Monday 6 April 2015

অাহলে ছুন্নত ওৱাল জামাআতৰ আক্বিদা তৃতীয় খণ্ড

আল্লাহৰ মুখমণ্ডল
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলাৰ চেহাৰা আছে যিটো জালাল আৰু ইকৰামঅৰ্থাৎ মহিমাময় আৰু মহানুভৱ গুণ বিশিষ্ট।
﴿وَيَبۡقَىٰ وَجۡهُ رَبِّكَ ذُو ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ ٢٧﴾ [الرحمن: 27]
“আৰু কেৱলমাত্র তোমাৰ প্ৰভূৰ মহিমাময় আৰু মহানুভৱ চেহাৰাটোৱে অৱশিষ্ট থাকিব।” [ৰহমান : ২৭]
আল্লাহৰ হাত
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলাৰ সন্মানিত আৰু উম্মুক্ত দুটা হাত আছে।
﴿بَلۡ يَدَاهُ مَبۡسُوطَتَانِ يُنفِقُ كَيۡفَ يَشَآءُۚ﴾ [المائدة: 64]
“আল্লাহৰ হাত পূৰ্ণ প্ৰসাৰিত আৰু উন্মুক্ত। তেওঁ যেনে ইচ্ছা তেনেই খৰচ কৰে” [মায়িদা : ৬৪]
﴿وَمَا قَدَرُواْ ٱللَّهَ حَقَّ قَدۡرِهِۦ وَٱلۡأَرۡضُ جَمِيعٗا قَبۡضَتُهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ وَٱلسَّمَٰوَٰتُ مَطۡوِيَّٰتُۢ بِيَمِينِهِۦۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ٦٧﴾ [الزمر: 67]
“এওঁলোকে আল্লাহৰ সন্মান যেনেকৈ কৰিব লাগে তেনেকৈ নকৰিলে, অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী তেওঁৰ মুঠৰ মাজত থাকিব আৰু আকাশ সমূহ তেওঁৰ সোঁ হাতত মেৰিয়াই থাকিবমু্শ্বৰিক সকলৰ শ্বিৰ্কৰপৰা তেওঁ সম্পূৰ্ণ পৱিত্ৰ” [যুমাৰ: ৬৭]
আল্লাহৰ চকু
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলাৰ দুটা প্রকৃত চকু আছে। প্রমাণঃ আল্লাহ তাআলা কৈছে:
﴿وَٱصۡنَعِ ٱلۡفُلۡكَ بِأَعۡيُنِنَا وَوَحۡيِنَا﴾ [هود 37]
“আমাৰ চকুৰ আগত আমাৰ নিৰ্দেশ মোতাবিক তুমি জাহাজ তৈয়াৰ কৰা” [হূদ : ৩৭]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
«حجابه النور لو كشفه لأحرقت سبحات وجهه ما انتهى اليه بصره من خلقه»
নূৰ হল আল্লাহৰ পৰ্দাযদি তেওঁ সেইটো উন্মুক্ত কৰে তেন্তে তেওঁৰ নুৰৰ তাজাল্লীয়ে সৃষ্টি জগতৰ যিমান দূৰলৈ দৃষ্টি যাব, জ্বলি-পুৰি ছাই হৈ যাব। [মুছলিম, ইবন মাজা]
আহলে ছুন্নাত ওৱাল জামাআত এই বিষয়ে একমত যে আল্লাহ তাআলাৰ দুটা চকু আছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাজ্জাল সম্পৰ্কিত হাদীছটো ইয়াৰ সমৰ্থন কৰেেখেতে কৈছে:
إنه أعور وإن ربكم ليس بأعور
প্ৰকৃততে সি [দাজ্জাল] হৈছে কনা আৰু তোমালোকৰ প্ৰভূ কনা নহয়[বুখাৰী ও মুছলিম]
আমি আৰু বিশ্বাস কৰোঁ যে,
﴿ لَّا تُدۡرِكُهُ ٱلۡأَبۡصَٰرُ وَهُوَ يُدۡرِكُ ٱلۡأَبۡصَٰرَۖ وَهُوَ ٱللَّطِيفُ ٱلۡخَبِيرُ ١٠٣﴾ [الأنعام: 103]
“আল্লাহ তাআলাক পৃথিৱীৰ কোনো চকুৱে প্রত্যক্ষ কৰিব নোৱাৰে বৰং তেওঁ সকলো চকু প্রত্যক্ষ কৰেেওঁ অতিশয় সুক্ষ্মদৰ্শী আৰু সকলো বিষয়ে অৱগত” [আনআম: ১০৩]


মুমিন সকলে আল্লাহক দেখিব
আমি এই কথা বিশ্বাস কৰোঁ যে, মুমিন ব্যক্তি সকলে কিয়ামতৰ দিনা প্ৰভূদৰ্শন [ৰবক দেখিব] কৰিব
﴿وُجُوهٞ يَوۡمَئِذٖ نَّاضِرَةٌ ٢٢ إِلَىٰ رَبِّهَا نَاظِرَةٞ ٢٣﴾ [القيامة: 22-23]
“সেই দিনা [কিয়ামতৰ দিনা] কিছুমান মূখমণ্ডল উজ্জল হব। নিজ প্ৰভূৰ (ৰব) ফালে দৃষ্টিপাত কৰিব” [কিয়ামাহ : ২২-২৩]
আল্লাহৰ নিচিনা একোৱেই নহয়
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলাৰ ছিফাতে কামাল বা পূৰ্ণাঙ্গ গুণাৱলীৰ কাৰণে তেওঁৰ লগত কোনো বস্তুৰ ৰিজনি (উপমা,উদাহৰণ)নাখাটে
﴿لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١١﴾ [الشورى: 11]
“কোনো বস্তু তেওঁৰ লগত ৰিজনি নাখাটেতেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা” [শুৰা : ১১]
আল্লাহক কলাঘূমটি আৰু টোপনি একোৱে নধৰে
আমি আৰু বিশ্বাস কৰোঁ যে তেওঁ চিৰজীৱি চিৰবিৰাজমান শাশ্বত সত্তা হোৱাৰ কাৰণে,
﴿لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ ﴾ [البقرة: 255]
“তেওঁক টোপনি আৰু কলাঘূমটি একোৱে নধৰে” [বাকাৰা : ২৫৫]
আল্লাহ পুৰ্ণ ইনছাফকাৰী
আমি আৰু বিশ্বাস কৰোঁ যে, আল্লাহ তাআলা কামালে আদল” [পূৰ্ণ ইনছাফ বা ন্যায়]ৰ গুণেৰে গুণান্বিত হোৱাৰ বাবে কাৰো প্রতি অন্যায় নকৰে
ঠিক সেইদৰে, তেওঁ নিজ পূৰ্ণ নিয়ন্ত্রণ আৰু আয়ত্তৰ গুণেৰে গুণান্বিত হোৱাৰ বাবে বান্দাহসকলৰ কৰ্মকাণ্ডৰ ক্ষেত্ৰত আওকানীয়া বা উদাসীন নহয়
আল্লাহৰ জ্ঞান আৰু ক্ষমতা অসীম
আমি বিশ্বাস কৰোঁ যে, আল্লাহ তাআলাৰ অসীম জ্ঞান আৰু ক্ষমতাৰ কাৰণে আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱে তেওঁক অক্ষম অপাৰগ কৰিব নোৱাৰে
﴿إِنَّمَآ أَمۡرُهُۥٓ إِذَآ أَرَادَ شَيۡ‍ًٔا أَن يَقُولَ لَهُۥ كُن فَيَكُونُ ٨٢﴾ [يس: 82]
“অৰ্থাৎ আল্লাহে যেতিয়া কোনো কামৰ ইচ্ছা পোষণ কৰে তেতিয়া তেওঁ [ইচ্ছাকৃত] বস্তুটোক কেৱল কয়: হৈ যোৱাতৎক্ষণাত যায়।” [ইয়াছীন: ৮২]
সেইদৰে, পূৰ্ণ শক্তি আৰু ক্ষমতাৰ অধিকাৰী হোৱাৰ ফলত তেওঁ কেতিয়াও ক্লান্ত নহয়
﴿وَلَقَدۡ خَلَقۡنَا ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ وَمَا مَسَّنَا مِن لُّغُوبٖ ٣٨﴾ [ق: 38]
“নিশ্চয় আমি আকাশ আৰু পৃথিৱী আৰু এই দুয়োৰ মাজত অৱস্থিত সকলো বস্তুকে ছয়দিনত সৃষ্টি কৰিছোঁআৰু আমাক কোনো ক্লান্তি স্পৰ্শ কৰা নাই” [ক্বাফ: ৩৮]
আল্লাহৰ সুন্দৰ নাম আৰু ছিফাত বা গুণাৱলী
যি সমূহ নাম আৰু গুণাৱলী আল্লাহ তাআলাই স্বয়ং নিজৰ বাবে ঘোষণা কৰিছে অথবা তেওঁৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সাব্যস্ত কৰিছে বা স্বীকৃতি দিছে, সেই সমূহ নাম আৰু গুণাৱলীৰ প্রতি আমি বিশ্বাস স্থাপন কৰোঁ কিন্তু আমি কঠিনভাৱে দুটা বস্তুক অস্বীকাৰ কৰোঁৰু সেয়া হৈছে: ১. তামছীল (সাদৃশ্য দিয়া); ২. তাকয়ীফ (ধৰণ-গঠন বৰ্ণনা কৰা)
১. তামছীল: অৰ্থাৎ অন্তৰেৰে অথবা মৌখিকভাৱে এই কথা কোৱা, “আল্লাহৰ ছিফাত বা গুণাৱলী, সৃষ্টিৰ গুণাৱলীৰ লগত মিল আছে
২. তাকয়ীফ: অৰ্থাৎ অন্তৰেৰে অথবা মৌখিকভাৱে এই কথা কোৱা, “আল্লাহৰ ছিফাত বা গুণাৱলীৰ অৱস্থা, আকৃতি বা ধৰণ-গঠন এনেধৰণৰ
এইদৰে, যি সমূহ বিষয় আল্লাহ তাআলা তেওঁৰ নিজৰ ক্ষেত্ৰত অথবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ বাবে নেতিবাচক ঘোষণা কৰিছে সেই সমূহ বিষয় নেতিবাচক হিচাপেই আমি বিশ্বাস কৰোঁমূহ নফী বা নেতিবাচক বিষয় সমূহে, ইয়াৰ বিপৰীতে আল্লাহ তাআলাৰ বাবে কামালিয়াত বা পূৰ্ণতাসম্পন্ন গুণ সাব্যস্ত কৰেৰু যি সমূহ বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে একোৱে কোৱা নাই, সেই সমূহ বিষয়ত আমি মৌনতা অবলম্বন কৰোঁ

আক্বীদা বা তাওহীদৰ পথত চলা অপৰিহাৰ্য
আমি আক্বীদা আৰু তাওহীদৰ এই পথত চলাটো ফৰজ ও অপৰিহাৰ্য বুলি ভাবোঁকাৰণ যি সমূহ বিষয়ে আল্লাহ তাআলা তেওঁৰ নিজৰ বিষয়ে ইতিবাচক বা নেতিবাচক বুলি ঘোষণা কৰিছে সেই সমূহ বিষয় এনে সংবাদ বা তথ্য যিটো তেওঁ নিজ সত্তা সম্পৰ্কে পৰিবেশন কৰিছে। আৰু আল্লাহ তাআলা তেওঁৰ নিজৰ বিষয়ে আটাইতকৈ বেছি অৱগতেওঁ সবাতোকৈ সত্যবাদী আৰু আটাইতকৈ উত্তম বচনৰ অধিকাৰীবান্দা সকলে নিজৰ জ্ঞানেৰে তেওঁক আয়ত্ত কৰিব নোৱাৰে

আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহ তাআলাৰ ক্ষেত্ৰত যি সমূহ বিষয় ইতিবাচক বা নেতিবাচক বুলি ঘোষণা কৰিছে সেই সমূহ হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰিবেশিত খবৰ বা তথ্য। তেওঁ নিজ প্ৰভূ সম্পৰ্কে মানুহৰ মাজত আটাইতকৈ বেছি জ্ঞানী। সবাতোকৈ উত্তম শুভাকাংক্ষীআটাইতকৈ বেছি সত্যবাদী আৰু উত্তম ভাষাৰ অধিকাৰীএতেকে আল্লাহ তাআলা আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী হৈছে জ্ঞান, সত্যবাদিতা আৰু পৰিপূৰ্ণ বৰ্ণনাৰে সমৃদ্ধ। সেয়ে সেইটো গ্রহণ কৰাৰ ক্ষেত্রত কোনো প্রকাৰ সংশয় অথবা প্রত্যাখ্যান কৰাৰ বিষয়ে কোনো ওজৰ আপত্তি গ্ৰহণযোগ্য নহয়

0 comments:

Post a Comment

 
Template designed by Rafique Habib