Tuesday 7 April 2015

আহলে ছুন্নত ওৱাল জামাআতৰ আক্বিদা চতুৰ্থ খণ্ড

আল্লাহৰ প্ৰতি ঈমান

আমি আল্লাহ তাআলাৰ বিষয়ে যি সমূহ ইতিবাচক বা নেতিবাচক ছিফাত বা গুণাৱলীৰ কথা বিস্তাৰিতভাৱে অথবা সংক্ষিপ্তভাৱে উল্লেখ কৰিছোঁ সেইবোৰৰ ক্ষেত্ৰত আমি আটাইতকৈ বেছি নিৰ্ভৰ কৰিছোঁ কোৰআন আৰু ছুন্নাহৰ ওপৰত আৰু আমি সবাতোকৈ বেছি আস্থাশীল সেই পথ বা নীতিৰ ওপৰত যিটো অবলম্বন কৰিছে এই উম্মাতৰ ছালাফে ছলেহীন আৰু হিদায়তৰ পথিকৃত ইমামসকল
আমাৰ ধাৰণা আল্লাহৰ নাম আৰু ছিফাতৰ ক্ষেত্রত কোৰআন আৰু ছুন্নাহৰ উক্তিসমূহৰ প্রকাশ্য অৰ্থ গ্রহণ কৰা অপৰিহাৰ্যইদৰে আল্লাহ তাআলাৰ মৰ্য্যাদাৰ লগত সামঞ্জস্যশীল ও শোভনীয় হকীকতৰ ওপৰত এইবোৰ বাস্তৱায়ন অত্যাৱশ্যক।
আমি সিহঁতক প্ৰত্যাখ্যান কৰোঁ যিহঁতে কোৰআন আৰু ছুন্নাহৰ এই উক্তি সমূহক পৰিবৰ্তন কৰে আৰু আল্লাহ তাআলা আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰক যি উদ্দেশ্যে ব্যৱহাৰ কৰিছে, সেই উদ্দেশ্যৰ বাহিৰে আন কোনো উদ্দেশ্যে যিহঁতেই পৰিবৰ্তন কৰে আমি সিহঁতৰ পথকো প্রত্যাখ্যান কৰোঁ
এইদৰে, আমি সিহঁতৰ পথকো পৰিত্যাগ কৰোঁ, যিহঁতে আল্লাহৰ ছিফাত সংক্রান্ত এই বাণী সমূহক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ  উদ্দেশ্যকৃত অৰ্থ নিষিদ্ধ কৰি সেইবোৰক তাতীল বা অৰ্থহীন কৰি লয়
এনেকৈ, আমি সেই পথকো পৰিত্যাগ কৰোঁ, যিহঁত মুগালীনঅৰ্থাৎ আল্লাহ তাআলাৰ ছিফাতৰ ক্ষেত্রত সীমা অতিক্রম কৰে আৰু যিহঁতে এই ছিফাত সমূহৰ সাদৃশ্যতা বৰ্ণনা কৰে অথবা এইবোৰৰ উদ্দেশ্যক বুজোৱাৰ বাবে ধৰণ-গঠন বৰ্ণনা কৰে। 
আমি নিশ্চিতভাৱে জানো যে কোৰআন আৰু ছুন্নাহত যি বৰ্ণনা হৈছে সেই সকলোবোৰ সত্যপৰস্পৰৰ মাজত কোনো মতানৈক্য নাইকাৰণ, আল্লাহ তাআলা কৈছে:
﴿أَفَلَا يَتَدَبَّرُونَ ٱلۡقُرۡءَانَۚ وَلَوۡ كَانَ مِنۡ عِندِ غَيۡرِ ٱللَّهِ لَوَجَدُواْ فِيهِ ٱخۡتِلَٰفٗا كَثِيرٗا ٨٢﴾ [النساء: 82]
এওঁলোকে কোৰআন সম্পৰ্কে গভীৰ মনোযোগৰ সৈতে চিন্তা নকৰেনে? এইটো যদি আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা হলেহেঁতেন তেন্তে সিহঁতে নিশ্চয় বহুতো স্ববিৰোধিতা পালেহেঁতেন” [নিছা : ৮২]
কাৰণ, সংবাদ যদি পৰস্পৰ বিৰোধী হয় তেন্তে এটাই আনটোক মিছা সাব্যস্ত কৰি তোলে। আল্লাহ আৰু তেওঁৰ ৰাছুলে দিয়া সংবাদৰ ক্ষেত্ৰত এনে হোৱাটো একেবাৰে অসম্ভৱ
যি ব্যক্তি এই দাবী কৰে যে, আল্লাহ তআলাৰ কিতাব(কোৰআন)ত অথবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাতত নাইবা উভয়টোতে পৰস্পৰ বিৰোধিতা আছে, তেন্তে এই দাবী হব তাৰ অসৎ উদ্দেশ্য বা তাৰ অন্তৰত বিদ্যমান থকা বক্রতাৰ কাৰণে। গতিকে আল্লাহ তাআলাৰ ওচৰত তাৰ তাওবা কৰা আৰু লগে লগে তাৰ এই ভ্রান্তি আৰু ভ্ৰষ্টতা পৰিত্যাগ কৰা উচিৎ।
যদি কোনো ব্যক্তি সন্দেহ পোষন কৰে যে, আল্লাহৰ কিতাবত অথবা নবীৰ ছুন্নতত অথবা উভয়টোতে পৰস্পৰ বিৰোধিতা আছে, তেন্তে তাৰ মাজত জ্ঞানৰ অভাৱ অথবা বুজিবলৈ সক্ষম নহয় অথবা তাৰ চিন্তা শক্তিত আছে অক্ষমতাগতিকে তাৰ বাবে উচিৎ জ্ঞান-সাধনা কৰাচিন্তা-ভাবনাৰ ক্ষেত্রত আৰু অধ্যাৱসায়ী হোৱা দৰকাৰযাতে তাৰ ওচৰত সত্য স্পষ্ট হয়ৰু যদি কোনো বিষয় তাৰ ওচৰত সুস্পষ্ট নহয়, তেনেহলে বিষয়টো কোনো আলিমৰ ওচৰত উপস্থাপন কৰা উচিৎ। সংশয়ৰ পথ পৰিত্যাগ কৰা উচিৎ। এনে অৱস্থাত তাৰ সেইটোৱে কোৱা উচিৎ যিটো জ্ঞানী-গুণী অভিজ্ঞ ব্যক্তি সকলে কয়।
﴿ءَامَنَّا بِهِۦ كُلّٞ مِّنۡ عِندِ رَبِّنَاۗ﴾ [آل عمران: 7]
ইয়াৰ প্রতি আমি ঈমান আনিছোঁইয়াৰ সকলো (আয়াত) আমাৰ ৰব (প্ৰভু)ৰ পৰা আহিছে[আল ইমৰা: ৭]

তাৰ জনা উচিৎ যে, কোৰআন আৰু ছুন্নতত কোনো পাৰস্পৰিক বিৰোধিতা নাই। এই দুয়োৰ মাজত কোনো বিপৰীত বা বিৰোধিতা নাই।

0 comments:

Post a Comment

 
Template designed by Rafique Habib