Friday 3 April 2015

আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা দ্বিতীয় খণ্ড

শ্বাইখ মুহাম্মদ বিন ছলেহ আল-উছাইমীন
অনুবাদ: ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

কোৰআন আল্লাহৰ কালাম বা কথা
আমি আৰু বিশ্বাস কৰোঁ যে, কোৰআনে কাৰীম হৈছে আল্লাহ তাআলাৰ পৱিত্র বাণী(কালাম)ইয়াত তেওঁ সত্য কথা কৈছে আৰু জিব্ৰীল [আলাইহিছ ছালাম]ক সেইটো অৰ্পণ কৰিছে। আৰু জিব্ৰীল [আলাইহিছ ছালাম] সেই অৰ্পিত কথাসমূহ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰত অৱতীৰ্ণ কৰিছে
﴿ قُلۡ نَزَّلَهُۥ رُوحُ ٱلۡقُدُسِ مِن رَّبِّكَ بِٱلۡحَقِّ ﴾ [النحل: 102]
(হে মুহাম্মাদ! ইহঁতক) কোৱা, ইয়াক (কোৰআনক) ৰুহুল কুদুছ’ [জিব্ৰীল] যথাযথভাৱে তোমাৰ প্ৰভূৰ পৰা ক্রমাগতভাৱে নাযিল কৰিছে” [নাহল : ১০২]
﴿وَإِنَّهُۥ لَتَنزِيلُ رَبِّ ٱلۡعَٰلَمِينَ ١٩٢ نَزَلَ بِهِ ٱلرُّوحُ ٱلۡأَمِينُ ١٩٣ عَلَىٰ قَلۡبِكَ لِتَكُونَ مِنَ ٱلۡمُنذِرِينَ ١٩٤ بِلِسَانٍ عَرَبِيّٖ مُّبِينٖ ١٩٥﴾ [الشعراء: 192-195]
এই [কোৰআন] আল্লাহ ৰাব্বুল আলামীনৰ তৰফৰ পৰা অৱতীৰ্ণ হৈছেইয়াকলৈ আমানতদাৰ ৰুহতোমাৰ অন্তৰত অৱতৰণ কৰিছে। যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভূক্ত হব পাৰা স্পষ্ট আৰবী ভাষাত” [শুআৰা : ১৯২-১৯৫]
আল্লাহ আটাইতকৈ ওপৰত
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা নিজ জাত আৰু ছিফাত” [সত্তা আৰু গুণাৱলী]ৰ সৈতে সমগ্র সৃষ্টিৰ ওপৰত আছে
এই বিষয়ে আল্লাহ তাআলা কৈছে:
﴿وَهُوَ ٱلۡعَلِيُّ ٱلۡعَظِيمُ ٢٥٥﴾ [البقرة: 255]
“আৰু তেওঁ সৰ্বোচ্চ ও মহান সত্তা।” [বাকাৰা ; ২৫৫]
আৰু কৈছে
﴿ وَهُوَ ٱلۡقَاهِرُ فَوۡقَ عِبَادِهِۦۚ وَهُوَ ٱلۡحَكِيمُ ٱلۡخَبِيرُ ١٨ ﴾ [الأنعام: 18]
তেওঁ তেওঁৰ বান্দাহসকলৰ ওপৰত পৰম ক্ষমতাশীলআৰু তেওঁ চিৰজ্ঞানী সৰ্ব বিষয়ে অৱগত” [আনআম: ১৮]
সকলো আল্লাহৰেই সৃষ্টি
আমি বিশ্বাস কৰোঁ যে,
﴿خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ يُدَبِّرُ ٱلۡأَمۡرَۖ﴾ [يونس: 3]
তেওঁ আকাশ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত মহা সিংহাসনত বিৰাজমান হৈছেেওঁ যাৱতীয় বিষয়াদি নিয়ন্ত্রণ কৰে” [ইউনুছ: ৩]
আল্লাহ তাআলা মহাসিংহাসনত বিৰাজমান হোৱাৰ অৰ্থ হৈছে তেওঁ তাৰ ওপৰত স্ব-সত্তায় বিশেষভাৱে বিৰাজমান। যেনেকৈ তেওঁৰ মহত্ব আৰু মহিমাৰ বাবে শোভনীয় ঠিক তেনেকৈ তেওঁ বিৰাজমানইয়াৰ অৱস্থা, ধৰণ, গঠন, ৰূপৰেখা আল্লাহ বাহিৰে আন কোনোৱে নাজানে
আমি বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা তেওঁৰ সৃষ্টিৰ লগত, যদিও প্ৰকৃততে তেওঁ নিজ সিংহাসনৰ ওপৰত( লগত থকাৰ্থইটোয় যে, তেওঁ সিহঁতৰ লগত লাগি আছে বা মিহলি আছে বৰং তেওঁ আৰছত বিৰাজমান) েওঁ সৃষ্টিৰ সকলো অৱস্থা সম্পৰ্কে জ্ঞাত। তেওঁ সিহঁতৰ কথা শুনে। সিহঁতৰ কাৰ্যকলাপ দেখেসিহঁতৰ কাৰ্যক্রম পৰিচালনা কৰেদুখিয়াক জীৱিকা দান কৰেনি:স্ব আৰু অভাৱী ব্যক্তিৰ অভাৱ পূৰণ কৰেযাক ইচ্ছা ৰাজত্ব প্ৰদান কৰে আৰু যাক ইচ্ছা ৰাজত্বৰ পৰা বহিস্কাৰ কৰেআৰু যাক ইচ্ছা সম্মানিত কৰে আৰু যাক ইচ্ছা অপমাণিত কৰেেওঁৰ হাততেই সকলো কল্যাণ নিহিত। সকলো বস্তুৰ ওপৰতেই তেওঁ ক্ষমতাবান। যাৰ ইমান মৰ্যাদা, তেওঁ নিশ্চয় তেওঁৰ সৃষ্টিৰ লগত আছে। যদিও তেওঁ প্রকৃতপক্ষত সৃষ্টিৰ ওপৰত আৰছৰ ওপৰত বিৰাজমান
﴿ لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١١﴾ [الشورى: 11]
“কোনো বস্তু তেওঁৰ লগত ৰিজনি নাখাটেেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা” [শুৰা : ১১]
জাহমীয়্যা সম্প্ৰদায়ৰ হুলুলিয়া[1] আৰু আন আন সম্প্রদায়ৰ দৰে আমি এই কথা নকওঁ যে, আল্লাহ তাআলা তেওঁৰ সৃষ্টিৰ লগত এই পৃথিৱীত বিৰাজ কৰি আছে
এওঁলোকৰ বিষয়ে আমাৰ ধাৰণা যিহঁতে এইধৰণৰ কথা কয় সিহঁত কাফিৰ অথবা পথভ্রষ্ট। কাৰণ আল্লাহৰ মৰ্যাদাত যিটো অশোভনীয় আৰু অবমাননাকৰ সিহঁতে সেইটোৱেই বিশেষিত কৰে
আল্লাহ তাআলা পৃথিৱীৰ আকাশত অৱতৰণ কৰে
আমি আৰু বিশ্বাস কৰোঁ, যিটো ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহ তাআলা সম্পৰ্কে আমাক খবৰ বা তথ্য জনাইছে যে, আল্লাহ তাআলা প্রত্যেক ৰাতিৰ এক তৃতীয়াংশ বাকী থাকোঁতে পৃথিৱীৰ আকাশত অৱতৰণ কৰেআৰু [পৃথিৱী বাসীক উদ্দেশ্য কৰি] কয়:
 " من يدعوني فأستجيب له, من يسألني فأعطيه, من يستغفرني فأغفر له"
কোনোবা আছেনে যিয়ে মোক মাতিব মই তাৰ উত্তৰ দিম? কোনোবা আছেনে যিয়ে মোৰ ওচৰত প্ৰাৰ্থনা কৰিব মই তাক প্ৰদান কৰিম? কোনোবা আছেনে যিয়ে মোৰ ওচৰত ক্ষমা বিচাৰিব মই তাক ক্ষমা কৰিম? [মুআত্তা ১/২১৪, বুখাৰী ৯/২৫,২৬, মুছলিম ১/৫২১]
আল্লাহ তাআলা বিচাৰ কৰিব
আমি বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা নিৰ্ধাৰিত দিনত অৰ্থাৎ শেষ বিচাৰৰ দিনা বান্দাহসকলৰ মাজত বিচাৰ-ফয়চালা কৰাৰ বাবে আগমন কৰিব।
আল্লাহ তাআলা কৈছে:
﴿كَلَّآۖ إِذَا دُكَّتِ ٱلۡأَرۡضُ دَكّٗا دَكّٗا ٢١ وَجَآءَ رَبُّكَ وَٱلۡمَلَكُ صَفّٗا صَفّٗا ٢٢ وَجِاْيٓءَ يَوۡمَئِذِۢ بِجَهَنَّمَۚ يَوۡمَئِذٖ يَتَذَكَّرُ ٱلۡإِنسَٰنُ وَأَنَّىٰ لَهُ ٱلذِّكۡرَىٰ ٢٣﴾ [الفجر: 21-23]
“কেতিয়াও নহয়, পৃথিৱীক যেতিয়া চুৰ্ণ-বিচুৰ্ণ কৰি দিয়া হব আৰু তোমাৰ ৰব আগমন কৰিব, আৰু ফিৰিস্তাসকল শাৰীবদ্ধ অৱস্থাত থাকিব, জাহান্নামক সেইদিনা হাজিৰ কৰা হসেইদিনা মানুহে স্মৰণ কৰিব। কিন্তু এই স্মৰণ তাৰ কোন কামত সহায় কৰিব?” [জৰ : ২১ -২৩]

আল্লাহে যিটো ইচ্ছা সেইটোৱে কৰে
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা
﴿ فَعَّالٞ لِّمَا يُرِيدُ ١٦﴾ [البروج: 16]
“[আল্লাহ] যিটো ইচ্ছা কৰে সেইটো সম্পন্ন কৰে” [বুৰুজ: ১৬]
আল্লাহৰ ইচ্ছা দুই ধৰণৰ
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলাৰ ইচ্ছা দুই প্ৰকাৰ: ১। কাউনিয়্যাহ ২। শ্বাৰইয়্যাহ
১। কাউনিয়্যাহ : এই ধৰণৰ ইচ্ছাৰ দ্বাৰা আল্লাহ তাআলাৰ ইচ্ছাকৃত বস্তুটো সম্পন্ন হয়। কিন্তু বস্তুটো আল্লাহৰ ওচৰত পছন্দনীয় হোৱাটো জৰুৰী নহয়। আৰু ইয়াৰ দ্বাৰাই আল্লাহৰ মাশ্বিয়াতবা ইচ্ছা বুজোৱা হয়। যেনে আল্লাহ তাআলা কৈছে:
﴿ وَلَوۡ شَآءَ ٱللَّهُ مَا ٱقۡتَتَلُواْ وَلَٰكِنَّ ٱللَّهَ يَفۡعَلُ مَا يُرِيدُ ٢٥٣﴾ [البقرة: 253]
আল্লাহে ইচ্ছা কৰিলে সিহঁত পৰস্পৰে কাজিয়া কৰিব নোৱাৰিলেহেঁতেন -কিন্তু আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱেই কৰে” [বাকাৰা : ২৫৩]

শ্বাৰইয়্যাহ : এই ধৰণৰ ইচ্ছাৰ দ্বাৰা আল্লাহৰ ইচ্ছাকৃত বস্তুটো সম্পন্ন হোৱা অপৰিহাৰ্য নহয়। কিন্তু এই ক্ষেত্রত ইচ্ছাকৃত বস্তুটো বা বিষয়টো তেওঁৰ পছন্দনীয় হব লাগিবযেন আল্লাহ তাআলা কৈছে:
﴿وَٱللَّهُ يُرِيدُ أَن يَتُوبَ عَلَيۡكُمۡ [النساء: 27]
“আল্লাহে তোমালোকক ক্ষমা কৰিব বিচাৰে” [নিছা : ২৭]
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলাৰ কাউনী আৰু শ্বৰঈ উভয় ইচ্ছা তেওঁৰ হিকমতৰ অধীন। আল্লাহ তাআলা নিজ কাউনী ইচ্ছানুযায়ী যি ফয়চালা কৰে অথবা শ্বৰঈ ইচ্ছানুযায়ী বান্দাহ [মাখলুকে] যি ইবাদত কৰে উভয় ক্ষেত্রতেই তেওঁৰ হিকমত নিহিত আছে। যদিও এই ক্ষেত্ৰত আল্লাহৰ হিকমতৰ কিবা আমি বুজিবলৈ সক্ষম হওঁ বা নহওঁ অথবা আমাৰ বিবেক-বুদ্ধি এই ক্ষেত্রত অক্ষম হলেও বিশ্বাস স্থাপন কৰা অপৰিহাৰ্য
﴿أَلَيۡسَ ٱللَّهُ بِأَحۡكَمِ ٱلۡحَٰكِمِينَ ٨﴾ [التين: 8]
আল্লাহ আটাইতকৈ ডাঙৰ হাকীম নহয়নে?” [তীন: ৮]
﴿ وَمَنۡ أَحۡسَنُ مِنَ ٱللَّهِ حُكۡمٗا لِّقَوۡمٖ يُوقِنُونَ ٥٠﴾ [المائدة: 50]
যিহঁত আল্লাহৰ প্রতি দৃঢ় বিশ্বাসী সিহঁতৰ ওচৰত আল্লাহতকৈ উত্তম আদেশৰ অধীকাৰী আৰু কোন হব পাৰে?” [মায়েদা: ৫০]
আল্লাহৰ ভালপোৱা
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা তেওঁৰ অলিসকলক ভালপায়সিহঁতেও আল্লাহক ভালপায়
﴿ قُلۡ إِن كُنتُمۡ تُحِبُّونَ ٱللَّهَ فَٱتَّبِعُونِي يُحۡبِبۡكُمُ ٱللَّهُ﴾ [آل عمران: 31]
“(হে নবী!) কোৱা, যদি তোমালোকে আল্লাহক ভালপোৱা, তেন্তে তোমালোকে মোৰ অনুসৰণ কৰােনেহলে আল্লাহে তোমালোকক ভাল পাব” [আল ইমৰান : ৩১]
﴿ فَسَوۡفَ يَأۡتِي ٱللَّهُ بِقَوۡمٖ يُحِبُّهُمۡ وَيُحِبُّونَهُۥٓ﴾ [المائدة: 54]
(তেন্তে আল্লাহে অনতিপলমে এনে এক জাতিৰ উত্থান ঘটাব যিহঁতক আল্লাহে ভাল পায় আৰু সিহঁতেও আল্লাহক ভাল পাব[মায়েদা: ৫৪]
﴿وَٱللَّهُ يُحِبُّ ٱلصَّٰبِرِينَ ١٤٦﴾ [آل عمران: 146]
“আল্লাহে ধৈৰ্যশীল লোকক ভাল পায়” [আল ইমৰান: ১৪৬]
﴿ وَأَقۡسِطُوٓاْۖ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُقۡسِطِينَ ٩﴾ [الحجرات: 9]
“তোমালোকে ইনছাফ(ন্যায়) কৰাআল্লাহে ন্যায়পৰায়নকাৰী লোকসকলক (ইনছাফকাৰী সকলক) ভাল পায়” [হুজুৰাত : ৯]
﴿ وَأَحۡسِنُوٓاْۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُحۡسِنِينَ ١٩٥﴾ [البقرة: 195]
“তোমালোক ভাল কাম কৰা নিশ্চয় আল্লাহে মুহছিন বান্দা সকলক (মঙ্গলকাৰীক) ভাল পায়” [বাকাৰা : ১৯৫]
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা যিবোৰ আমল আৰু কথাৰ নিৰ্দেশ দিছে তেওঁ সেইবোৰ পছন্দ কৰে; আৰু সেই সমূহ বস্তু তেওঁ নিষেধ কৰিছে যিবোৰক তেওঁ অপছন্দ কৰে
﴿إِن تَكۡفُرُواْ فَإِنَّ ٱللَّهَ غَنِيٌّ عَنكُمۡۖ وَلَا يَرۡضَىٰ لِعِبَادِهِ ٱلۡكُفۡرَۖ وَإِن تَشۡكُرُواْ يَرۡضَهُ لَكُمۡۗ ﴾ [الزمر: 7]
“তোমালোকে যদি কুফৰী কৰা তেনেহলে [জানি থোৱা] আল্লাহ তোমালোকৰ মুখাপেক্ষী নহয়েওঁ তাৰ বান্দাহ সকলৰ বাবে কুফৰী পছন্দ নকৰেৰু যদি তোমালোক কৃতজ্ঞতা প্ৰকাশ কৰা তেওঁ তোমালোকৰ বাবে এইটো (কৃতজ্ঞতা) পছন্দ কৰে” [যুমাৰ : ৭]
﴿ وَلَٰكِن كَرِهَ ٱللَّهُ ٱنۢبِعَاثَهُمۡ فَثَبَّطَهُمۡ وَقِيلَ ٱقۡعُدُواْ مَعَ ٱلۡقَٰعِدِينَ ٤٦﴾ [التوبة: 46]
কিন্তু সিহঁতৰ সংকল্পবদ্ধ হোৱাটোৱে আল্লাহৰ পছন্দ নাছিল সেই কাৰণে সিহঁতক তেওঁ আঁতৰাই ৰাখিছে আৰু সিহঁতক কোৱা হ, ‘বহি থকা লোকসকলৰ লগত বহি থকা” [তাওবা: ৪৬]
আল্লাহৰ সন্তুষ্টি
আমি আৰু বিশ্বাস কৰোঁ যে, যিহঁতে ঈমান আনিছে আৰু নেক আমল কৰে আল্লাহ সিহঁতৰ প্রতি সন্তুষ্ট হয়
﴿ رَّضِيَ ٱللَّهُ عَنۡهُمۡ وَرَضُواْ عَنۡهُۚ ذَٰلِكَ لِمَنۡ خَشِيَ رَبَّهُۥ ٨﴾ [البينة: 8]
“সিহঁতৰ প্রতি আল্লাহ তাআলা সন্তুষ্ট আৰু সিহঁতেও আল্লাহৰ প্রতি সন্তুষ্ট। এই সন্তুষ্টি কেৱল তাৰ বাবেই যিয়ে নিজ ৰবক (প্ৰভূক) ভয় কৰে” [বাইয়্যিনাহ : ৮]
আল্লাহৰ গজব (ক্ৰোধ)
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা কাফিৰ আৰু আন আন এনে লোকসকলৰ ওপৰত গযব (ক্ৰোধ) নাযিল কৰে যিহঁত গযবৰ উপযুক্ত।
﴿ٱلظَّآنِّينَ بِٱللَّهِ ظَنَّ ٱلسَّوۡءِۚ عَلَيۡهِمۡ دَآئِرَةُ ٱلسَّوۡءِۖ وَغَضِبَ ٱللَّهُ عَلَيۡهِمۡ﴾ [الفتح: 6]
“যিহঁত আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰে, সিহঁত নিজেই বেয়া সীমাত পৰি আছেসিহঁতৰ প্ৰতি আল্লাহে ক্ৰুদ্ধ হৈছে” [ফাতহ: ৬]
﴿وَلَٰكِن مَّن شَرَحَ بِٱلۡكُفۡرِ صَدۡرٗا فَعَلَيۡهِمۡ غَضَبٞ مِّنَ ٱللَّهِ وَلَهُمۡ عَذَابٌ عَظِيمٞ ١٠٦﴾ [النحل: 106]
“কিন্তু যিহঁতে মনৰ সন্তোষ সহকাৰে কুফৰী কৰে সিহঁতৰ ওপৰতেই আল্লাহৰ গযব। এনেলোকৰ বাবে আছে বেদনাদায়ক শাস্তি” [নাহল : ১০৬]



[1] হুলুলিয়া: জাহমিয়া সম্প্রদায়ৰ এটা অংশ যিহঁতে আল্লাহক সকলো ঠাইতে স্ব-ৰীৰে উপস্থিত বা বিৰাজমান বুলি ধাৰণাৰেৰ্তমানতো যিহঁতে ধাৰণাৰে যে আল্লাহ্ তাআলা সকলো ঠাইতে বিৰাজমান সিহঁত পথভ্রষ্ট।

0 comments:

Post a Comment

 
Template designed by Rafique Habib