Wednesday 8 April 2015

আহলে ছুন্নত ওৱাল জামাআতৰ আক্বিদা ৫খণ্ড

ফিৰিস্তা সকলৰ প্ৰতি ঈমান
আমি আল্লাহ তাআলাৰ ফিৰিস্তাসকলৰ প্রতি বিশ্বাস পোষণ কৰোঁৰু ঈমান ৰাখোঁ যে
﴿عِبَادٞ مُّكۡرَمُونَ ٢٦ لَا يَسۡبِقُونَهُۥ بِٱلۡقَوۡلِ وَهُم بِأَمۡرِهِۦ يَعۡمَلُونَ ٢٧﴾ [الأنبياء: 26-27]
সিহঁত আল্লাহৰ সম্মানিত বান্দাহ (দাস)সিহঁতে তেওঁৰ আগ ধৰি নামাতেসিহঁত কেৱল সেইটোৱে কৰে যিটো তেওঁ আদেশ কৰে” [আম্বিয়া: ২৬, ২৭]
 আল্লাহ তাআলা সিহঁতক সৃষ্টি কৰিছেসিহঁত তেওঁৰ ইবাদততেই মগ্ন আৰু তেওঁৰেই আনুগত্য নিয়োজিত।
﴿لَا يَسۡتَكۡبِرُونَ عَنۡ عِبَادَتِهِۦ وَلَا يَسۡتَحۡسِرُونَ ١٩ يُسَبِّحُونَ ٱلَّيۡلَ وَٱلنَّهَارَ لَا يَفۡتُرُونَ ٢٠﴾ [الأنبياء: 19- 20]
সিহঁত আল্লাহৰ ইবাদত কৰিবলৈ অহংকাৰ নকৰেক্লান্তও নহয়দিনে ৰাতি তেওঁৰেই তাছবীহ পাঠ কৰাত ব্যস্ত থাকে, অলপো অলসতা নকৰে” [আম্বিয়া: ১৯-২০]
আল্লাহ তাআলা সিহঁতক আমাৰ চকুৰ আঁতৰ কৰি ৰাখিছে, ফলত আমি সিহঁতক দেখা নাপাওঁ আকৌ কোনো কোনো সময়ে আল্লাহ তাআলা তেওঁৰ কিছুমান বান্দাহৰ বাবে সিহঁতৰ পৰ্দা উন্মুক্ত কৰি দিয়ে যেনে ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে জিব্ৰীল আলাইহিছ ছালামক তেওঁৰ প্ৰকৃত ৰূপত দেখিছিল, তেওঁৰ ছশ পাখী আছে যিবোৰে আকাশমণ্ডল ঢাকি পেলাইছিল [বুখাৰী]এইদৰে জিব্ৰীল আলাইহিচ ছালাম মৰিয়ম আলাইহাছ ছালামৰ ওচৰত পূৰ্ণাঙ্গ মানুহৰ আকৃতিত আত্মপ্রকাশ কৰিছিল। তেতিয়া মৰিয়ম আলাইহাছ ছালামে তেওঁৰ লগত কথা পাতিছিল আৰু তেওঁৱো মাৰিয়ম আলাইহাছ ছালামৰ লগত কথা কৈছিল। আৰু এবাৰ এজন অপৰিচিত মানুহৰ ৰূপত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহিছিলছাহাবা সকল তেতিয়া তেওঁৰ ওচৰতেই অৱস্থান কৰিছিল কোনেও চিনি পোৱা নাছিল, তেওঁৰ লগত ভ্ৰমনৰ কোনো চিহ্নও নাছিল তেওঁৰ কাপোৰ আছিল অতি বগাআৰু চুলিবোৰ আছিল কিচকিচীয়া কলাজিব্ৰীল আলাইহিছ ছালাম তেওঁৰ নিজ আঠু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আঠুৰ লগত মিলাই বহিলেেওঁৰ হাত দুখন দুই উৰুৰ ওপৰত ৰাখি ৰাছুলুল্লা চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখামুখি বহিলোৰ পিছত এজনে আনজনক লক্ষ্য কৰি কথাপোকথন আৰম্ভ কৰিলেনবী চাল্লাল্লাহু আলাইহি অছাল্লাম ছাহাবায়ে কেৰামক জনালে যে, তেওঁ আছিল জিব্ৰীল [আলাইহিচ ছালাম] [বুখাৰী]
আমি বিশ্বাস কৰোঁ যে, ফিৰিস্তাসকলক বিভিন্ন কামৰ দায়িত্ব দিয়া হৈছে। যেনে জিব্ৰীল [আলাইহিচ ছালাম]ৰ দায়িত্ব হৈছে, আল্লাহ তাআলাৰ তৰফৰ পৰা তেওঁৰ ইচ্ছা অনুযায়ী নবী আৰু ৰাছুলসকলৰ প্রতি অহী লৈ অৱতীৰ্ণ হোৱা
মীকাঈল [আলাইহিচ ছালাম]ৰ দায়িত্ব হৈছে, বৰষুণ, তৃণ-লতা আৰু শাক-পাচলী উৎপাদনৰ কাম সম্পাদন কৰা
ইচৰাফীল [আলাইহিচ ছালাম]ৰ দায়িত্ব হৈছে, কিয়ামত বা পুনৰুত্থানৰ সময়ত শিঙাত ফুঁ দিয়া।
মালাকুল মাওত [আলাইহিচ ছালাম]ৰ দায়িত্ব হৈছে, মৃত্যূৰ সময়ত ৰুহকবয কৰাএনেকৈ পাহাড়-পৰ্বতত আন আন ফিৰিস্তা সকল নিয়োজিত আছে। আকৌ জাহান্নামৰ ৰক্ষক হিচাপে নিয়োজিত আছে এজন ফিৰিস্তা
কিছুমান ফিৰিস্তা মাতৃগৰ্ভত থকা সন্তানৰ দায়িত্বত নিয়োজিত। আৰু কিছু সংখ্যক ফিৰিস্তা এনেকুৱা আছে যিহঁতে আদম সন্তানৰ ৰক্ষণাবেক্ষণ কৰেফিৰিস্তা সকলৰ মাজত কিছুমান এনেকুৱাও আছে যিহঁত মানুহৰ আমলনামা লিখাত নিয়োজিত। প্রতিজন মানুহৰ লগত দুজনকৈ ফিৰিস্তা নিয়োজিত আছে।
﴿عَنِ ٱلۡيَمِينِ وَعَنِ ٱلشِّمَالِ قَعِيدٞ ١٧ مَّا يَلۡفِظُ مِن قَوۡلٍ إِلَّا لَدَيۡهِ رَقِيبٌ عَتِيدٞ ١٨﴾ [ق: 17-18]
সোঁ ফালে আৰু বাওঁ ফালে বহি সিহঁতে প্রতিটো কাম লিপিবদ্ধ কৰেনে কোনো শব্দ বান্দাৰ মুখেৰে উচ্চাৰিত নহয় যিটো সংৰক্ষণৰ বাবে স্থায়ী পৰ্যবেক্ষণকাৰী নাই।” [ক্বাফ : ১৭-১৮]
আৰু এনে কিছু সংখ্যক ফিৰিস্তা আছে যিহঁতে মৃত ব্যক্তিক কবৰত ৰখাৰ পিছত প্ৰশ্ন কৰেতাৰ ওচৰত দুজন ফিৰিস্তা আহেসিহঁতে মৃত ব্যক্তিক তেওঁৰ ৰব (প্ৰভু), দ্বীন আৰু নবী সম্পৰ্কে প্রশ্ন কৰে
﴿يُثَبِّتُ ٱللَّهُ ٱلَّذِينَ ءَامَنُواْ بِٱلۡقَوۡلِ ٱلثَّابِتِ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَفِي ٱلۡأٓخِرَةِۖ وَيُضِلُّ ٱللَّهُ ٱلظَّٰلِمِينَۚ وَيَفۡعَلُ ٱللَّهُ مَا يَشَآءُ ٢٧﴾ [إبراهيم: 17]
তেতিয়া ঈমানদাৰ সকলক আল্লাহ তাআলা এক প্রতিষ্ঠিত আৰু প্রমাণিত কথাৰ ভিত্তিত পৃথিৱী আৰু পৰকালৰ উভয় স্থানত প্রতিষ্ঠা দান কৰেৰু অন্যায়কাৰী লোকসকলক আল্লাহ বিভ্রান্ত কৰি দিয়েআল্লাহ যি ইচ্ছা সেইটোৱে কৰে” [ইব্ৰাহীম: ২৭]
জান্নাতী সকলৰ বাবেও কিছু সংখ্যক ফিৰিস্তা নিয়োজিত আছে।
﴿يَدۡخُلُونَ عَلَيۡهِم مِّن كُلِّ بَابٖ ٢٣ سَلَٰمٌ عَلَيۡكُم بِمَا صَبَرۡتُمۡۚ فَنِعۡمَ عُقۡبَى ٱلدَّارِ ٢٤﴾ [الرعد: 23-24]
সিহঁত জান্নাতী সকলৰ অভিবাদনৰ বাবে চাৰিওফালৰ পৰা আহিব (আৰু কব) তোমালোকৰ প্রতি শান্তি বৰ্ষিত হওক। (তোমালোকে পৃথিৱীত) ধৈৰ্য ধাৰণ কৰাৰ ফলত আজি তোমালোকে এই পুৰস্কাৰৰ অধিকাৰী হৈছা” [ৰা‘দ: ২৩-২৪]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাই দিছে যে, “আল-বাইতুল মামুৰ আকাশত অৱস্থিত যত প্রতিদিনে সত্তোৰ হাজাৰ ফিৰিস্তা প্রৱেশ কৰে আন এটা বৰ্ণনাত আছে নামাজ পঢ়ে(সিহঁতৰ সংখ্যা ইমান অধিক যে), এবাৰ যিয়ে প্ৰৱেশ কৰে সি দ্বিতীয়বাৰ তাত প্রৱেশ কৰাৰ সুযোগ নাপায়[বুখাৰী- মুছলিম]



0 comments:

Post a Comment

 
Template designed by Rafique Habib