ٱلۡمَوۡتِ وَٱلۡمَلَٰٓئِكَةُ بَاسِطُوٓاْ أَيۡدِيهِمۡ أَخۡرِجُوٓاْ أَنفُسَكُمُۖ ٱلۡيَوۡمَ تُجۡزَوۡنَ عَذَابَ ٱلۡهُونِ بِمَا كُنتُمۡ تَقُولُونَ عَلَى ٱللَّهِ غَيۡرَ ٱلۡحَقِّ وَكُنتُمۡ عَنۡ ءَايَٰتِهِۦ تَسۡتَكۡبِرُونَ ٩٣﴾ [الأنعام: 93]
হায়! যদি তুমি অন্যায়কাৰীসকলক সেই অৱস্থাত দেখা পালেহেঁতেন যেতিয়া সিহঁত মৃত্যু যন্ত্রণাত থাকে। ফিৰিস্তাসকলে নিজৰ হাত আগবঢ়ায় (আৰু কয়)উলিয়াই আনা তোমালোকৰ অন্তৰাত্মা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হব। কাৰণ তোমালোকে আল্লাহৰ বিৰোদ্ধে অসত্য কথা আৰু তোমালোকে তেওঁৰ আয়াতসমূহত অহংকাৰ পোষণ কৰিছিলা।” [আন‘আম: ৯৩]

এই বিষয়ে বহুতো হাদীছ বৰ্ণিত আছে। কোৰআন আৰু হাদিছত যিসমূহ অদৃশ্যৰ খবৰ ও তথ্য আহিছে সেইবোৰৰ প্ৰতি বিশ্বাস কৰা প্রত্যেকজন মুমিনৰ কৰ্তব্য। পৃথিৱীৰ এইসমূহ বস্তুৰ ওপৰত অনুমান কৰি সেইবোৰ বিষয়ৰ বিৰোধিতা কৰা ঠিক নহয়। কাৰণ পৰকালৰ বিষয় সমূহ পৃথিৱীৰ বিষয়ৰ লগত তুলনা কৰা ঠিক নহয়একমাত্র আল্লাহেই হৈছে সহায়ৰ আঁধাৰ

0 comments:

Post a Comment

 
Template designed by Rafique Habib